শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Lal Bahadur Shastri: আজি লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী, জানক দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰ কেইটামান বিশেষ ঘটনা…

Lal bahadur shastri: লাল বাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত পৰিয়ালৰ লোকে তেওঁক চাৰিচকীয়া বাহন লোৱাৰ কথা কৈছিল। বাহনৰ বাবে তেওঁক প্ৰয়োজন আছিল ১২,০০০ টকা। কিন্তু তেওঁৰ হাতত আছিল মাত্ৰ ৭০০০ টকা। যাৰ বাবে পঞ্জাৱ নেশ্যনেল বেংকৰ পৰা তেওঁ ৫০০০ টকাৰ ঋণ লৈছিল।

Lal Bahadur Shastri: আজি লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী, জানক দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰ কেইটামান বিশেষ ঘটনা…
লাল বাহাদুৰ শাস্ত্ৰী
barasha-sarma
Barasha Sarma | Updated On: 02 Oct 2024 11:29 AM

দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ আজি ১২০ সংখ্যক জন্মদিন। ১৯০৪ চনৰ ২ অক্টোবৰত উত্তৰ প্ৰদেশৰ মুগলছৰায়াত শাস্ত্ৰীৰ জন্ম হৈছিল। শাস্ত্ৰীৰ উচ্চতা কম আছিল যদিও ডাঙৰ ডাঙৰ সিদ্ধান্ত আৰু উচ্চ চিন্তা কৰিছিল। জীৱনত সদায় তেওঁ সদায় মানুহৰ স্বাৰ্থৰ হৈ কাম কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত শাস্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু পাছলৈ ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

শৈশৱ- পিতৃ মাতৃ

লাল বাহাদুল শাস্ত্ৰীৰ জীৱনৰ প্ৰথম সময়চোৱা সুখদায়ক নাছিল। শাস্ত্ৰী সৰু থাকোতে পিতৃৰ মৃত্যু হৈছিল, যাৰ বাবে পৰিয়ালটো বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। গংগা নদীৰ পাৰত আছিল শাস্ত্ৰীৰ স্কুলখন। গংগা নদীৰ পাৰত উপস্থিত হ’বলৈ নাঁৱত ভাড়া দিবলৈও শাস্ত্ৰীৰ হাতত টকা নাছিল। যাৰ বাবে বহু কষ্টৰে তেওঁ নদী পাৰ কৰি স্কুলত উপস্থিত হৈছিল।

লাল বাহাদুৰ শাস্ত্ৰী পিতৃৰ নাম শাৰদা প্ৰসাদ শ্ৰী বাস্তৱ আৰু মাতৃৰ নাম ৰামদুলাৰী দেৱী। জাতিবাদৰ বিৰোধিতা কৰাৰ বাবে তেওঁ নিজৰ উপাধি লিখা নাছিল। কাশী বিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰাৰ পাছত তেওঁক শাস্ত্ৰী উপাধি দিয়া হৈছিল।

প্ৰধানমন্ত্ৰী

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ মৃত্যুৰ পাছত ১৯৬৪ চনৰ ৯ জুনত শাস্ত্ৰীয়ে দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ৰে’ল মন্ত্ৰী, পৰিবহন মন্ত্ৰী, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, গৃহমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ১৯৬৬ চনৰ ১১ জানুৱাৰীলৈ শাস্ত্ৰী প্ৰধানমন্ত্ৰী পদত আছিল। এই দিনটোতেই উজবেকিস্তানৰ তাছকেন্দত শাস্ত্ৰীৰ মৃত্যু হৈছিল। শাস্ত্ৰীৰ মৃত্যুক লৈ আজিৰ সময়তো বহু বিতৰ্কৰ সৃষ্টি হয়।

