Maharashtra and Jharkhand Assembly Election Results 2024 LIVE:মহাৰাষ্ট্ৰত মহাযুটী, ঝাৰখণ্ডত JMM মিত্ৰজোঁটৰ চৰকাৰ
Maharashtra and Jharkhand Assembly Election Results 2024 LIVE Counting and Updates: আজি ঘোষণা হ'ব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।
আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল। মহাৰাষ্ট্ৰৰ ২৮৮ খন আসন আৰু ঝাৰখণ্ড বিধানসভাৰ মুঠ ৮১খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। আজি ভাগ্য নিৰ্ণয় হ’ব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ ৰাজনীতিৰ কেইবাগৰাকী ৰথী মহাৰথীৰ। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৪৯ খন আসনত, শিৱসেনাই ৮১ খন আসনত আৰু অজিত পাৱৰৰ নেতৃত্বত থকা এন চি পিয়ে ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বিৰোধিৰ ফালৰ পৰা কংগ্ৰেছে ১০১ খন আসনত, শিৱসেনা (ইউবিটি) ৯৫ খন আসন আৰু এন চি পি (এছ পি)য়ে ৮৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
LIVE NEWS & UPDATES
-
মহাৰাষ্ট্ৰত মহাযুটী, ঝাৰখণ্ডত JMM মিত্ৰজোঁটৰ চৰকাৰ
মহাৰাষ্ট্ৰত মহাযুটী, ঝাৰখণ্ডত JMM মিত্ৰজোঁটৰ চৰকাৰ। অৱশ্যে এতিয়াও নিৰ্বাচনী ফলাফলৰ আনুষ্ঠানিক ঘোষণা বাকী আছে। মহাৰাষ্ট্ৰত বিজেপিয়ে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। বিজেপিৰ নেতৃত্বত মহাৰাষ্ট্ৰত গঠন হ’ব চৰকাৰ। ইয়াৰ বিপৰীতে ঝাৰখণ্ডত জে এম এমৰ নেতৃত্বত গঠন হ’ব চৰকাৰ।
-
মুখ্যমন্ত্ৰী একনাথ সিন্দে কি ক’লে…
মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে কয় যে, ৰাইজে উত্তৰ দিলে যে বালচাহেব থাকৰেৰ বিচাৰধাৰাৰ শিৱসেনা কোনটো। বিৰোধিক কটাক্ষ কৰি সিন্দে কয় যে, বিৰোধী দলৰ মতে হাৰিলে ই ভি এম বেয়া, আৰু জিকিলে ই ভি এম ভাল।
-
জয়ৰ পাছতেই মহাযুতীৰ সংবাদমেল
জয়ৰ পাছতেই মহাযুতীৰ সংবাদমেল অনুষ্ঠিত হৈছে। অজিত পাৱাৰে কয় যে আমি অভিলেখ ভংগ কৰিছো। মোদী চৰকাৰ আমাৰ বাবে এক শক্তিশালী ভিত্তি। মহাৰাষ্ট্ৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনে জয় দেখা গৈছে। মহাৰাষ্ট্ৰৰ ৰাইজে উন্নয়ন দেখি মহাযুতিক সফল কৰি তুলিলে। প্যাৰী বেহেন আঁচনিখন গেম চেঞ্জাৰ বুলি প্ৰমাণিত হ’ল। বিৰোধী ভাঙি পৰিল।
-
মুখ্যমন্ত্ৰী পদক লৈ কি ক’লে দেবেন্দ্ৰ ফানড়াবিছে
