শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অশ্লীল ভিডিঅ’ চোৱাৰ অভ্যাস আছে যদি জানি লওক ইয়াৰ শাস্তি কি হ’ব পাৰে

অশ্লীল ভিডিঅ' প্ৰস্তুত, উপভোগ বা শ্বেয়াৰ ভাৰতীয় আইনৰ অধীনত এক গুৰুতৰ অপৰাধ । এনে কামৰ শাস্তি কি হয় জানেনে ? যদি আপুনি ভাৰতত এনেধৰণৰ ভিডিঅ' চাই বা প্ৰস্তুত কৰে তেন্তে আপোনাৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে । জানি লওক সবিশেষ-

অশ্লীল ভিডিঅ’ চোৱাৰ অভ্যাস আছে যদি জানি লওক ইয়াৰ শাস্তি কি হ’ব পাৰে
প্ৰতীকী ছবিImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Published: 10 Jun 2025 14:38 PM

পৰ্ণগ্ৰাফী চোৱা বা নিৰ্মাণ কৰা এই দুয়োটা কামে ভাৰতীয় আইন অনুসৰি নিষিদ্ধ । ২০২২ চনত ভাৰত চৰকাৰৰ আই টি এক্টৰ ধাৰা ২৯২ আৰু ২৯৩ অনুসৰি আৰু ৬৩টা ৱেবছাইট নিষিদ্ধ কৰা হৈছিল ইণ্টাৰনেটৰ পৰা । কিন্তু তেতিয়াও এই ব্যৱসায় বন্ধ নাছিল । পশ্চিম বংগৰ হাওৰাত শেহতীয়াকৈ মাতৃ-পুত্ৰৰ যুটি শ্বেতা আৰু আৰিয়ান খানে পৰ্ণগ্ৰাফীৰ ব্যৱসায় চলোৱাৰ তথ্য পোহৰলৈ আহিছে ।

এনে কামৰ শাস্তি কি হয় জানেনে ? যদি আপুনি ভাৰতত এনেধৰণৰ ভিডিঅ’ চাই বা প্ৰস্তুত কৰে তেন্তে আপোনাৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে-

ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২৯৪:

অশ্লীল বা পৰ্ণগ্ৰাফিক সামগ্ৰী বিক্ৰী, বিতৰণ, প্ৰদৰ্শন বা প্ৰচাৰৰ সৈতে জড়িত যিকোনো কাম, বা কোনো এজন ব্যক্তিয়ে অশ্লীল সামগ্ৰী আন এজনক ভাড়াত দিলে – এই সকলোবোৰ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২৯৪ অধীনত অবৈধ ।

শাস্তি:

  • যদি আপুনি প্ৰথমবাৰৰ বাবে এই অপৰাধ সংঘটিত কৰে তেন্তে সৰ্বাধিক ২ বছৰৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে ।
  • যদি আপুনি এই অপৰাধ বাৰে বাৰে কৰে তেন্তে সৰ্বাধিক ৫ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে ।

ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২৯৫:

এই ধাৰা ২৯৪ ৰ দৰেই, কিন্তু ই বিশেষভাৱে শিশু বা কিশোৰৰ (১৮ বছৰৰ তলৰ) সুৰক্ষাৰ সৈতে সম্পৰ্কিত । এই ধাৰা অনুসৰি ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিক অশ্লীল সামগ্ৰী বিক্ৰী, বিতৰণ, প্ৰদৰ্শন, বিজ্ঞাপন বা ভাড়াত দিয়া, বা তেনে কৰাৰ প্ৰস্তাৱ দিয়া বা চেষ্টা কৰাটো অপৰাধ ।

শাস্তি:

  • প্ৰথমবাৰৰ বাবে অপৰাধীৰ সৰ্বাধিক ৩ বছৰৰ কাৰাদণ্ড আৰু ২০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে ।
  • অপৰাধৰ পুনৰাবৃত্তি হ’লে শাস্তি হিচাপে সৰ্বাধিক ৭ বছৰৰ কাৰাদণ্ড আৰু ৫,০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে ।

তথ্য প্ৰযুক্তি আইন (আই টি আইন)ৰ ৬৭ নং ধাৰা:

তথ্য প্ৰযুক্তি আইনৰ ৬৭ নং ধাৰা অনুসৰি যৌন উত্তেজনাপূৰ্ণ বা যিকোনো ব্যক্তিৰ চৰিত্ৰক অৱনমিত কৰাৰ সম্ভাৱনা থকা যিকোনো অশ্লীল বা পৰ্ণগ্ৰাফিক সামগ্ৰী প্ৰকাশ, প্ৰেৰণ বা প্ৰচাৰ কৰাটো বেআইনী ।

শাস্তি:

  • প্ৰথমবাৰৰ বাবে অপৰাধীক সৰ্বাধিক ৫ বছৰৰ কাৰাদণ্ড আৰু ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হয় ।
  • অপৰাধৰ পুনৰাবৃত্তি হ’লে সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ড আৰু ২ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হয় ।

তথ্য প্ৰযুক্তি আইন (আই টি আইন)ৰ ধাৰা ৬৭(ক):

৬৭ (ক) ধাৰা অনুসৰি ইলেক্ট্ৰনিক মাধ্যমেৰে যৌন আচৰণ বা কাৰ্যকলাপৰ চিত্ৰণ বা প্ৰদৰ্শন কৰা যিকোনো সামগ্ৰী প্ৰকাশ বা প্ৰেৰণ কৰাটো সম্পূৰ্ণ অবৈধ আৰু শাস্তিযোগ্য ।

শাস্তি:

  • প্ৰথমবাৰ অপৰাধৰ বাবে সৰ্বাধিক ৫ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা ।
  • অপৰাধৰ পুনৰাবৃত্তি হ’লে সৰ্বাধিক ৭ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা ।

প্ৰসংগক্ৰমে ২০২৪ চনত উচ্চতম ন্যায়ালয়েও শিশু পৰ্ণগ্ৰাফীক লৈ গুৰুত্বপূৰ্ণ ৰায়দান দিছিল । শিশু পৰ্ণগ্ৰাফীৰ ভিডিঅ’ চোৱাটো অপৰাধ । ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত স্পষ্টকৈ উল্লেখ কৰিছিল যে নিজৰ ইলেক্ট্ৰনিক ডিভাইচত শিশুৰ যৌন নিৰ্যাতনৰ ভিডিঅ’ ডাউনলোড, চোৱা বা সংৰক্ষণ কৰাটোও আইনৰ অধীনত এক গুৰুতৰ অপৰাধ । আদালতে কয় যে POCSO আইনৰ ১৫(১) ধাৰাত এইটো অপৰাধ বুলি গণ্য কৰা হ’ব । POCSO ধাৰাত ইয়াৰ বিচাৰ প্ৰক্ৰিয়া চলিব ।