শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কলকাতা কাণ্ডঃ অব্যাহত চিকিৎসকৰ প্ৰতিবাদ, কিদৰে আগবাঢ়িছে চিবিআইৰ তদন্ত!

কলকাতা কাণ্ডৰ ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে কনিষ্ঠ চিকিৎসকসকলে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিবাদকাৰী চিকিৎসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছতো চৰ্তৰ ক্ষেত্ৰত অটল থাকি চিকিৎসকসকলে আলোচনা বৰ্জন কৰে। ইফালে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। উচ্চতম ন্যায়ালয়ে চিবিআইক তদন্তৰ ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ ১৭ ছেপ্টেম্বৰলৈকে সময় দিছে।

কলকাতা কাণ্ডঃ অব্যাহত চিকিৎসকৰ প্ৰতিবাদ, কিদৰে আগবাঢ়িছে চিবিআইৰ তদন্ত!
অব্যাহত চিকিৎসকৰ প্ৰতিবাদ
monjit-dutta
Monjit Dutta | Published: 13 Sep 2024 14:45 PM

কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ তথা হত্যাকাণ্ডই ইতিমধ্যে এমাহতকৈ অধিক সময় অতিক্ৰম কৰিছে। দেশ জোকাৰি তোলা এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় সংস্থা চিবিআইয়ে। ইফালে এই জঘন্য ঘটনাৰ বলি হোৱা ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে কনিষ্ঠ চিকিৎসকসকলে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। যোৱা ৯ ছেপ্টেম্বৰতে উচ্চতম ন্যায়ালয়ে প্ৰতিবাদকাৰী চিকিৎসকসকলক ১০ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত কৰ্মস্থলীলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিছিল।

কিন্তু উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো অব্যাহত আছে চিকিৎসকৰ প্ৰতিবাদ। চিকিৎসকসকলৰ এই ধৰ্মঘটৰ অন্ত পেলাবলৈ পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও আলোচনাৰ চৰ্ত সন্দৰ্ভত এতিয়াও দুয়োপক্ষৰ মাজত হোৱা অমতৰ বাবে আলোচনাত অংশ লোৱাৰ পৰা বিৰত থাকে চিকিৎসকসকল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুঘণ্টাতকৈ অধিক সময় অপেক্ষা কৰাৰ পিছতো আলোচনাৰ বাবে প্ৰস্তুত নহ’ল প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকল।

উল্লেখ্য যে মমতা চৰকাৰ তথা প্ৰশাসনে চিকিৎসকসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ সময়ত চিকিৎসকসকলে এই আলোচনাৰ লাইভ ষ্ট্ৰীমিংৰ দাবী জনাইছিল। কিন্তু প্ৰশাসনে চিকিৎসকসকলৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰা পিছত আলোচনাত অংশ গ্ৰহণৰ পৰা বিৰত থাকে প্ৰতিবাদী চিকিৎসকসকলে। ইয়াৰ পিছতে মমতা বেনাৰ্জীয়ে এক সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত সাধাৰণ ৰাইজৰ ওচৰত ক্ষমা খুজি চিকিৎসকসকলক পুনৰ নিজৰ কামলৈ ঘূৰি যাবলৈ আহ্বান জনায়।

সংবাদমেলত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সমগ্ৰে ঘটনাৰ ক্ষেত্ৰত তেওঁ নিজেও ন্যায় বিচাৰে বুলি উল্লেখ কৰি সমান্তৰালকৈ চিকিৎসকসকলক প্ৰতিবাদৰ অন্ত পেলাই কৰ্মস্থলীলৈ উভতিবলৈ আহ্বান জনায়। তেওঁ লগতে ধৰ্মঘটৰ বাবে কলকাতাৰ স্বাস্থ্য ব্যৱস্থা স্তব্ধ হৈ পৰিছে বুলি আঙুলিয়াই দি ইয়াৰ ফলস্বৰূপে বহুত লোকৰ মৃত্যু হৈছে বুলি শোক প্ৰকাশ কৰে। মখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে ৰাইজৰ সুখৰ বাবে তেওঁ পদত্যাগ কৰিবলৈ সাজু বুলিও সংবাদমেলত ঘোষণা কৰে।

ইফালে এই ধৰ্ষণ তথা হত্যাকাণ্ড সন্দৰ্ভত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে। শেহতীয়াকৈ তদন্তকাৰী সংস্থাটোৱে কলকাতাৰ প্ৰেচিডেন্সি জেললৈ গৈ মূল অভিযুক্ত সঞ্জয় ৰায়ৰ দাঁতৰ চিন সংগ্ৰহ কৰিছিল। বুধবাৰে পুনৰবাৰ চিবিআইয়ে অভিযুক্ত সঞ্জয় ৰায়, ৪ জন কনিষ্ঠ চিকিৎসক আৰু ২ জন আৰক্ষী বিষয়াক জেৰা কৰে। চিবিআইয়ে এইপৰ্যন্ত তদন্তত প্ৰকাশ পোৱা তথ্যৰ আধাৰত অভিযুক্ত সঞ্জয় ৰায়ে অকলেই অপৰাধ সংঘটিত কৰিছিল বুলি উল্লেখ কৰিছে।

এই অপৰাধত সঞ্জয় ৰায় জড়িত থকাৰ প্ৰমাণ চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ আৰু ফৰেনছিক ৰিপৰ্টত পোৱা গৈছে বুলিও চিবিআইয়ে জানিবলৈ দিছে। ঘটনাৰ পিছত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সন্দেহজনক ভূমিকাৰ দোহাই দি তেওঁক গ্ৰেপ্তাৰ কৰিছে। চিবিআইয়ে লগতে অভিযুক্ত সঞ্জয় ৰায়ৰ নাৰ্কো এনালাইছিছ টেষ্ট কৰিবলৈ সাজু হৈছে। এই সন্দৰ্ভত ইতিমধ্যে সংস্থাটোৱে আদালতত আবেদন দাখিল কৰিছে।

গোচৰৰ ক্ষেত্ৰত কলকাতা আৰক্ষীৰ তদন্তৰ পদ্ধতি সম্পৰ্কেও প্ৰশ্ন তুলিছে চিবিআইয়ে। এফআইআৰ পঞ্জীয়নত ১৪ ঘন্টা পলম হোৱা বুলি আঙুলিয়াই দিয়া হৈছে। লক্ষণীয়ভাৱে এই বিষয়ত উচ্চতম ন্যায়ালয়ত ইতিমধ্যে দুবাৰকৈ শুনানি গ্ৰহণ কৰা হৈছে। শেহতীয়া শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে চিবিআইক তদন্তৰ ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ ১৭ ছেপ্টেম্বৰলৈকে সময় দিছে।