দেৱেন্দ্ৰ ফাড়নবিছে কয় যে মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত কোনো বিবাদ নাই। ইতিমধ্যে অমিত শ্বাহে কৈছে যে নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত লোৱা হ’ব। জ্যেষ্ঠ নেতাই যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াই চূড়ান্ত সিদ্ধান্ত হ’ব।
-
কল্পনা সোৰেনৰ মন্তব্য
জয় লাভ কৰাৰ পাছতেইকল্পনা সোৰেনে কয় যে বিজয়ৰ কৃতিত্ব সেইসকলৰ বাবে যিসকলে প্ৰথমে প্ৰেম আৰু বিশ্বাস দেখুৱাইছিল। সকলোৰে মৰম আৰু আশীৰ্বাদ এনেদৰেই থাকক।
-
মই এজন আধুনিক অভিমন্যু, যিয়ে চক্ৰব্যুহত ভেদ কৰিব জানেঃ দেৱেন্দ্ৰ ফাড়নাবিছ
দেৱেন্দ্ৰ ফাড়নবিছে কয় যে সকলো সাধুৰ আশীৰ্বাদত এয়া সম্ভৱ হৈছে। একনাথ সিন্দে, অজিত পাৱাৰকে ধৰি সকলো সৰু সৰু দলৰ ঐক্য়ৰ এই জয়। পথ প্ৰদৰ্শনৰ বাবে অমিত শ্বাহ, ৰাজনাথ, নড্ডা, ভূপেন্দ্ৰ যাদৱ, গডকাৰী, পীযুষ গোৱাললৈ ধন্যবাদ। মই এজন আধুনিক অভিমন্যু, যিয়ে চক্ৰব্যুহত ভেদ কৰিব জানে আৰু মই ভেদ কৰিছো।
-
কংগ্ৰেছে ঝাৰখণ্ডত কোনো ধৰণৰ ৰিস্ক লোৱাৰ মুডত নাই
কংগ্ৰেছে ঝাৰখণ্ডত কোনো ধৰণৰ ৰিস্ক লোৱাৰ মুডত নাই। বিজয়ৰ ওচৰ চাপি অহা সকলো কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে যোগাযোগত আছে ইনচাৰ্জ গুলাম আহমেদ মিৰ। মিৰে সকলো সম্ভাৱ্য বিজয়ী প্ৰাৰ্থীক ৰাঁচীলৈ মাতিছে। তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী ভট্টি বিক্ৰমাৰ্কাই ৰাঁচীত শিবিৰ পাতিছে।
-
এয়াই ঐক্যৰ জয়ঃ দেৱেন্দ্ৰ ফাদনবিছ
দেৱেন্দ্ৰ ফাদনবিছে কয় যে, মহাৰাষ্ট্ৰৰ বাৰ্তা হ’ল যদি আমি একত্ৰিত হওঁ তেন্তে আমি সুৰক্ষিত। মেৰুকৰণৰ প্ৰচেষ্টা বিফল হ’ল। আমি একেলগে কাম কৰিছিলো। এয়া একতাৰ জয়।
-
আদিত্য থাকৰেৰ জয়
ৱৰলীৰ পৰা ৮১০০ ভোটত জয়ী হৈছে আদিত্য থাকৰে। একে সময়তে ৰাজ থাকৰেৰ পুত্ৰ অমিত থাকৰে মহিমৰ আসনৰ পৰা পৰাস্ত হৈছে।
-
কল্পনা সোৰেনৰ অগ্ৰগতি
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত অগ্ৰগতি লাভ কৰিছে কল্পনা সোৰেনে। ৩০৮টা ভোটেৰে আগবাঢ়ি আছে কল্পনা। আৰু ৮টা ৰাউণ্ড গণনা বাকী আছে।
-
২৬ নৱেম্বৰত মহাৰাষ্ট্ৰত গঠন হ’ব পাৰে নতুন চৰকাৰ
২৬ নৱেম্বৰত মহাৰাষ্ট্ৰত গঠন হ’ব পাৰে নতুন চৰকাৰ। মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা দেৱেন্দ্ৰ ফাড়নাবিছৰ। একাংশই ফাড়নাবিছক মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ দাবী জনাইছে।
-
চামগুৰিত বিজেপি প্ৰাৰ্থীৰ বৃহৎ অগ্ৰগতি
চামগুৰিত ৯,৪৪৬ ৰো অধিক ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থীৰ। অভিলেখ সৃষ্টিৰে চামগুৰিত জয়ৰে দিশে দিপ্লুৰঞ্জন শৰ্মা।
