5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলকাতা কাণ্ডঃ আৰ জি কাৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষসহ দুজনক গ্ৰেপ্তাৰ  চিবিআইৰ

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰত কলেজখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। তদন্তকাৰী সংস্থাটোৱে লগতে তালা থানাৰ ষ্টেচন হাউচ অফিচাৰ অভিজীত মণ্ডলকো এই গোচৰত গ্ৰেপ্তাৰ কৰিছে।

কলকাতা কাণ্ডঃ আৰ জি কাৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষসহ দুজনক গ্ৰেপ্তাৰ  চিবিআইৰ
সন্দীপ ঘোষক গ্ৰেপ্তাৰ
monjit-dutta
Monjit Dutta | Published: 14 Sep 2024 22:50 PM

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰত কলেজখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। তদন্তকাৰী সংস্থাটোৱে লগতে তালা থানাৰ ষ্টেচন হাউচ অফিচাৰ অভিজীত মণ্ডলকো এই গোচৰত গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আৰ জি টেক্স দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল সন্দীপ ঘোষক। এতিয়া ধৰ্ষণৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন অধ্যক্ষগৰাকীক। চিবিআইৰ আজিৰ এই পদক্ষেপৰ পিছত এইপৰ্যন্ত কলকাতা কাণ্ডৰ গোচৰত মুঠ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইতিপূৰ্বে ঘটনাৰ দ্বিতীয় দিনাই কলকাতা আৰক্ষীয়ে মূল অভিযুক্ত সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰিছিল। কলকাতা আৰক্ষীয়ে তদন্তৰ সময়ত ভঙা হেড ফোন আৰু চিচিটিভি ফুটেজৰ ভিত্তিত স্বেচ্ছাসেৱক সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু পিছত কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত চিবিআইয়ে তদন্ত আৰম্ভ কৰে আৰু সঞ্জয় ৰায়ক নিজৰ জিম্মাত লয়।

এই গোচৰত এতিয়ালৈকে চিবিআইয়ে ১০০ৰো অধিক লোকক জেৰা কৰিছে। মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকো একেৰাহে ১৫ দিন জেৰা কৰিছিল তদন্ত সংস্থাটোৱে। ইতিমধ্যে তদন্তৰ অংশ হিচাপে সন্দীপ ঘোষৰ পলিগ্ৰাফ পৰীক্ষাও কৰা হৈছে। দীৰ্ঘদিনীয়া জেৰাৰ অন্তত আজি অৱশেষত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে।

সন্দীপ ঘোষৰ বিৰুদ্ধে মহিলা চিকিৎসকগৰাকীৰ ধৰ্ষণ তথা হত্যাৰ গোচৰৰ তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে। মৃত চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়েও এই গোচৰৰ তথ্য নষ্ট কৰা বুলি অহৰহ অভিযোগ উত্থাপন কৰি আহিছে। প্ৰথম অৱস্থাত চিকিৎসালয়ৰ পৰিচালনা সমিতিয়ে ফোনযোগে চিকিৎসকগৰাকীয়ে আত্মহত্যা কৰা বুলি জানিবলৈ দিয়া বুলি উল্লেখ কৰিছিল সন্দীপ ঘোষে।

তথ্য লুকুৱাই ৰখাৰ সমান্তৰালকৈ সন্দীপ ঘোষৰ বিৰুদ্ধে প্ৰমাণ নষ্ট কৰাৰ অভিযোগো উত্থাপন হৈছিল। চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা চিকিৎসালয়খনৰ চেমিনাৰ হলটোৰ কাষতে থকা বাথৰুমটো ঘটনাৰ দ্বিতীয় দিনাই পুনৰ নিৰ্মাণৰ নামত ভাঙি পেলোৱা হৈছিল। ইচ্ছাকৃতভাৱে এই বাথৰুমটো ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছিল সন্দীপ ঘোষৰ বিৰুদ্ধে।

উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত চিবিআইয়ে আদালতৰ মজিয়াতো অপৰাধৰ স্থান সম্পূৰ্ণৰূপে সলনি কৰা হৈছে বুলি উল্লেখ কৰিছিল। এনে পৰিস্থিতিত বিষয়টোৰ তদন্ত কৰাটো অতি কঠিন হৈ পৰা বুলি আদালতক জানিবলৈ দিছিল চিবিআইয়ে। এই গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত সঞ্জয় ৰায়ৰ সৈতে সন্দীপ ঘোষৰ গোপন বুজাবুজিৰ অভিযোগো উত্থাপন হৈছে।

লক্ষণীয়ভাৱে মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে আৰ জি টেক্সত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰত ইডিয়ে ঘোষক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে  এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে।

Latest News