শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কলকাতা কাণ্ড: CBIৰ কঠোৰ তদন্ত ! সন্দীপ ঘোষৰ বাসগৃহকে ধৰি ১৫টা স্থানত তালাচী

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত অভিযান চলাইছে CBIয়ে। শনিবাৰে ঘোষৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল বিত্তীয় অনিয়মৰ গোচৰ ।

কলকাতা কাণ্ড: CBIৰ কঠোৰ তদন্ত ! সন্দীপ ঘোষৰ বাসগৃহকে ধৰি  ১৫টা স্থানত তালাচী
সন্দীপ ঘোষৰ বাসগৃহত CBIৰ তালাচী
trishna-kalita
Trishna Kalita | Updated On: 25 Aug 2024 10:21 AM

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত অভিযান চলাইছে CBIয়ে ।শনিবাৰে ঘোষৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল বিত্তীয় অনিয়মৰ গোচৰ । আজি চিবিআইৰ দলটো তেওঁৰ ঘৰত উপস্থিত হৈছে। সন্দীপ ঘোষৰ বিৰুদ্ধে চিকিৎসালয়ত আৰ্থিক অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে । দুৰ্নীতিৰ ক্ষেত্ৰত চিবিআইয়ে গ্ৰহণ কৰিছে এই ব্যৱস্থা।

চিবিআইয়ে আৰ জি কৰৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত একেলগে ১৫টা স্থানত তালাচী চলাইছে। এই ক্ষেত্ৰত সন্দীপ ঘোষকে ধৰি বহুলোক চিবিআইৰ তদন্তক আওতালৈ আহিছে। বৰ্তমান চিবিআইৰ দলে  ৪টা স্থানত অভিযান চলাইছে।

  • ডা: সন্দীপ ঘোষ  (প্ৰাক্তন অধ্যক্ষ)
  • ডা: দেৱাশীষ সোম  (প্ৰদৰ্শক, ফৰেনচিক মেডিচিন)
  • সঞ্জয় বাশিষ্ঠ  (প্ৰাক্তন চুপাৰষ্টাৰ)
  • বিপ্লব সিং  (আৰ জি কৰৰ যোগানকৰ্তা)

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন উপ-অধীক্ষক আখটাৰ আলীয়ে সন্দীপ ঘোষৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত বহু তথ্য উন্মোচন কৰিছে।ঘোষৰ বিষয়ে কেইবাটাও চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে আখটাৰ আলীয়ে। আখটাৰৰ দাবী, ঘোষে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰেকেট চলাইছিল আৰু বহুতো শিক্ষাৰ্থীও সেই ৰেকেটটোত জড়িত আছিল। আখটাৰ আলীয়ে কৈছিল যে, সন্দীপ ঘোষে টকা লৈ শিক্ষাৰ্থীসকলক উত্তীৰ্ণ- অনুত্তীৰ্ণ কৰাইছিল। মৃতদেহ বিক্ৰী কৰিছিল, জৈৱ চিকিৎসাৰ আৱৰ্জনাৰ চোৰাং ব্যৱসায় কৰিছিল। ইয়াৰ উপৰিও যন্ত্ৰ ক্ৰয়, ইউজি-পিজিৰ কাউন্সিলিঙত ৰিগিং, নিযুক্তিত দুৰ্নীতি আদিৰ দৰে বহুতো অভিযোগ ঘোষৰ বিৰুদ্ধে আৰোপ কৰা হৈছে।

আৰ জি কৰ চিকিৎসালয়খনৰ বিত্তীয় দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে এখন এছআইটি গঠন কৰিছিল । কিন্তু আখটাৰ আলীয়ে প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পাছত কলকাতা উচ্চ ন্যায়ালয়ে আৰ জি কৰ চিকিৎসালয়ত দুৰ্নীতিৰ গোচৰটোৰ তদন্ত চিবিআইলৈ হস্তান্তৰ দিছিল। উচ্চতম ন্যায়ালয়ে শুনানিৰ কৈছিল যে এজন যুৱ অধিবক্তাইআমাক মহাবিদ্যালয়খনত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ ওচৰত কিছু নথি-পত্ৰ দাখিল কৰিছে । কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে আৰ জি কৰ চিকিৎসালয়ৰ বিত্তীয় দুৰ্নীতিৰ গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ এছআইটিয়ে শনিবাৰে ৰাতিপুৱা চিবিআইক গোচৰৰ নথি-পত্ৰ হস্তান্তৰ কৰিছিল।