-
ঝাৰখণ্ডত JMM ৰ ঐতিহাসিক জয়
ঝাৰখণ্ডত ঐতিহাসিক জয় জেএমএম মিত্ৰজোঁটৰ। ৫৪খন আসনত আগবাঢ়ি আছে জেএমএম-কংগ্ৰেছ মিত্ৰতা। আনহাতে ২৬ খন আসনত আগবাঢ়ি আছে বিজেপি। ঝাৰখণ্ডত প্ৰায় নিশ্চিত হৈছে জে এম এম নেতৃত্বাধীন চৰকাৰ।
-
মহাৰাষ্ট্ৰ-ঝাৰখণ্ডৰ পৰিস্থিতি
মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল স্পষ্ট হৈ পৰিছে। ঝাৰখণ্ডত কামত নাহিল বিজেপিৰ প্ৰচাৰ। ২৪ বছৰৰ অন্তত একেৰাহে দুবাৰকৈ চৰকাৰ গঠন কৰিব হেমন্ত ছোৰেনে।
-
মহাৰাষ্ট্ৰত মহাযুটীৰ বৃহৎ জয়
মহাৰাষ্ট্ৰত মহাযুটীৰ বৃহৎ জয়। ইতিমধ্যে সমৰ্থকসকলৰ মাজত দেখা গৈছে বিজয় উৎসৱ। একনাথ সিন্দে আৰু দেৱেন্দ্ৰ ফানডাবিছে আবেলি ৩ বজাত সংবাদমেল সম্বোধন কৰিব।
-
ঝাৰখণ্ডত জে এম এম সমৰ্থকৰ মাজত আনন্দ
ঝাৰখণ্ডত ৫১খন আসনত আগবাঢ়ি আছে জেএমএম মিত্ৰজোঁট। যাৰ বাবে সমৰ্থকসকলৰ মাজত দেখা গৈছে আনন্দৰ জোৱাৰ।
#WATCH | Ranchi | JMM workers celebrate as the JMM-led alliance is leading in 51 seats in Jharkhand pic.twitter.com/Cojdab8vlr
— ANI (@ANI) November 23, 2024
-
কল্পনা সোৰেনে কি ক’লে…
গণ্ডেয়া বিধান সভা সমষ্টিৰ পৰা জে এম এম প্ৰাৰ্থী কল্পনা সোৰেনৰ ভোটগণনা এতিয়াও অব্যাহত আছে । তেওঁ কয় যে, যিহেতু আমি ইমান দিন অপেক্ষা কৰি আহিছো, গতিকে আৰু কেইঘণ্টামান অপেক্ষা কৰা উচিত। আৰু ২ৰ পৰা ৩ ঘণ্টা অপেক্ষা কৰক। ফলাফল ওলাই পৰিব।
-
বিজেপি নেতা কেশৱ প্ৰসাদ মৌৰ্যৰ মন্তব্য
বিজেপি নেতা কেশৱ প্ৰসাদ মৌৰ্যই কয় যে যদি এক হৈ থাকিলে সুৰক্ষিত থাকে, এক হৈ থাকিলে জয়ীও হয়। মহাৰাষ্ট্ৰত এন ডি এৰ জয় নিশ্চিত হোৱাৰ পাছতেই এই মন্তব্য নেতাগৰাকীৰ।
-
‘মোদী থাকিলে সকলো সম্ভৱ’
মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফলৰ মাজতে দেৱেন্দ্ৰ ফানডাবিছে টুইট কৰে যে, মোদী থাকিলে সকলো সম্ভৱ। উল্লেখ্য যে, মহাৰাষ্ট্ৰত মহাযুতীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।
-
ঝাৰখণ্ডত কোনে লাভ কৰিছে কিমান আসন?
ঝাৰখণ্ডত নিৰ্বাচনী ফলাফল সঘনাই সলনি হৈ আছে। জেএমএমতকৈ আগুৱাই গৈছে বিজেপি। বিজেপিয়ে ৩০খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে জেএমএম ২৬খন আসনত আগবাঢ়ি আছে। অৱশ্যে মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে জেএমএম।
-
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কি কয়?
