কোন হ’ব লোকসভাৰ অধ্যক্ষ-উপাধ্যক্ষ! ৰাজনাথ সিঙৰ গৃ্হত ৰুদ্ধদ্বাৰ বৈঠক
২৬ জুনত অনুষ্ঠিত হ’ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন। লোকসভাৰ অধ্যক্ষ পদৰ বাবে বিজেপিৰ পৰা সাংসদক নিৰ্বাচিত কৰা হ’ব নে এন ডি এৰ আন মিত্ৰ দলৰ পৰা দায়িত্ব দিয়া হ’ব, সেই বিষয়ে ব্যাপক আলোচনা চলি আছে। তাৰ মাজতে আজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘৰত এন ডি এৰ নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

অহা ২৪ জুনৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক লোকসভাৰ প্রথম অধিৱেশন৷ আনহাতে ২৬ জুনত অনুষ্ঠিত হ’ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন। লোকসভাৰ অধ্যক্ষ পদৰ বাবে বিজেপিৰ পৰা সাংসদক নিৰ্বাচিত কৰা হ’ব নে এন ডি এৰ আন মিত্ৰ দলৰ পৰা দায়িত্ব দিয়া হ’ব, সেই বিষয়ে ব্যাপক আলোচনা চলি আছে। তাৰ মাজতে আজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘৰত এন ডি এৰ নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, অশ্বিনী বৈষ্ণৱ, কিৰণ ৰিজিজু, লালন সিং আৰু চিৰাগ পাছৱান উপস্থিত থাকে।
সূত্ৰ অনুসৰি লোকসভাৰ অধ্যক্ষ আৰু উপ অধ্যক্ষ নিৰ্বাচনৰ কৌশল সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। ইতিমধ্যে বিজেপি নেতৃত্বাধীন নতুন এন ডি এ চৰকাৰ গঠনৰ পাছত মন্ত্ৰীসকলৰ পদবীও বিভক্ত হৈছে। এতিয়া লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ সন্দৰ্ভত ৰাজনৈতিক কৌশল আৰম্ভ হৈছে।
যিহেতু গত নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই, সেয়েহে মিত্ৰজোঁটৰ আস্থাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলগীয়া হৈছে দলটোৱে। এনে পৰিস্থিতিত লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিৰোধী দলসমূহে ইতিমধ্যে বৰ্তমানৰ এন ডি এ চৰকাৰখন সুস্থিৰ নহয় আৰু যিকোনো মুহূৰ্ততে পতন ঘটিব পাৰে বুলি দাবী কৰিছে।
এনে পৰিস্থিতিত বিজেপিয়ে অধ্যক্ষ পদ নিজৰ লগত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আনহাতে উপাধ্যক্ষৰ পদ মিত্ৰ দলৰ হাতত দিব পাৰে বুলি চৰ্চিত হৈছে। সূত্ৰ অনুসৰি এই সকলো বিষয়ৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃ্হত এক বৈঠক অনুষ্ঠিত হৈছে। লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদত বিজেপি, জেডিইউ আৰু টিডিপিৰ পৰা কোনো সাংসদ নিৰ্বাচিত হ’ব পাৰে।
সমান্তৰালভাৱে অৱশ্যে চিৰাগ পাছৱান নেতৃত্বাধীন এলজেপিও এই দৌৰত আছে যদিও মূলত বিজেপি, নীতিশ কুমাৰৰ জেডিইউ আৰু চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন টিডিপিৰ মাজৰ পৰাই অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা অধিক। ইফালে শেহতীয়াকৈ অধ্যক্ষ পদ সন্দৰ্ভত বিৰোধী দলসমূহৰ প্ৰতিক্ৰিয়াও চৰ্চালৈ আহিছে।
শিৱসেনাৰ উদ্ধৱ থাকৰে ফৈদৰ নেতা সঞ্জয় ৰাউটে লোকসভাৰ অধ্যক্ষৰ যুঁজখন অতি গুৰুত্বপূৰ্ণ যুঁজ বুলি মন্তব্য কৰিছে। এতিয়া পৰিস্থিতি ২০১৪ আৰু ২০১৯ চনৰ দৰে নহয় বুলি উল্লেখ কৰি তেওঁ লগতে যদি ৰাহুল গান্ধীয়ে যিকোনো সময়তে চৰকাৰ উফৰাব পাৰে, ইয়াৰ অৰ্থ সহজেই বুজি পোৱা উচিত বুলি মন্তব্য কৰে ৰাউটে।
তেওঁ লগতে কয় যে চন্দ্ৰবাবু নাইডুৱে লোকসভাৰ অধ্যক্ষ পদৰ বাবে দাবী কৰিছে বা তেওঁৰ সৈতে চুক্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। যদি এন ডি এৰ পৰা কোনো ব্যক্তি অধ্যক্ষ নহয়, তেতিয়া বিজেপিয়ে প্ৰথমে টিডিপি ভংগ কৰিব আৰু পিছত চিৰাগ পাছৱান আৰু জয়ন্ত চৌধুৰীৰ দলো ভাঙিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিৱসেনা নেতাগৰাকীয়ে।
ইফালে চন্দ্ৰবাবু নাইডুৱে অধ্যক্ষ পদৰ বাবে দাবী কৰাৰ দৰে যদি তেওঁৰ দলেই এই পদ লাভ কৰে, তেতিয়া বিৰোধীয়ে এই সদ্ধান্তক আদৰণি জনাব বুলিও ৰাউটে মন্তব্য কৰে। কিন্তু যদি নাইডুৱে অধ্যক্ষ পদ লাভ নকৰে, তেতিয়া ইণ্ডিয়া মিত্ৰজোঁট তেওঁৰ সৈতে থিয় দিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাউটে।