শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লিভ-ইন ৰিলেচনে বিবাহৰ স্বীকৃতি পাব ! এই সন্দৰ্ভত কি ক’লে আদালতে?

এই আধুনিক সংস্কৃতিৰ লগত জড়িত হৈ থকা যুৱতীসকলক সুৰক্ষা দিয়াটোও প্ৰয়োজনীয় বুলি আদালতে কয়। গতিকে লিভ-ইন ৰিলেচনক গন্ধৰ্ব বিবাহ (প্ৰেম বিবাহ) হিচাপে স্বীকৃতি দিয়া প্ৰয়োজন।

লিভ-ইন ৰিলেচনে বিবাহৰ স্বীকৃতি পাব ! এই সন্দৰ্ভত কি ক’লে আদালতে?
Manas Borah
Manas Borah | Published: 20 Jan 2026 13:08 PM

লিভ-ইন ৰিলেচন বৰ্তমান এক পৰম্পৰাত পৰিণত হৈছে। ঘৰৰ পৰা বাহিৰত থকা যুৱক-যুৱতীসকলে প্ৰেমত পৰাৰ পাছতে লিভ-ইন ৰিলেচনৰ ফালে আগবাঢ়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এতিয়া এই লিভ-ইন ৰিলেইচনচিপক ‘Cultural Shock’ বুলি অভিহিত কৰিছে। লিভ-ইন ৰিলেচনত জড়িত মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে আদালতে। ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে, লিভ-ইন ৰিলেচনক প্ৰেম বিবাহৰ দৰে স্বীকৃতি দিয়াৰ প্ৰয়োজন।

শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ শ্ৰীমথীয়ে গোচৰৰ শুনানিত কয়, “ভাৰতীয় সমাজত লিভ-ইন ৰিলেচন এক ‘Cultural Shock’। কিন্তু, এয়া হৈয়েই আছে।” আদালতৰ বিচাৰপীঠে আৰু কয় যে, এগৰাকী যুৱতীয়ে নিজকে আধুনিক বুলি ভাবি লিভ-ইন ৰিলেচনত আহে। কিন্তু তাৰ পাছত তেওঁলোকে অনুভৱ কৰে যে, এই সম্পৰ্কত নিৰাপত্তাৰ কোনো নিশ্চয়তা নাই। বৈবাহিক জীৱনৰ দৰে নহয়। এই বাস্তৱতাই তেওঁলোকৰ মনত অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰে।

এই আধুনিক সংস্কৃতিৰ লগত জড়িত হৈ থকা যুৱতীসকলক সুৰক্ষা দিয়াটোও প্ৰয়োজনীয় বুলি আদালতে কয়। গতিকে লিভ-ইন ৰিলেচনক গন্ধৰ্ব বিবাহ (প্ৰেম বিবাহ) হিচাপে স্বীকৃতি দিয়া প্ৰয়োজন। ফলত লিভ-ইন ৰিলেচনত থকা মহিলাসকলে গন্ধৰ্ব বিবাহ অনুসৰি পত্নীৰ মৰ্যাদা লাভ কৰিব। প্ৰসংগক্ৰমে গন্ধৰ্ব বিবাহ মূলতঃ দৰা আৰু কইনাৰ পাৰস্পৰিক প্ৰেম আৰু সন্মতিৰ ভিত্তিত কৰা হয়। ইয়াত কোনো ধৰণৰ ৰীতি-নীতি বা অভিভাৱকৰ অনুমতিৰ প্ৰয়োজন নাই।

এজন ব্যক্তিয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ বাবে আবেদন কৰিছিল। বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব পাৰে বুলি তেওঁ আশংকা কৰিছিল। জানিব পৰা মতে, পুৰুষজনে বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। পিছত যেতিয়া পৰিয়ালটোৱে বিয়াত সন্মতি নিদিয়াত দুয়োজনে আন ঠাইলৈ গুচি গৈছিল। আৰু তাতে ঘৰ ভাড়া কৰি একেলগে থাকিবলৈ লয়।

যুৱতীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপে। ইয়াৰ পিছতে তদন্ত মৰ্মে আৰক্ষীয়ে দুয়োকে থানালৈ লৈ আহে। তাতে লোকজনে যুৱতীগৰাকীক বিয়া কৰাম বুলি কয়। এই কথাৰ বিৰোধিতা কৰিছিল লোকজনৰ পৰিয়ালে। আৰু ভাবুকি দিলে যে, বিয়া পাতিলে দুয়োজনকে হত্যা কৰিব।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দিয়া আবেদনত লোকজনে কয় যে, তেওঁৰ বিৰুদ্ধে বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ মিছা। তেওঁৰ আবেদনত তেওঁ কয় যে, তেওঁ যুৱতীগৰাকীৰ সৈতে বহু আগতেই সম্পৰ্ক বিচ্ছেদ কৰিছিল। তেওঁ দাবী কৰে যে, তেওঁ যুৱতীগৰাকীক বিয়া কৰাব বুলিও ভবা নাছিল। তেওঁৰ মতে, তেওঁৰ কোনো উপাৰ্জন নাছিল। দৈনন্দিন খৰচৰ বাবে মাক-দেউতাকৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁ একো ভুল কৰা নাই বুলি উল্লেখ কৰি জামিনৰ বাবে আবেদন জনায়। আৰু এই গোচৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে লিভ-ইন ৰিলেচনত মহিলাৰ সুৰক্ষাৰ কথা কয়।