শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মহাসংকটত জনতা, গাজাত ৫ টকীয়া পাৰ্লে-জি বিক্ৰী হৈছে ২৪০০ টকাত!

মহাসংকটত জনতা, গাজাত ৫ টকীয়া পাৰ্লে-জি বিক্ৰী হৈছে ২৪০০ টকাত!

trishna-kalita
Trishna Kalita | Published: 08 Jun 2025 18:16 PM

গাজাত দেখা আনখন ভয়ানক ছবি হ’ল খাদ্য সংকট। যি সময়ত বিশ্বজুৰি ঈদ-উল-আজহা উপলক্ষে কুৰবানী দিয়া হৈছে, খাদ্য পৰিবেশন কৰা হৈছে, আপোনজনক উপহাৰ দিয়া হৈছে, সেই সময়তে এমুঠি খাদ্যৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে গাজাৰ হাজাৰ হাজাৰ লোকে ।

ভাৰতত  এপেকেট এপাৰ্লে-জিৰ দাম মাত্ৰ ৫ টাকা। কিন্তু এই ৫ টকীয়া ‘পাৰ্লে – জি’ বিস্কুট গাজাত ৫০০ গুণ বেছি দামত বিক্ৰী হৈছে। গাজাত ১ পেকেট ‘পাৰ্লে – জি’ বিস্কুটৰ দাম ২৪০০ টকাত। হয়তো আপুনি শুনি আচৰিত যেন লাগিব। কিন্তু এয়াই সঁচা ।  ঈদৰ দিনা পুৱা গাজা ষ্ট্ৰিপৰ মছজিদত নামাজ পঢ়া নহ’ল, কাৰণ তাত এতিয়া মছজিদ বুলি একোৱে নাই। ইজৰাইলৰ ক্ষেপণাস্ত্ৰই ধ্বংস হৈছে সকলো।