শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসৎ আচৰণৰ মিছা অভিযোগ! বদনাম সহিব নোৱাৰি জীৱনৰ শেষ সিদ্ধান্ত দীপকৰ…

কেৰালাৰ এটা ভাইৰেল ভিডিঅ'ই সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী যুৱতীয়ে বাছৰ এটা ভিডিঅ' ভাইৰেল কৰাৰ পাছতে এজন লোকে জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অসৎ আচৰণৰ মিছা অভিযোগ! বদনাম সহিব নোৱাৰি জীৱনৰ শেষ সিদ্ধান্ত দীপকৰ…
যুৱতীগৰাকী আৰু ভুক্তভোগী
Barasha Sarma
Barasha Sarma | Updated On: 22 Jan 2026 13:18 PM

ভাইৰেল ভিডিঅ’ই কাৰোবাৰ প্ৰাণ ল’ব পাৰে নেকি? এয়া আচৰিত প্ৰশ্ন যেন লাগিলেও আজিৰ সামাজিক মাধ্যমৰ যুগত এয়া সহজ হৈ পৰিছে। এটা ভাইৰেল ভিডিঅ’ৰ পাছতে শেহতীয়াকৈ কেৰালাৰ কোঝিকোডত এজন লোকে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, এগৰাকী মহিলাই বাছৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰি অভিযোগ কৰিছিল যে তেওঁক এজন লোকে বেয়াকৈ স্পৰ্শ কৰিছে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে লোকজনে চৰম পন্থা গ্ৰহণ কৰে।

জানিব পৰা মতে, ভিডিঅ’টো ভাইৰেল হোৱাৰ প্ৰায় ৪৮ ঘন্টাৰ ভিতৰতে ২০ লাখৰো অধিক ভিউজ পাইছিল। ভিডিঅ’টোত মহিলাগৰাকীয়ে অভিযোগ কৰা ধৰণে দীপক নামৰ লোকজনে তেওঁক বেয়াকৈ স্পৰ্শ কৰিছিল। এই ভিডিঅ’টো দীপকেও দেখা পাইছিল। এনে অৱস্থাত বদনাম সহিব নোৱাৰি লোকজনে চৰম পন্থা গ্ৰহণ কৰে।

ভিডিঅ’টো ভাইৰেল কৰা যুৱতীগৰাকী ছিমজিথা মুস্তাফা বুলি চিনাক্ত হৈছে। ইতিমধ্যে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভিডিঅ’টো যুৱতীগৰাকীয়ে এখন বাছত ভ্ৰমণ কৰি থকাৰ সময়ত লৈছিল। তেওঁ দীপকৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ তুলিছিল। কিন্তু ভিডিঅ’টো তেনে কোনো দৃশ্য নাছিল। মুহূৰ্ততে এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু দীপকক মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে একাংশই। মানসিক চাপ সহ্য কৰিব নোৱাৰি লোকজনে চৰম পন্থা গ্ৰহণ কৰে।

যেতিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে তেতিয়া গম পাইছে যে, দীপকে কোনো অসৎ আচৰণ কৰা নাছিল। যুৱতীগৰাকীৰ ভিডিঅ’টো কোনো সত্য ওলাই নপৰিল। আনকি বাছত থকা লোকসকলেও দীপকে এনে কোৱো আচৰণ নকৰা বুলি কয়।

যেতিয়া লোকজনৰ মৃত্যুৰ খবৰ চাৰিওফালে বিয়পি পৰে তেতিয়া যুৱতীগৰাকীয়ে পলায়ন কৰে। লগতে তেওঁ আগতীয়াকৈ জামিন আবেদনো জনায়। কিন্তু ইয়াৰ মাজতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে।

 

অন্য খবৰ পঢ়কঃ কোঠাৰ ভিতৰত উদ্ধাৰ মৃতদেহ! গোৱাত অসমীয়া যুৱতীৰ সৈতে কি কৰিলে ৰাছিয়াৰ যুৱকে?