শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Kedarnath Dham:আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কেদাৰনাথ ধাম, মাংগলিক পৰ্বৰ মাজেৰে খুলি দিয়া হ’ল মন্দিৰৰ দুৱাৰ

চাৰি ধাম যাত্ৰাৰ অন্যতম বাবা কেদাৰনাথ মন্দিৰৰ দুৱাৰ আজি মুকলি কৰা হৈছে। পুনৰ ছমাহৰ পিছত বাবা ভক্তসকলে দৰ্শন কৰিব পাৰিব। আজি জানো আহক কোনখিনি সময়ত কৰিব দৰ্শন...

Kedarnath Dham:আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কেদাৰনাথ ধাম, মাংগলিক পৰ্বৰ মাজেৰে খুলি দিয়া হ’ল মন্দিৰৰ দুৱাৰ
কেদাৰনাথ ধাম মুকলি
barasha-misra
Barasha Misra | Updated On: 13 May 2024 14:28 PM

চাৰি ধাম যাত্ৰালৈ যাব বিচৰা ভক্তসকলে এই কথা জানি অতি আনন্দিত হ’ব যে আজিৰে পৰা ভক্তসকলৰ বাবে কেদাৰনাথৰ দুৱাৰ মুকলি কৰা হৈছে। আজি অক্ষয় তৃতীয়াৰ শুভ মুহূৰ্ত উপলক্ষে অৰ্থাৎ ২০২৪ চনৰ ১০ মে’ তাৰিখে মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছে। পুৱা ৭ বজাত কেদাৰনাথ মন্দিৰ আৰু যমুনোত্ৰী ধাম মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খোলা হৈছে বিপৰীতে দিনৰ ১২:২০ বজাত গংগোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছে।

এনেকৈ দৰ্শন কৰক

মন্দিৰ সমিতিয়ে ইয়াত দৰ্শনৰ বাবে কিছু বিশেষ ব্যৱস্থা কৰিছে। প্ৰায় ১৩ৰ পৰা ১৫ ঘণ্টা ধৰি মন্দিৰৰ দুৱাৰ খোলা থাকিব, আৰু ভক্তসকলে বাবা কেদাৰনাথৰ দৰ্শন কৰিব পাৰিব। ৰাতিপুৱা শিৱলিংগ স্নান কৰি ঘিৰে অভিষেক কৰি দীপ আৰু মন্ত্ৰ জপ কৰি আৰতি কৰা হ’ব। ভক্তসকলে পুৱা গৰ্ভগৃহত প্ৰৱেশ কৰি আৰতিত অংশগ্ৰহণ আৰু কেদাৰনাথক দৰ্শন কৰিব পাৰে।

দুপৰীয়া ১বজাৰ পৰা ২বজালৈ বিশেষ পূজা অনুষ্ঠিত হ’ব, তাৰ পিছত মন্দিৰৰ দুৱাৰ বন্ধ কৰি জিৰণি লোৱা হ’ব। সন্ধিয়া পাঁচ বজাত মন্দিৰৰ দুৱাৰ আকৌ এবাৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয়। সন্ধিয়া ০৭:৩০ বজাৰ পৰা ০৮:৩০ বজালৈ এক বিশেষ আৰতি অনুষ্ঠিত হয়, য’ত ভগৱান শিৱৰ পঞ্চমুখী মূৰ্তিক সজাই তোলা হয়। ভক্তসকলে কেৱল দূৰৰ পৰাহে চাব পাৰে।

২০২৪ চনৰ ১৫ এপ্ৰিলৰ পৰা কেদাৰনাথ ধামলৈ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ হৈছে। য’ত ৩ মে’ত অনলাইন পঞ্জীয়ন বন্ধ আছিল যদিও ৮ মে’ৰ পৰা ভক্তসকলৰ বাবে অনলাইন পঞ্জীয়নৰ সুবিধা আৰম্ভ কৰা হৈছে। যিসকলে ৰ্ধম যাত্ৰাৰ বাবে অনলাইন পঞ্জীয়ন কৰিব পৰা নাই তেওঁলোকে হৰিদ্বাৰ আৰু ঋষিকেশত গৈ অনলাইন পঞ্জীয়ন কৰিব পাৰিব।

অফলাইন পঞ্জীয়ন

হৰিদ্বাৰ পোৱাৰ পিছত যাত্ৰীসকলে ঋষিকেশৰ যাত্ৰী পঞ্জীয়ন কাৰ্যালয় আৰু ট্ৰেনজিট কেম্পত চাৰিটা ধামলৈ যাত্ৰাৰ বাবে সৰ্বাধিক তিনিদিনৰ বাবে অফলাইনত পঞ্জীয়ন কৰিব পাৰিব।

এইদৰেই কেদাৰনাথ ধাম পাব পাৰি

খোজকাঢ়ি যোৱা ভ্ৰমণ

কেদাৰনাথ ধাম বা যিকোনো ধামলৈ খোজকাঢ়ি যাত্ৰা এটা ধৰ্মীয় আৰু অভিজ্ঞতাৰে ভৰা যাত্ৰা। গৌৰীকুণ্ড বা সোণপ্ৰয়াগৰ পৰা যাত্ৰা আৰম্ভ কৰি পাহাৰীয়া পথেৰে ধাম পাব পাৰি। এই যাত্ৰা প্ৰায় ১৪ কিলোমিটাৰ।

বাছ আৰু টেক্সি সেৱা

যাত্ৰীসকলৰ বাবে ঘাইপথ সেৱাও উপলব্ধ, য’ত বাছ আৰু টেক্সি কেদাৰনাথ ধামলৈ যায়। ঘাইপথ সেৱাৰ বাবে গুপ্তকাশী বা ৰুদ্ৰপ্ৰয়াগৰ পৰা যাত্ৰা কৰিব লাগে।

হেলিকপ্টাৰ সেৱা

হেলিকপ্টাৰ সেৱা ব্যৱহাৰ কৰি কেদাৰনাথ ধামলৈ সহজে আৰু ক্ষীপ্ৰতাৰে উপস্থিত হ’ব পাৰে। ওচৰৰ চহৰ হৰিদ্বাৰ, ডেৰাডুন আৰু গুপ্তকাশীৰ পৰা বিমান সেৱা উপলব্ধ যিয়ে কেদাৰনাথ ধাম পায়।

পালকী আৰু ঘোঁৰাত উঠি যোৱা

ভক্তসকলৰ বাবে পালকী আৰু ঘোঁৰাৰ যাত্ৰাও উপলব্ধ। যাৰ ওপৰত যাত্ৰীসকলে ধাম পাব পাৰে।