শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৩ খন ৰাজ্যৰ ৮৯টা সমষ্টিত কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

২৬ এপ্ৰিলত ৮৯ টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলা কেইখন হৈছে- অসম, বিহাৰ, চত্তীশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ আৰু পশ্চিম বংগ ।

১৩ খন ৰাজ্যৰ ৮৯টা সমষ্টিত কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
ভোটগ্ৰহণ (প্ৰতীকি ছবি)
manas-borah
Manas Borah | Published: 25 Apr 2024 14:19 PM

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১০২ সমষ্টিত ভোটগ্ৰহণ হৈ যোৱাৰ পিছতে ২৬ এপ্ৰিলত ৮৯ টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে- অসম, বিহাৰ, চত্তীশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ আৰু পশ্চিম বংগ ।

ইয়াৰ সমান্তৰালভাৱে অসমৰ ৫ টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ঠিক সেইদৰে ত্ৰিপুৰাৰ এটা সমষ্টিত ভোটগ্ৰহণ হোৱা লগতে মণিপুৰৰ ১টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । আন ৰাজ্য কেইখনলৈ মন কৰিলে দেখা যায় যে, দ্বিতীয় পৰ্যায়ত পশ্চিম বংগৰ ৫টা সমষ্টিত, উত্তৰ প্ৰদেশৰ ৮টা সমষ্টিত, ৰাজস্থানৰ ১১টা সমষ্টিত, মহাৰাষ্ট্ৰৰ ৯টা সমষ্টিত, মধ্যপ্ৰদেশৰ ৭টা সমষ্টিত, কেৰালাৰ ২০টা সমষ্টিত, কৰ্ণাটকৰ ১৪টা সমষ্টিত, জম্মু-কাশ্মীৰৰ ১টা সমষ্টিত, চত্তীশগড়ত ৩টা আৰু বিহাৰৰ ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অসমৰ প্ৰায় ৭৭ লাখ ভোটাৰে নিজৰ মতদান কৰিছে । পুৱা ৭বজাৰ পৰা ৫বজালৈকে অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ।