TV9 ASSAM
যদি আপোনাৰ বাৰে বাৰে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয় তেন্তে ইয়াক আওকান কৰা ভাল নহয়। কিয়নো ই ৰোগৰ লক্ষণ হ'ব পাৰে। ই কোনো ভিতৰুৱা ৰোগৰ সংকেত হ'ব পাৰে।
IBS এক সাধাৰণ কিন্তু দীৰ্ঘদিন হৈ থকা ৰোগ। এই ৰোগত পেট বাৰে বাৰে বেয়া হয়। যাৰ ফলত বিষ, গেছ, কোষ্ঠকাঠিন্য আদি হৈ থাকিব পাৰে। এই ৰোগ হতাশা আৰু খাদ্যৰ লগত জড়িত।
অস্বাস্থ্যকৰ বা দুষিত খাদ্য গ্ৰহণ কৰাৰ ফলত ফুড পইজনিং হ'ব পাৰে। ইয়াৰ ফলত পেটত বিষ, বমি, জ্বলা-পোৰাৰ দৰে বিষ হ'ব পাৰে। এনে হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
যদি গাখীৰ বা দুগ্ধজাত সামগ্ৰী খোৱাৰ পাছত বাৰে বাৰে পেট বেয়া হয় তেন্তে ই লেক্টোজ ইন্টাৰৰেন্সৰ সমস্যা হ'ব পাৰে। এনে ব্যক্তিসকলে গাখীৰ হজম কৰিব নোৱাৰে। ইয়াৰ ফলত বিষ, গেছ আদি হয়।
লেতেৰা পানী বা খাদ্যৰ ফলত শৰীৰত বেক্টেৰিয়া উৎপন্ন হয়। ই অন্ত্ৰৰ ক্ষতিসাধন কৰিব পাৰে যাৰ ফলত বাৰে বাৰে পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত শৰীৰ দুৰ্বল, পুষ্টিহীনতা হয়।
ই ক্ৰোনিক ৰোগ। ই অন্ত্ৰৰ ভিতৰত ফুলাৰ সমস্যা সৃষ্টি কৰে। ইয়াৰ ফলত পেটত বিষ, ওজন কম, তেজ অহা, ডায়েৰিয়া আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে।
যদি আপোনাৰ পেটৰ সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকে, লগতে ওজন হ্ৰাস,শৌচত তেজ অহা, ভোক নলগা আদি সমস্যাৰ সৃষ্টি হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক