TV9 ASSAM
যোৱা ৩ জুনত অন্ত পৰিল আই পি এল ২০২৫। পঞ্জাৱ কিংছক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।
এইবাৰ প্ৰতিযোগিতাৰ বিজয়ী হিচাপে আৰচিবিয়ে ২০ কোটি টকা আৰু ৰাণাৰ্ছ আপ দল পঞ্জাৱ কিংছে ১২.৫ কোটি টকাৰ পুৰস্কাৰ লাভ কৰে।
আই পি এলৰ পিছত এতিয়া অহা ১১ জুনৰ পৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ অপেক্ষা কৰিছে অনুৰাগীসকলে।
টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী দলে ৩.৬ মিলিয়ন ডলাৰ, প্ৰায় ৩০.৮৮ কোটি টকা লাভ কৰিব। আনহাতে ৰাণাৰ্ছ আপ দলটোৱে লাভ কৰিব ২.১৬ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৮.৫০ কোটি টকা।
WTCৰ এয়া তৃতীয় সংস্কৰণ। পূৰ্বৰ দুটা সংস্কৰণত বিজয়ী দলটোৱে ১.৬ মিলিয়ন ডলাৰ আৰু ৰাণাৰ্ছ আপ দলটোৱে ৮,০০,০০০ মাৰ্কিন ডলাৰ পুৰস্কাৰ লাভ কৰিছিল।
এইবাৰ টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত তৃতীয় স্থানত থাকে ভাৰতীয় দল। সেই হিচাপে ভাৰতীয় দলটোৱে ১.৪৪ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ১২ কোটি টকা পাব।
পঢ়িবলৈ ক্লিক কৰক
ইংলেণ্ডক সকীয়নি কে এল ৰাহুলৰ