শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মৰিয়াই হাড় ভাঙি পেলোৱা হৈছিল,জড়িত আছিল যুৱতীও! কলকাতা কাণ্ডৰ ভয়ংকৰ তথ্য পোহৰলৈ

যেতিয়া এই লোকসকলে প্ৰশিক্ষাৰ্থী চিকিৎসকজনক হত্যা কৰি ওলাই আহিছিল, তেতিয়া তেওঁলোকে অভিযুক্ত সঞ্জয়ক তলত মদ খাই থকা দেখিছিল। তেওঁলোকে জানিছিল যে সঞ্জয় বহু বেয়া কামৰ লগত জড়িত আৰু যৌন কৰ্মীৰ ওচৰতো যায়। তেওঁলোকে সঞ্জয়ক কৈছিল যে চেমিনাৰ ৰুমত তোমাৰ বাবে বস্তু আছে, কামটো কৰি অহা

মৰিয়াই হাড় ভাঙি পেলোৱা হৈছিল,জড়িত আছিল যুৱতীও! কলকাতা কাণ্ডৰ ভয়ংকৰ তথ্য পোহৰলৈ
কলকাতা কাণ্ড
barasha-sarma
Barasha Sarma | Published: 15 Aug 2024 19:29 PM

কলকাতা ধৰ্ষণ আৰু হত্যা কাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। যিমানেই দিন গৈছে সিমানেই ৰহস্যঘন হৈ পৰিছে সকলো। আৰ জি কৰ হাস্পাতালত চিকিৎসকৰ মতে কোনো প্ৰশিক্ষণৰত চিকিৎসকৰ সৈতে মিলি এই ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰা হৈছে। কেৱল ইমানেই নহয়, অভিযুক্তৰ ভিতৰত যুৱতীৰ লগতে চিকিৎসালয়খনৰ জ্য়েষ্ঠ বিষয়া জড়িত আছে। কিছুদিন পূৰ্বে চিকিৎসকৰ কথোপকথনৰ এটা অডিঅ’ পোহৰল আহিছিল। এনে এক অডিঅ’ পুনৰ পোহৰলৈ আহিছে য’ত বহু ডাঙৰ দাবী কৰিছে।

যুৱতীও আছে জড়িত

ভাইৰেল হোৱা অডিঅটোত উল্লেখ থকা অনুসৰি এই ঘটনা সম্পূৰ্ণ পৰিকল্পিত। দাবী অনুসৰি যিটো চেমিনাৰ হলত হত্যা আৰু ধৰ্ষণ কাণ্ড সংঘটিত হৈছে তাত বহু জ্যেষ্ঠ পিজিটি আৰু আন লোকে জিৰণি ল’বলৈ যায়। কিন্তু সেইদিনা ভুক্তভোগীক পৰিকল্পনা অনুসৰি অকলে থাকিবলৈ বাধ্য কৰাইছিল।  কোৱা হৈছিল যে কোঠাটোত কাম হ’ব যাৰ বাবে কাকো যাব দিয়া হোৱা নাই ।তাৰ পাছতেই ৪জনলোকে ভুক্তভোগীৰ লগত একেলগে খাদ্য গ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত যুৱতীও আছিল। চেমিনাৰ হলত খাদ্য গ্ৰহণ কৰাৰ মাজতে কাজিয়াৰ সূত্ৰপাত হয় আৰু আন গৰাকী যুৱতীয়ে ভাবুকি দি সেই স্থানৰ পৰা গুচি যায়। কিছু সময় পাছত তেওঁৰ বন্ধুয়ে ঘূৰি আহি ভুক্তভোগীক প্ৰহাৰ কৰে। ইয়াৰে ২ জনলোকে যুৱতীগৰাকীৰ হাতত ধৰি থাকে। এই সমগ্ৰ ঘটনাত প্ৰশিক্ষণপাপ্ত চিকিৎসকেও সহায় কৰিছিল। একেৰাহে প্ৰহাৰ কৰি গৈছিল ভুক্তভোগীক।

বৰ্বৰভাৱে হত্যা

অডিঅ’টোত কৰা দাবী অনুসৰি আঘাতৰ ফলত চিকিৎসকগৰাকীৰ পেলভিক হাড় ভাঙি যোৱাৰ পিছত কান্ধুৰ ওচৰৰ  হাড় ভাঙি যায়। ইয়াৰ পিছত তেওঁৰ ওপৰত নিৰ্মম অত্যাচাৰ চলে। ইয়াতেই ক্ষান্ত নাথাকি পিছ মূপত খুন্দা মাৰে। ইয়াৰ পিছত অভিযুক্তই ভুক্তভোগীক  ডিঙি চেপি হত্যা কৰে।

ভাইৰেল অডিঅ’টোত দাবী কৰিছে যে যেতিয়া এই লোকসকলে প্ৰশিক্ষাৰ্থী চিকিৎসকজনক হত্যা কৰি ওলাই আহিছিল, তেতিয়া তেওঁলোকে অভিযুক্ত সঞ্জয়ক তলত মদ খাই থকা দেখিছিল। তেওঁলোকে জানিছিল যে সঞ্জয় বহু বেয়া কামৰ লগত জড়িত আৰু যৌন কৰ্মীৰ ওচৰতো যায়। তেওঁলোকে সঞ্জয়ক কৈছিল যে চেমিনাৰ ৰুমত তোমাৰ বাবে বস্তু আছে, কামটো কৰি অহা। তাৰ পাছতে সঞ্জয়ে গৈ মৃতদেহটোৰ লগত ধৰ্ষণ কৰিছিল।

উল্লেখ্য যে, যোৱা ৯ আগষ্টত হাস্পাতালখনৰ চেমিনাৰ হলত এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোত আঘাতৰ চিন থকাৰ লগতে অৰ্ধ নগ্ন অৱস্থাত আছিল। পৰৱৰ্তী সময়ত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যি পোহৰলৈ আহে সেয়াই সকলোকে আচৰিত কৰি তোলে। কিয়নো মৃতপ্ৰায় অৱস্থাত যুৱতীগৰাকীৰ লগত ধৰ্ষণ হৈছিল। ইয়াৰ পাছতেই দেশৰ বিভিন্ন প্ৰান্তত এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত হৈ আছে।