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে কয় যে, এয়া ডাঙৰ জয়। আমি আগতেই কৈছিলো যে মহাৰাষ্ট্ৰত মহাযুতিয়ে জয় লাভ কৰিব। সকলো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী সন্দৰ্ভত তেওঁ কয় যে এই সন্দৰ্ভত তিনিটা দলে একেলগে এই সিদ্ধান্ত ল’ব।
-
মহাৰাষ্ট্ৰ- ঝাৰখণ্ডত সলনি নহয় চৰকাৰ
মহাৰাষ্ট্ৰ- ঝাৰখণ্ডত সলনি নহয় চৰকাৰ। দুয়োখন ৰাজ্যতে শাসকীয় পক্ষই ভাল প্ৰদৰ্শন দেখুওৱা পৰিলক্ষিক হয়। মহাৰাষ্ট্ৰত এন ডি এ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে ঝাৰখণ্ডত জে এম এমৰ মিত্ৰজোটে সংখ্যা গৰিষ্ঠতা লাভ কৰিছে।
-
একনাথ সিন্দেৰ ঘৰৰ বাহিৰত সমৰ্থকৰ ভিৰ
মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ঘৰৰ বাহিৰত সমৰ্থকৰ ভিৰ। সমৰ্থকসকলে অভিনন্দন জনাইছে সিন্দেক। আনহাতে, মহাৰাষ্ট্ৰৰ বিজেপি নেতা প্ৰবীণ দাৰেকাৰে দেৱেন্দ্ৰ ফানডাবীছক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ দাবী জনাইছে।
-
মহাৰাষ্ট্ৰত কোনে পালে কিমান আসন?
- বিজেপি- ১৩০
- শিৱসেনা (সিন্দে ফৈদ)- ৫৬
- এন চি পি(অজিত গোট)- ৩৫
- কংগ্ৰেছ- ১৯
- শিৱসেনা (ইউবিটি) – ১৬
- এন চি পি(শ্বাৰদ ফ্যাকচন)-১৩
-
মহাৰাষ্ট্ৰৰ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীয়ে কি ক’লে?
মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে কয় যে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল আমাৰ আশাৰ বিপৰীত। আমি যে ইয়াতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰিলোহেঁতেন তাত কোনো সন্দেহ নাই। লগতে আমি সুখী যে আমি ঝাৰখণ্ডত ভাল প্ৰদৰ্শন আগবঢ়াইছো।
-
JMM ৰ সংখ্যাগৰিষ্ঠতা লাভ
নিৰ্বাচন আয়োগৰ চৰকাৰী তথ্য অনুসৰি জেএমএম নেতৃত্বাধীন মিত্ৰজোটে ঝাৰখণ্ডত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। ৮১খন আসনৰ ভিতৰত ৫১খন আসনত আগবাঢ়ি আছে জে এম এম মিত্ৰদলে।
-
মহাৰাষ্ট্ৰত হাতৰ পৰা যাব নেকি একনাথ সিন্দেৰ চকী?
