শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এইখন জিলাত চাৰি দিনৰ বাবে উপলব্ধ নহ’ব সুৰা, প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা; পিছে কিয় এই সিদ্ধান্ত

চাৰি দিনলৈ সুৰাপায়ী লোকসকলৰ বাবে উপলব্ধ নহ’ব পছন্দৰ সুৰা। এখন বিশেষ জিলাত সুৰাৰ ওপৰত চাৰি দিনৰ বাবে প্ৰশাসনে আৰোপ কৰিছে নিষেধাজ্ঞা। কোন স্থানত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা? জানো আহক।

এইখন জিলাত চাৰি দিনৰ বাবে উপলব্ধ নহ’ব সুৰা, প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা; পিছে কিয় এই সিদ্ধান্ত
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Updated On: 15 Jan 2026 20:12 PM

সুৰাপায়ী লোকসকলৰ বাবে এক দুখবৰ। চাৰি দিনলৈ সুৰাপায়ী লোকসকলৰ বাবে উপলব্ধ নহ’ব পছন্দৰ সুৰা। এখন বিশেষ জিলাত সুৰাৰ ওপৰত চাৰি দিনৰ বাবে প্ৰশাসনে আৰোপ কৰিছে নিষেধাজ্ঞা। অৱশ্যে এই নিষেধাজ্ঞা অসমত নহয়, দক্ষিণৰ ৰাজ্য কেৰালাৰ এখন জিলাতহে লোৱা হৈছে সিদ্ধান্ত। ৰাজ্যখনৰ আলাপ্পুঝা জিলাত আগন্তুক কেইটামান দিনত একেৰাহে চাৰিদিনৰ বাবে সুৰাৰ বিপণীসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। জিলা উপায়ুক্তই সুৰা বিক্ৰীৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰিছে।

অৰ্থুংগলস্থিত ‘চেণ্ট এণ্ড্ৰিউ বেচিলিকা’ (Saint Andrew’s Basilica) গীৰ্জাত আয়োজিত উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে উৎসৱৰ সময়ত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

এই উৎসৱত বুজন সংখ্যক মহিলা আৰু শিশুৱে অংশগ্ৰহণ কৰে। তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তাৰ স্বাৰ্থত জিলা উপায়ুক্তই চলিত জানুৱাৰী মাহৰ ১৯, ২০, ২৭ আৰু ২৮ তাৰিখে জিলাখনৰ সকলো সুৰাৰ দোকান, বিয়েৰ পাৰ্লাৰ আৰু বাৰসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

কিয় লোৱা হৈছে এই সিদ্ধান্ত?

জিলা উপায়ুক্তই স্পষ্ট কৰি দিছে যে সুৰক্ষিত আইন-শৃংখলা বজাই ৰখাৰ প্ৰতি এই ব্যৱস্থা লোৱা হৈছে। লগতে এই ধৰ্মীয় স্থানখন সাগৰৰ পাৰত অৱস্থিত, গতিকে কোনো লোকে সুৰাপান কৰি সাগৰত নামি যাতে দুৰ্ঘটনাত পতিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কোনসমূহ দোকানৰ ওপৰত প্ৰভাৱ পৰিব?

উপাৰ্যুক্তৰ নিৰ্দেশ অনুসৰি, চেৰ্থালা আবকাৰী ক্ষেত্ৰৰ অন্তৰ্গত আৰু গীৰ্জাঘৰটোৰ দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো সুৰাৰ দোকান, বিয়েৰ পাৰ্লাৰ আৰু বাৰ এই চাৰিদিন বন্ধ থাকিব। ইয়াত অৰিপৰম্বা, অৰ্থুংগল, তিৰুভিঝা পদিনজৰ, চম্পক্কড় আদিকে ধৰি কেইবাখনো নিৰ্দিষ্ট দোকানৰ নাম উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, জানুৱাৰী মাহত ড্ৰাই ডে’ (Dry Day) সহ মুঠ তিনিদিনৰ বাবে BEVCO (কেৰালা ৰাজ্যিক পানীয় নিগম) বন্ধ থাকিব। অৱশ্যে চৰকাৰী ত্ৰিবেণী সুৰাৰ বিপণীসমূহৰ ক্ষেত্ৰত এই নিয়মসমূহ প্ৰযোজ্য নহ’ব।