America, Pakistan: ৱাশ্বিংটনত উপস্থিত হোৱা পাকিস্তানৰ প্ৰতিনিধিক ডাঙৰ আহ্বান আমেৰিকাৰ…
বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে পাকিস্তানে । উদ্দেশ্য সন্ত্ৰাসবাদৰ সন্দৰ্ভত পাকিস্তানৰ স্থিতি স্পষ্ট কৰা । এই প্ৰতিনিধি দলটোক শক্তিশালী বাৰ্তা দিছে আমেৰিকাই ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক পাকিস্তানে । এই বাৰ্তা আমেৰিকাৰ । শেহতীয়াকৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা অপাৰেচন সেন্দূৰ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে । ভাৰতৰ এই পদক্ষেপক সমৰ্থনো কৰিছে বিশ্বৰ অধিকাংশ দেশে। তেনে সময়তে বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে পাকিস্তানে । উদ্দেশ্য সন্ত্ৰাসবাদৰ সন্দৰ্ভত পাকিস্তানৰ স্থিতি স্পষ্ট কৰা । এই প্ৰতিনিধি দলটোক শক্তিশালী বাৰ্তা দিছে আমেৰিকাই । পাকিস্তানত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানী প্ৰতিনিধি দলটোক আহ্বান জনাইছে আমেৰিকাৰ কংগ্ৰেছী ব্ৰেড শ্বাৰমানে।
তেওঁ এই ‘ঘৃণনীয়’ সন্ত্ৰাসবাদী সংগঠনটোক নিৰ্মূল কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পাকিস্তানক। একে সময়তে পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ পাকিস্তানক আহ্বান জনাইছে আমেৰিকান কংগ্ৰেছীজনে।
পাকিস্তানে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কেইবাখনো দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে। শশী থাৰুৰৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দল ৱাশ্বিংটনত থকাৰ সময়ত পাকিস্তানী প্ৰতিনিধি দলো আমেৰিকাত উপস্থিত হয়। পাকিস্তানী প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে বিলোৱাল ভুট্টো জৰ্দাৰী। এই দলটোৱে বৃহস্পতিবাৰে ৱাশ্বিংটনত ব্ৰেড শ্বাৰমানক সাক্ষাৎ কৰে।