5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলকাতা কাণ্ডঃ চিবিআইৰ পিছত এইবাৰ ইডিৰ ৰাডাৰত আৰ জি কৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ

কলকাতাৰ ধৰ্ষণ কাণ্ড সন্দৰ্ভত প্ৰথমে তদন্তৰ আওতালৈ অহা আৰ জি কাৰ মেডিকেল কলেজৰ অধ্যক্ষ সন্দীপ ঘোষক চিবিআইয়ে দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। এইবাৰ চিবিআইৰ পিছত ইডিয়েও দুৰ্নীতিৰ গোচৰত ঘোষৰ সৈতে জড়িত ৫ৰ পৰা ৬টা স্থানত অভিযান চলাইছে।

কলকাতা কাণ্ডঃ চিবিআইৰ পিছত এইবাৰ ইডিৰ ৰাডাৰত আৰ জি কৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ
ইডিৰ নজৰত সন্দীপ ঘোষ
monjit-dutta
Monjit Dutta | Published: 06 Sep 2024 12:23 PM

সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। এই গোচৰৰ তদন্তৰ আওতালৈ আহিছিল আৰ জি কাৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। প্ৰাক্তন অধ্যক্ষগৰাকীক ধাৰাবাহিকভাৱে জেৰা কৰাৰ পিছত চিবিআইয়ে দুৰ্নীতিৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছিল। চিবিআইৰ পিছত এইবাৰ আন এটা তদন্তকাৰী সংস্থা ইডিৰ ৰাডাৰলৈ আহিছে সন্দীপ ঘোষক। আজি ইডিয়ে সন্দীপ ঘোষৰ সৈতে জড়িত কলকাতাৰ ৫ৰ পৰা ৬টা স্থানত অভিযান চলাইছে।

ইডিৰ অভিযান চলা এই স্থানসমূহৰ ভিতৰত আৰ জি কাৰ হাস্পতালৰ ডাটা এণ্ট্ৰি অপাৰেটৰ প্ৰসুন চেটাৰ্জীৰ বাসগৃ্হকে ধৰি সন্দীপ ঘোষ আৰু তেওঁৰ ঘনিষ্ঠ আত্মীয়ৰ বাসগৃ্হ, লগতে সন্দীপ ঘোষৰ এজন পুৰণি ঘনিষ্ঠ সহযোগীৰ বাসগৃ্হও আছে বুলি জানিব পৰা গৈছে। মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ তদন্তৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছে।

ইফালে চিকিৎসক ধৰ্ষণ তথা হত্যাকাণ্ডৰ গোচৰত চিবিআইৰ তদন্ত অন্তিম পৰ্যায়ত উপনীত হৈছে। ইতিমধ্যে এই গোচৰত সংগ্ৰহ কৰা ডি এন এ ৰিপ’ৰ্ট চিবিআইৰ হাতত পৰিছে আৰু চূড়ান্ত মতামতৰ বাবে এইমছলৈ প্ৰেৰণ কৰা হৈছে। এইমছৰ চিকিৎসকৰ পেনেলে ডি এন এ ৰিপ’ৰ্ট অধ্যয়ন কৰি আছে আৰু শীঘ্ৰে চূড়ান্ত ৰিপ’ৰ্ট পুনৰ চিবিআইলৈ প্ৰেৰণ কৰা হ’ব।

এইমছে এই ডি এন এ ৰিপৰ্ট সন্দৰ্ভত চূড়ান্ত মতামত দিয়াৰ পিছত এই গোচৰৰ তদন্ত সম্পূৰ্ণ হ’ব বুলি সূত্ৰই উল্লেখ কৰিছে। চিবিআইয়ে এই গোচৰত বৰ্তমানলৈকে ১০০ জনতকৈ অধিক লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে। লগতে অপৰাধৰ কোনো অংশই যাতে অভিযোগনামাত অসম্পূৰ্ণ হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি চিবিআইয়ে ১০ জনতকৈ অধিক লোকৰ পলিগ্ৰাফ টেষ্টো সম্পন্ন কৰিছে।

চিবিআইৰ তদন্তৰ পৰা সঞ্জয় ৰায়ে অকলেই যে এই ঘটনা সংঘটিত কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁৰ বিৰুদ্ধে চিবিআইৰ হাতত যথেষ্ট প্ৰমাণ আছে বুলিও পোহৰলৈ আহিছে। চিবিআইয়ে শীঘ্ৰেই অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে। লক্ষণীয়ভাৱে প্ৰাৰম্ভিক পৰ্যায়ত এই ঘটনাৰ লগত আৰু কিছু লোকো জড়িত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল।

সেই সূত্ৰেই চিবিআইয়ে আৰ জি কাৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জেৰা চলাইছিল। ১৬ দিনৰ জেৰাৰ অন্তত চিবিআইয়ে অৱশ্যে আৰ্থিক অনিয়মৰ অভিযোগতহে ঘোষক গ্ৰেপ্তাৰ কৰে। সন্দীপ ঘোষক চিকিৎসা মহাবিদ্যালয়ত প্ৰথমে ধৰ্ষণ আৰু হত্যাৰ বিষয়ে, সঞ্জয় ৰয়ৰ বিষয়ে আৰু তাৰ পিছত আৰ্থিক অনিয়মৰ বিষয়ে প্ৰায় ২৫০ ঘণ্টা ধৰি জেৰা কৰা হৈছিল।

আনহাতে ২৪ আগষ্টত চিবিআইয়ে সন্দীপ ঘোষসহ অন্যান্যৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰি সুকীয়া তদন্ত আৰম্ভ কৰে। ঘোষে ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে আৰ জি মেডিকেল কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। বিগত বৰ্ষৰ অক্টোবৰ মাহত তেওঁ আন স্থানলৈ বদলি হৈছিল যদিও এমাহৰ ভিতৰতে তেওঁ পুনৰ আৰ জি মেডিকেল কলেজলৈ উভতি আহে।

চিকিৎসা মহাবিদ্যালয়খনত হোৱা আৰ্থিক অনিয়মৰ সন্দৰ্ভত চিবিআইৰ তীক্ষ্ণ নজৰত আছে চিকিৎসা মহাবিদ্যালয়খনৰ আন কেইগৰাকীমান বৰ্তমানৰ কৰ্মচাৰী। চিবিআইয়ে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। এই গোচৰত চিবিআইয়ে এই পৰ্যন্ত ২০টাতকৈও অধিক অভিযান চলাইছে।

Latest News