খ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী উত্থাপন হৈছে। বিজেপি নেতা প্ৰবীণ দাৰেকাৰে কয় যে ৰাজ্য আৰু কেন্দ্ৰ উভয়তে বিজেপি চৰকাৰ হ’লে মহাৰাষ্ট্ৰ আৰু অধিক অগ্ৰগতি লাভ কৰিব। এই কাৰণেই ৰাইজে আমাক ভোট দিছে। গতিকে মহাৰাষ্ট্ৰত বিজেপিৰ নেতা মুখ্যমন্ত্ৰী হ’ব লাগে।
-
মহাৰাষ্ট্ৰত ২১৬ লৈ বৃদ্ধি এন ডি এৰ আসন
মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে এন ডি এৰ সংখ্যা।এন ডি এৰ আসন ২১৬ লৈ বৃদ্ধি পাইছে। আনহাতে, এমভিএ ৫৯খন আসনত আগবাঢ়ি আছে। লগতে অন্যই ১৩খন আসনত আগবাঢ়ি আছে। ইয়াৰ মাজতে শিৱসেনাৰ সঞ্জয় ৰাউতে কয় যে কৰবাত কিবা খেলি- মেলি হৈছে। এয়া জনতাৰ সিদ্ধান্ত নহয়।
-
ঝাৰখণ্ডত কংগ্ৰেছৰ বৈঠক
ঝাৰখণ্ডত জেএমএম মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত ৰাঁচীত চলি আছে কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক। ৪৭খন আসনত আগবাঢ়ি আছে জেএমএম মিত্ৰজোঁট। একে সময়তে ৩১খন আসনত আগবাঢ়ি আছে বিজেপিৰ মিত্ৰতা।
-
মহাৰাষ্ট্ৰ- ঝাৰখণ্ডৰ ৰাজনীতিত ডাঙৰ পৰিবৰ্তন
মহাৰাষ্ট্ৰত বিজেপিয়ে ইতিহাস সৃষ্টি কৰাৰ বিপৰীতে হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত ২৪ বছৰীয়া পৰম্পৰা ভংগ কৰিছে। মহাৰাষ্ট্ৰত বিজেপিয়ে ১২৬খন আসন লাভ কৰাৰ দিশে গতি কৰিছে। ইয়াৰ পূৰ্বে ২০১৪ চনত বিজেপিয়ে ১২২ খন আসন লাভ কৰিছিল।
ইয়াৰ বিপৰীতে ঝাৰখণ্ডত হেমন্ত ছ’ৰেনে ২৪ বছৰৰ পৰম্পৰা ভংগ কৰিবলৈ ওলাইছে। কিয়নো ইয়াত কেতিয়াও এখন চৰকাৰে একেৰাহে দুবাৰ ৰাজত্ব নকৰে। ২৪ বছৰৰ অন্তত একেৰাহে দ্বিতীয়বাৰৰ বাবে হেমন্ত ছ’ৰেনে চৰকাৰ গঠন কৰিবলৈ ওলাইছে।
-
ঝাৰখণ্ডত পিছ পৰি ৰ’ল বিজেপি…
ঝাৰখণ্ডত জেএমএম সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। ৩০ খন আসনত আগবাঢ়ি আছে জে এম এম। একে সময়তে ২৪ খন আসনত বিজেপি, ১২ খন কংগ্ৰেছ, ৬ খন আসনত আৰজেডি, ২ খন আজছু, ২ খন আসনত চিপিআই(এমএল) (L), ১ খন আসনত জেএলকেএম।
-
মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ শেহতীয়া পৰিস্থিতি
মহাৰাষ্ট্ৰত এন ডি এয়ে ২০০ৰ সীমা অতিক্ৰম কৰিছে। ২০৩খন আসনত NDA আগবাঢ়ি আছে। আনহাতে, এমভিএ ৭২খন আসনত আগবাঢ়ি আছে। অন্যই ১৩খন আসনত আগবাঢ়ি আছে।
ঝাৰখণ্ডত ৩২খন আসনত বিজেপি মিত্ৰজোঁট আৰু ৪৬খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ মিত্ৰজোঁট।
-
NDA ক পিছ পেলাই ঝাৰখণ্ডত JMM আগত
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কংগ্ৰেছ-জেএমএমৰ মিত্ৰতাই ৩৩খন আসনত আগবাঢ়ি আছে। একে সময়তে এন ডি এয়ে ১৯খন আসনত অগ্ৰগতি লাভ কৰিছে। সংখ্যাগৰিষ্ঠতা পোৱাৰ দিশে জেএমএম মিত্ৰতা।
-
ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত কোন আগত?