গাড়ীৰ বাবে ঋণ

লাল বাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত পৰিয়ালৰ লোকে তেওঁক চাৰিচকীয়া বাহন লোৱাৰ কথা কৈছিল। বাহনৰ বাবে তেওঁক প্ৰয়োজন আছিল ১২,০০০ টকা। কিন্তু তেওঁৰ হাতত আছিল মাত্ৰ ৭০০০ টকা। যাৰ বাবে পঞ্জাৱ নেশ্যনেল বেংকৰ পৰা তেওঁ ৫০০০ টকাৰ ঋণ লৈছিল।

জয় জোৱান জয় কিষান

১৯৬৫ চনৰ ভাৰত- পাকিস্তানৰ যুদ্ধৰ সময়ত শাস্ত্ৰীয়ে জয় জোৱান জয় কিষাণ শ্লোগা আৰম্ভ কৰিছিল। তেওঁৰ এই শ্লোগানে ভাৰতীয়সকলক এক শক্তি আৰু প্ৰেৰণা দিছিল। শাস্ত্ৰীয়ে সদায় দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিছিল। এইগৰাকী মহান ব্যক্তি তেওঁৰ বিনম্ৰ স্বভাৱৰ বাবে জনাজাত আছিল। তেওঁৰ প্ৰতিটো কাম, কথাতেই প্ৰকাশ পাইছিল সৰলতা, সততা আৰু দেশপ্ৰেম।

পুত্ৰৰ পদোন্নতি ৰখাইছিল

লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া তেওঁ তেওঁৰ পুত্ৰৰ পদোন্নতি ৰখাই দিছিল। জানিব পৰা মতে তেওঁ তথ্য লাভ কৰিছিল য়ে পুত্ৰক অন্যায়কৃতভাৱে চাকৰিত পদোন্নতি দিয়া হৈছে। ইয়াৰ বাবে তেওঁ ক্ষুব্ধ হৈ পৰিছিল আৰু নিজ পুত্ৰৰ পদোন্নতি প্ৰত্যাহাৰৰ নিৰ্দেশ জাৰি কৰিছিল। এনে বহু কাৰণ আছে, যাৰ বাবে শাস্ত্ৰী বহু নেতাৰ আদৰ্শ, প্ৰেৰণাৰ উৎস।

সাধাৰণ মানুহৰ প্ৰতি চিন্তা

দেশৰ গৃহমন্ত্ৰী হৈ থাকোতে শাস্ত্ৰী এবাৰ কলকাতালৈ গৈছিল আৰু ঘূৰি অহাত তেওঁৰ যথেষ্ঠ পলম হৈছিল। বিমান বন্দৰলৈ গৈ থকাৰ সময়তে তেওঁ যান- যঁটত আৱদ্ধ হৈ পৰিছিল। আৰক্ষী আয়ুক্তই বিচাৰিছিল যে চাইৰেন থকা কনভয় সন্মুখত ৰাখি শাস্ত্ৰী যান- যঁটৰ পৰা ওলাই যাওঁক। কিন্তু সেই কথা শাস্ত্ৰীয়ে অস্বীকাৰ কৰি কৈছিল যে তেওঁ সাধাৰণ মানুহক অশান্তি দিব নিবিচাৰে।

খাদ্য খোৱা বন্ধ

১৯৬৫ চনত আমেৰিকাই ভাৰতলৈ ঘেঁহু প্ৰেৰণ কৰা বন্ধ কৰি দিয়াৰ ভাবুকি দিছিল। ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত সেই সময়ত ভাৰত স্বাৱলম্বী নাছিল। তেতিয়া তেওঁ দেশবাসীক আহ্বান জনাই কৈছিল যে আমি এটা সময়ৰ খাদ্য গ্ৰহণ নকৰিলে আমেৰিকাৰ পৰা লাভ কৰা ঘেঁহুৰ প্ৰয়োজন নাথাকে। সেই সময়ত শাস্ত্ৰীৰ কথা মতে লাখ লাখ ভাৰতীয়ই দিনটোৰ এটা সময়ৰ খাদ্য খোৱা বন্ধ কৰি দিছিল।

Latest News