শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কিয় এৰি দিয়া হ’ল মুখ্য ন্যায়াধীশক আক্ৰমণৰ চেষ্টা কৰা অধিবক্তাক! ঘূৰাই দিয়া হ’ল জোতা, নাই অনুশোচনা

শীৰ্ষ আদালতত শুনানিৰ সময়তে অধিবক্তাজনে এইদৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল। অভিযুক্তই চিঞৰি চিঞৰি ‘সনাতন ধৰ্মৰ অপমান আমি সহ্য নকৰোঁ’ বুলি মন্তব্য কৰা পৰিলক্ষিত হয়।

কিয় এৰি দিয়া হ’ল মুখ্য ন্যায়াধীশক আক্ৰমণৰ চেষ্টা কৰা অধিবক্তাক! ঘূৰাই দিয়া হ’ল জোতা, নাই অনুশোচনা
মুখ্য ন্যায়াধীশ গাভাইImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 07 Oct 2025 16:10 PM

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইক আদালতৰ মজিয়াতে আক্ৰমণৰ চেষ্টা চলোৱাৰ ঘটনাই সমগ্ৰ দেশতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী অধিবক্তাই মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰি আক্ৰমণৰ চেষ্টা চলোৱাৰ পিছতে আদালতত উপস্থিত থকা আৰক্ষী বিষয়াই অধিবক্তাজনক কৰায়ত্ব কৰে অৱশ্যে তিনি ঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত অভিযুক্ত অধিবক্তাগৰাকীক মুকলি কৰি দিয়ে দিল্লী আৰক্ষীয়ে। উচ্চতম ন্যায়ালয়ৰ বিষয়াৰ পৰা কোনো অভিযোগ নোপোৱাৰ বাবে এনে পদক্ষেপ লোৱা বুলি দিল্লী আৰক্ষীয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে শীৰ্ষ আদালতত শুনানিৰ সময়তে অধিবক্তাজনে এইদৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল। অভিযুক্তই চিঞৰি চিঞৰি সনাতন ধৰ্মৰ অপমান আমি সহ্য নকৰোঁবুলি মন্তব্য কৰা পৰিলক্ষিত হয় কিন্তু এই ঘটনাক আওকাণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে আদালতত শান্তিৰ বাবে আবেদন জনায়।

অভিযুক্তক ক্ষমা কৰি দিয়ে মুখ্য ন্যায়াধীশে

মুখ্য ন্যায়াধীশ গাভাইয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’বলৈ অস্বীকাৰ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক মুকলি কৰি দিব বুলি ধাৰণা কৰা হৈছিল। এই ঘটনাৰ পিছত গাভাইয়ে তেওঁৰ ওপৰত এনেধৰণৰ ঘটনাৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰিছিল। গাভাইৰ ওপৰত আক্ৰমণ চলোৱা এই অভিযুক্তৰ নাম অধিবক্তা ৰাকেশ কিশোৰ।

দিল্লী আৰক্ষীয়ে তেওঁক মুকলি কৰি দিয়াৰ লগতে জোতাও ঘূৰাই দিয়ে। লগতে তেওঁৰ আধাৰ কাৰ্ড, উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ কাৰ্ড, মোবাইল ফোনো ঘূৰাই দিয়া হয়। মুখ্য ন্যায়াধীশ গাভাইয়ে এই ঘটনাক আওকাণ কৰিবলৈ পৰামৰ্শ দিলেও অৱশ্যে ভাৰতীয় বাৰ কাউঞ্চিলে অধিবক্তাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰে।

ইফালে নিখিল ভাৰত উকীল সন্থাই (AIBA) এই ঘটনাৰ বাবে অভিযুক্ত অধিবক্তা ৰাকেশ কিশোৰৰ বিৰুদ্ধে শীঘ্ৰে এফ আই আৰ পঞ্জীয়ন কৰাৰ দাবী জনাই দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচালৈ পত্ৰ প্ৰেৰণ কৰিছে। আদালতৰ মজিয়াতে হোৱা এই ঘটনাক আইনী সমাজ আৰু ৰাষ্ট্ৰীয় নেতাসকলেও তীব্ৰ গৰিহণা দিয়ে।

গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ

এই ঘটনা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমত এটা পোষ্ট যোগে এই বিষয়ে সদৰী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্য ন্যায়াধীশগৰাকীৰ ধৈৰ্য্যক প্ৰশংসা কৰে আৰু আদালতত তেওঁৰ ওপৰত হোৱা আক্ৰমণত সমগ্ৰ দেশ চিন্তিত হৈ পৰা বুলি উল্লেখ কৰে।

আমাৰ সমাজত এনে ঘটনাৰ কোনো স্থান নাই আৰু এয়া অতি নিন্দনীয়বুলিও তেওঁ উল্লেখ কৰে। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে বিৰোধী নেতাগৰাকীৰ মতে, এই আক্ৰমণ মুখ্য ন্যায়াধীশৰ ওপৰত নহয়, ভাৰতৰ সংবিধানৰ ওপৰতহে হৈছে। ছোনিয়া গান্ধীয়েও এই আক্ৰমণক গৰিহণা দি সংবিধানক অপমান বুলি অভিহিত কৰে।

আক্ষেপ নাই অভিযুক্তৰ

লক্ষণীয়ভাৱে এই ঘটনা সংঘটিত কৰা অধিবক্তা ৰাকেশ কিশোৰে এনে কাৰ্যক লৈ কোনো আক্ষেপ নাই বুলি মন্তব্য কৰিছে। তেওঁ যি কৰিলে সেয়া কেৱল কাৰ্যৰ প্ৰতিক্ৰিয়াহে বুলিহে উল্লেখ কৰি ৰাকেশ কিশোৰে লগতে ১৬ ছেপ্টেম্বৰত এক শুনানিত মুখ্য ন্যায়াধীশৰ সিদ্ধান্তত তেওঁ আঘাত পোৱা বুলি মন্তব্য কৰে।