মহাৰাষ্ট্ৰত ১৬৪খন আসনত আগবাঢ়ি আছে এন ডি এ। ৯৯খন আসনত আগবাঢ়ি আছে এমভিএ। অন্যান্যই ১৬খন আসনত আগবাঢ়ি আছে।
একে সময়তে ঝাৰখণ্ডত ৩৭খন আসনত বিজেপি মিত্ৰজোঁট আৰু ৩৮খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ মিত্ৰজোঁট।
-
মহাৰাষ্ট্ৰত বিজেপিৰ সংখ্যাগৰিষ্ঠতা
মহাৰাষ্ট্ৰত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ১৫৩খন আসনত বিজেপিয়ে আগবাঢ়ি আছে। ১১৪খন আসনত আগবাঢ়ি আছে এমভিএ। একে সময়তে ঝাৰখণ্ডত ৪০খন আসনত বিজেপি মিত্ৰজোঁট আৰু ৩৮খন আসনত কংগ্ৰেছ মিত্ৰজোঁট আগবাঢ়ি আছে। অৱশ্যে সঘনাই সলনি হৈ আছে দৃশ্যপট।
-
মহাৰাষ্ট্ৰৰ শেহতীয়া পৰিস্থিতি
- ৩৯০০ ভোটত আগবাঢ়ি আছে ধৰাৱীৰ পৰা জ্যোতি গাইকৱাদ
- ৪৪০০ ভোটত আগবাঢ়ি আছে নিতেশ ৰাণে
- পিছ পৰি আছে অমিত থাকৰে
- ৩৭৯০ ভোটত আগবাঢ়ি আছে জিতেন্দ্ৰ আৱহাদ
- ৩ হাজাৰ ভোটত আগবাঢ়ি দেৱেন্দ্ৰ ফানডাবিজ
- একনাথ শিণ্ডে ৪২৩১ ভোটত আগবাঢ়ি আছে
- অজিত পাৱাৰ ৩৬২৩টা ভোটত আগবাঢ়ি আছে
-
কোন আগত?
মহাৰাষ্ট্ৰত এন ডি এ ১৩৭ খন আসনত আগবাঢ়ি আছে, এম ভি এ ১২৫ খন আসনত আগবাঢ়ি আছে। আনহাতে ঝাৰখণ্ডত ৩৬খন আসনত বিজেপি মিত্ৰজোঁট আৰু ২৯খন আসনত কংগ্ৰেছ মিত্ৰজোঁট আগবাঢ়ি আছে। এতিয়ালৈকে কোনো দলে সংখ্যাগৰিষ্ঠতা পোৱা নাই।
-
মহাৰাষ্ট্ৰত কোন আগত?
মহাৰাষ্ট্ৰত এন ডি এ আৰু এম ভি এৰ মাজত তীব্ৰ যুঁজ দেখা গৈছে। ১৩২খন আসনত আগবাঢ়ি আছে এন ডি এ। আনহাতে, এমভিএ ১২২খন আসনত আগবাঢ়ি আছে। অন্যই ১০খন আসনত আগবাঢ়ি আছে।
-
মহাৰাষ্ট্ৰ, ঝাৰখণ্ডত কোন আগত?
মহাৰাষ্ট্ৰৰ ২৬৫খন আসনত ১৩২খন আসনত বিজেপি মিত্ৰজোঁট আৰু ১২৩খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ মিত্ৰজোঁট। একে সময়তে ঝাৰখণ্ডত ৩৪খন আসনত বিজেপি মিত্ৰজোঁট আৰু ২৭খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে।
-
মহাৰাষ্ট্ৰত NDA ৰ অগ্ৰগতি
মহাৰাষ্ট্ৰৰ ২০৮ খন আসনৰ ভোট গণনা চলি আছে। শেহতীয়া তথ্য অনুসৰি ১০৮খন আসনত এন ডি এ আৰু ৯৪খন আসনত আগবাঢ়ি আছে এম ভি এ (Maha Vikas Aghadi)।
-
কাৰ, ক’ত অগ্ৰগতি?
মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত দেখা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। মহাৰাষ্ট্ৰত ২১৪খন আসনৰ ১১৩খন আসনত এন ডি এ আৰু ৯৫খন আসনত আগবাঢ়ি আছে এম ভি এ। আনহাতে ঝাৰখণ্ডত ৩১খন আসনত বিজেপি মিত্ৰজোঁট আৰু ২৬খন আসনত কংগ্ৰেছ মিত্ৰজোঁট আগবাঢ়ি আছে।
-
মহাৰাষ্ট্ৰৰ পৰিস্থিতি কি ?
