যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? 

8 JUNE 2025

TV9 ASSAM

যকৃতৰ সংক্ৰমণ হ’ল এক গুৰুতৰ অৱস্থা য’ত যকৃতে সঠিকভাৱে কাম কৰা বন্ধ কৰি দিয়ে। বহু কাৰণত এনে হ’ব পাৰে।

যকৃতৰ সংক্ৰমণ

হেপাটাইটিছ সংক্ৰমণ, ফেটি লিভাৰ, খাদ্য বিষক্ৰিয়া, মদ্যপান, ধূমপান, মেদবহুলতা আৰু কিছুমান ঔষধৰ অত্যধিক সেৱনৰ ফলত যকৃতৰ সংক্ৰমণ হ’ব পাৰে।

কাৰণ

যকৃতত সংক্ৰমণ হ’লে শৰীৰত বহুতো লক্ষণ দেখা দিয়ে। এইবোৰক আওকাণ কৰা উচিত নহয়।

লক্ষণ

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে বুজাইছে যে যেতিয়া লিভাৰে সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে ক্লান্তি আৰু দুৰ্বলতা অনুভৱ হয়।

ভাগৰ আৰু দুৰ্বলতা

যকৃতত সংক্ৰমণৰ বাবে বিলিৰুবিন ৰঞ্জক পদাৰ্থৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ কাৰণে ছাল আৰু চকু হালধীয়া দেখাবলৈ আৰম্ভ কৰে।

জণ্ডিচ

যকৃতৰ সংক্ৰমণৰ ফলত পেট ফুলি উঠে, যাৰ ফলত পেটৰ বিষ আৰু গধুৰ হ’ব পাৰে। ইয়াৰ বাহিৰেও ভোক কমি যোৱা, আৰু বদহজম আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

পেটৰ বিষ

যকৃতৰ সংক্ৰমণ চিনাক্ত কৰিবলৈ প্ৰথমে LFT (liver function test) কৰা হয়, য’ত লিভাৰৰ এনজাইম আৰু বিলিৰুবিনৰ মাত্ৰা দেখুওৱা হয়। হেপাটাইটিছ সংক্ৰমণৰ সম্ভাৱনা থাকিলে HBsAg আৰু Anti-HCV আদি তেজৰ পৰীক্ষা কৰা হয়। আল্ট্ৰাছাউণ্ড বা CT স্কেন কৰি যকৃতৰ গঠন বা ফুলা দেখা যায়। কিছুমান গুৰুতৰ ক্ষেত্ৰত লিভাৰ বায়’প্সিও কৰিব পাৰি। সকলো পৰীক্ষা চিকিৎসকৰ পৰামৰ্শ মতেহে কৰিব লাগে।

কেনেকৈ চিনাক্ত কৰিব

চাবলৈ ক্লিক কৰক 

ডিঙি আৰু ভৰিৰ বিষ কিয় হয়?