বৈষ্ণো দেৱী মন্দিৰলৈ ভ্ৰমণৰ সময়তে যাত্ৰাপথত ভূমিস্খলন, দুই মহিলা ভক্তৰ মৃত্যু
জম্মু-কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তৰ যাত্ৰাৰ সময়তে যাত্ৰাপথত সংঘটিত হোৱা এক ভয়াৱহ ভূমিস্খলনত দুগৰাকী মহিলা ভক্তৰ মৃত্যু হৈছে। এই ঘটনাত লগতে আন এগৰাকী ভক্ত আহত থোৱা বুলি জানিব পৰা গৈছে।
হিন্দু ধৰ্মীয় লোকসকলৰ এক পবিত্ৰ তীৰ্থস্থান হিচাপে খ্যাত জম্মু-কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তৰ যাত্ৰা অব্যাহত আছে। ভক্তৰ যাত্ৰাৰ মাজতে আজি শ্ৰী মাতা বৈষ্ণো দেৱী ভৱন পথত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। পাঞ্চি হেলিপেডৰ সমীপত সংঘটিত হৈছে এক ভয়াৱহ ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত দুগৰাকী মহিলা ভক্তৰ মৃত্যু হৈছে। এই ঘটনাত লগতে আন এগৰাকী ভক্ত আহত থোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ পিছতে মাতা বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডে ঘটনাস্থলীত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি সদৰী কৰিছে।
ইফালে এই ঘটনাৰ পিছতো মন্দিৰলৈ ভক্তৰ যাত্ৰা নিষিদ্ধ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। আন এটা পথেৰে মন্দিৰলৈ ভক্তসকলৰ যাত্ৰা অব্যাহত আছে। শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াই এই ঘটনাৰ বিষয়ে নিশ্চিত কৰিছে। তেওঁ প্ৰকাশ কৰা মতে ভূমিস্খলনৰ তথ্য পোৱাৰ লগে লগে শ্ৰাইন ব’ৰ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা দল সেই স্থানত উপস্থিত হয়।
ঘটনা সন্দৰ্ভত বিষয়াসকলে জানিবলৈ দিয়া মতে, বিয়লি প্ৰায় ২.৩৫ বজাত পাঞ্চিৰ সমীপত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলত পথত নিৰ্মাণ কৰা পকী চালিৰ কিছু অংশ ক্ষতিগ্ৰস্ত হোৱা বুলি বিষয়াসকলে লগতে জানিবলৈ দিছে। এই ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা মহিলা দুগৰাকীক ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰিছে।
ইয়াৰে এগৰাকী মহিলাক পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা স্বপ্না আৰু আনগৰাকীক উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা নেহা বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে বিগত কিছুদিনৰ পৰা হৈ থকা বৰষুণৰ বাবে হিমকোটি পথতো ইতিপূৰ্বে ভূমিস্খলন সংঘটিত হৈছে। এনে কাৰণতে পুৰণি সঞ্জীচহাট পথেৰে ভক্তসকলৰ যাত্ৰা অব্যাহত আছে।
ইতিপূৰ্বে যোৱা ১৫ আগষ্টত শ্ৰী মাতা বৈষ্ণো দেৱী যাত্ৰা পথত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সাময়িকভাৱে ব্যাহত হৈছিল। অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে এই ঘটনা সংঘটিত হৈছিল যদিও অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাছিল। বেয়া বতৰৰ বাবেই এই ভূমিস্খলন সংঘটিত হোৱা বুলি প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে।
বতৰ বিজ্ঞান বিভাগে আগন্তুক দুসপ্তাহলৈ অঞ্চলটোত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। ইফালে আজি সংঘটিত হোৱা ভূমিস্খলনৰ সময়ত পথত ভক্তৰ ভিৰ নাছিল বাবে অধিক হানি বিঘিনিৰ পৰা ৰক্ষা পৰা বুলি উল্লেখ কৰিছে কৰ্তৃপক্ষই। সম্প্ৰতি ভূমিস্খলন সংঘটিত হোৱা পথটোত ভক্তৰ গতিবিধি বন্ধ কৰি দিয়া হৈছে।
বতৰৰ লগতে পথৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰাৰ সময়ত ভক্তসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে। বিষয়াসকলে জানিবলৈ দিয়া মতে, ভূমিস্খলনৰ ফলত পথটো বন্ধ হৈ পৰিছিল যদিও ইতিমধ্যে পথটো পৰিষ্কাৰ কৰা হৈছে। পথটো এবাৰ ভালদৰে পৰিদৰ্শন কৰা হ’ব আৰু ইয়াৰ পিছতহে পথটো মুকলি কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ’ব বুলি কৰ্তৃপক্ষই লগতে সদৰী কৰিছে।