মহাৰাষ্ট্ৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা হৈছে। বৰ্তমানৰ তথ্য অনুসৰি ৭২ খন আসনত এন ডি এ, ৫৯ খন এম ভি এ আসনত আগবাঢ়ি আছে। বাৰামাটিৰ পৰা আগবাঢ়ি আছে অজিত পাৱাৰ। শইনা এন চিও আগবাঢ়িছে।
-
কোনখন ৰাজ্যত কোন আগত ?
মহাৰাষ্ট্ৰত ১০১খন আসনৰ ভোট গণনাৰ তথ্যত ৫৯খন আসনত এন ডি এ আৰু ৪১খন আসনত এম ভি এ আগবাঢ়ি আছে। ঝাৰখণ্ডত ১৬খন আসনত বিজেপি মিত্ৰজোঁট আৰু ১২খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ মিত্ৰজোঁট।
-
কোন আগত?
মহাৰাষ্ট্ৰত আহিছে ৭৪খন আসনৰ ট্ৰেণ্ড। ৪৫খন আসনত এন ডি এ আৰু ৩০খন আসনত আগবাঢ়ি আছে এম ভি এ। ঝাৰখণ্ডত ১০খন আসনৰ গণনাত ৬ খন আসনত বিজেপি মিত্ৰজোঁট আৰু ৩ খন আসনত কংগ্ৰেছ মিত্ৰজোঁট আগবাঢ়ি আছে। অৱশ্যে শীঘ্ৰেই সলনি হৈ আছে দৃশ্যপট।
-
মহাৰাষ্ট্ৰত ভোট গণনা আৰম্ভ
মহাৰাষ্ট্ৰত আৰম্ভ হৈছে ভোট গণনা। মহাৰাষ্ট্ৰৰ ৬ খন আসনত আগবাঢ়ি আছে এন ডি এ। আনহাতে কংগ্ৰেছৰ মিত্ৰতা ৪খন আসনত আগবাঢ়ি আছে। বাৰামাটিৰ পৰা পিছ পৰি আছে অজিত পাৱাৰ।
-
ঝাৰখণ্ডত ভোট গণনা আৰম্ভ
ঝাৰখণ্ডত আৰম্ভ হৈছে ভোটগণনা। প্ৰথম ডাক বেলট গণনা কৰা হৈছে। ইয়াৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ’ব। ঝাৰখণ্ডত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। । ট্ৰেণ্ডত এন ডি এ দুখন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ মিত্ৰজোঁটে দুখন আসনত আগবাঢ়ি আছে। অৱশ্যে বৰ্তমান ডাক বেলটৰ গণনা চলি আছে।
-
মূল যুঁজ কাৰ মাজত
ঝাৰখণ্ডত শাসকীয় দলৰ লগত এইবাৰ এন ডি এৰ মূল যুঁজ হ’ব বুলি আশা কৰা হৈছে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাজনীতিত কিছুমান ডাঙৰ পৰিবৰ্তন দেখা গৈছিল। হেমন্ত সোৰেন জেলৰ পৰা ওলাই অহাৰ পাছত চম্পাই সোৰেনক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিয়া হৈছিল। অপমানত দগ্ধ হৈ এইগৰাকী নেতাই পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল। গতিকে এই দিশটোৱে হেমন্ত সোৰেনৰ দল জে এম এম বা ইণ্ডিয়াৰ ওপৰত কিছু প্ৰভাৱ পেলাব পাৰে বুলি আশা কৰা হৈছে।
-
ঝাৰখণ্ড বিধানসভা নিৰ্বাচন
এইবাৰ ঝাৰখণ্ডত এন ডি এৰ ফালৰ পৰা বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৬৮ খন আসনত, এ জে এছ ইউয়ে ১০ খন, জে ডি ইউয়ে ২ খন আৰু লোক জনশক্তি (ৰাম বিলাস)দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে ইণ্ডিয়া গোটৰ পৰা জে এম এময়ে ৪৩ খন আসনত, কংগ্ৰেছে ৩০ খন আসনত,আৰ জে ডিয়ে ৬ খন, চি পি আই (এম এল)য়ে ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
Published On - Nov 23,2024 8:12 AM