5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সলনি হ’ব ভাগ্য! কাৰ হাতলৈ যাব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বাঘজৰী?

Maharashtra and Jharkhand Assembly Election Results: আজি ঘোষণা হ'ব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মহাৰাষ্ট্ৰৰ ২৮৮ খন আসন আৰু ঝাৰখণ্ড বিধানসভাৰ মুঠ ৮১খন আসনৰ বাবে ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।আজি ভাগ্য নিৰ্ণয় হ’ব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ ৰাজনীতিৰ কেইবাগৰাকী ৰথী মহাৰথীৰ।

সলনি হ’ব ভাগ্য! কাৰ হাতলৈ যাব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বাঘজৰী?
মহাৰাষ্ট্ৰ- ঝাৰখণ্ড
barasha-sarma
Barasha Sarma | Published: 23 Nov 2024 09:04 AM

আজি ঘোষণা হ’ব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মহাৰাষ্ট্ৰৰ ২৮৮ খন আসন আৰু ঝাৰখণ্ড বিধানসভাৰ মুঠ ৮১খন আসনৰ বাবে ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।আজি ভাগ্য নিৰ্ণয় হ’ব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ ৰাজনীতিৰ কেইবাগৰাকী ৰথী মহাৰথীৰ। ইতিমধ্যে ৰাজ্য দুখনত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

কেইবাগৰাকী বিশিষ্ট নেতা যেনে শাৰদ পাৱৰ, মুখ্যমন্ত্ৰী একনাথ সিন্দে, উদ্ধৱ থাকৰে, অজিত পাৱাৰ, দেবেন্দ্ৰ ফানডাবিজ আদিৰ ভাগ্য নিৰ্ণয় হ’ব। প্ৰতিটো দলে সকলো ধৰণ প্ৰচেষ্টাৰে মহাৰাষ্ট্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰায়েই সাল- সলনি দেখা যায়। কিছু বছৰ পূৰ্বে উদ্ধৱ থাকৰেৰ লগ এৰি একনাথ সিন্দে বিজেপিৰ লগ হৈছিল। গতিকে এইবাৰ উদ্ধৱ থাকৰে নিজৰ ক্ষমতা ঘূৰাই লোৱাৰ সকলো ধৰণৰ চেষ্টায়ে কৰিছে। ইয়াৰ বিপৰীতে বিজেপিৰ সহযোগত একনাথ সিন্দে নিজৰ আধিপত্য বজাই ৰখাৰ সকলো প্ৰয়াস অব্যাহত ৰাখিছে।

ইয়াৰোপৰি এই সময় অজিত পাৱাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰা। শাৰদ পাৱাৰৰ লগ এৰি উপ-মুখ্যমন্ত্ৰীৰ পদ লোৱা অজিৱ পাৱাৰে এইবাৰ নিৰ্বাচনৰ নিজৰ শক্তি প্ৰমাণ কৰিব লাগিব।এই ফলাফলে নেতাগৰাকীৰ ভৱিষ্যত সম্পৰ্কে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব।মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৪৯ খন আসনত, শিৱসেনাই ৮১ খন আসনত আৰু অজিত পাৱৰৰ নেতৃত্বত থকা এন চি পিয়ে ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বিৰোধিৰ ফালৰ পৰা কংগ্ৰেছে ১০১ খন আসনত, শিৱসেনা (ইউবিটি) ৯৫ খন আসন আৰু এন চি পি (এছ পি)য়ে ৮৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লক্ষণীয় এয়াই যে, মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ৫০ খনতকৈ অধিকখন আসনত শিৱসেনাই পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে যুঁজ দিব, আনহাতে ৩৭ খন আসনত দুয়ো পাৱাৰে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিব।

মহাৰাষ্ট্ৰৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৯.৭০ কোটি। ইয়াৰে পুৰুষ ৫ কোটি, মহিলা ভোটাৰ ৪.৬৯ কোটি, তৃতীয় লিংগৰ ভোটাৰ ৬১০১ , ১৮ আৰু ১৯ (প্ৰথমবাৰৰ বাবে ভোট দিয়া) ২২.২ লাখ, দিব্যাংগ ভোটাৰ ৬.৪১ লাখ । ৰাজ্যখনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ১০০১৮৬ টা।

ঝাৰখণ্ড নিৰ্বাচন

এইবাৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত হেমন্ত সোৰেনৰ নেতৃত্বাধীন দল জে এম এম তথা ইণ্ডিয়া আৰু এন ডি এৰ মাজত মূল যুঁজ হ’ব। এইবাৰ ঝাৰখণ্ডত এন ডি এৰ ফালৰ পৰা বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৬৮ খন আসনত, এ জে এছ ইউয়ে ১০ খন, জে ডি ইউয়ে ২ খন আৰু লোক জনশক্তি (ৰাম বিলাস)দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে ইণ্ডিয়া গোটৰ পৰা জে এম এময়ে ৪৩ খন আসনত, কংগ্ৰেছে ৩০ খন আসনত,আৰ জে ডিয়ে ৬ খন, চি পি আই (এম এল)য়ে ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

কিছুদিন পূৰ্বে পূৰ্বে ঝাৰখণ্ডৰ ৰাজনীতিত দেখা গৈছিল ডাঙৰ পৰিবৰ্তন। মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ হোৱাৰ পাছতেই চম্পাই সোৰেনে বিজেপিত লগ দিছিল। গতিকে এইগৰাকী নেতাৰ নিৰ্বাচন ফলাফলক লৈ চকু আছে বহুতৰ। এই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহু বিশিষ্ট নেতাই। গতিকে এতিয়া মাজত মাত্ৰ কিছু সময়, তাৰ পাছতেই পোহৰলৈ আহিব কাৰ হাতলৈ যায় ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ।

 

Latest News