ঘৰৰ গাড়ীখন কেতিয়াবা পথতে ধুইছে নেকি? সাৱধান, হ’ব পাৰে এনে শাস্তি…
নিজৰ সুবিধা অনুযায়ী কেতিয়াবা আপুনি নিজৰ গাড়ীখন পথত বা আন ৰাজহুৱা স্থানতে ধুৱাইছে নেকি? সাৱধান, যদি এনে কাম কৰিছে আপুনি এই কামৰ বাবে শাস্তিৰো সন্মুখীন হ’ব পাৰে। ভাৰতত এই ক্ষেত্ৰত বহু বিধি-বিধান প্ৰযোজ্য। জানো আহক আমাৰ দেশত এই ক্ষেত্ৰত প্ৰযোজ্য কিছু বিধানৰ বিষয়ে।

ঘৰত যদি এখন থাকে, সেই বাহনখন চাফ-চিকুণকৈ ৰাখিবলৈ আমি সকলোৱে বিচাৰোঁ। কেতিয়াবা যদি ৱাশ্বিং চেণ্টাৰলৈ নি গাড়ীখন ধুৱাইছে, সুযোগ সুবিধা মিলিলে হয়তো কেতিয়াবা নিজে ঘৰতে ধুই পৰিষ্কাৰ কৰে। পিছে নিজৰ সুবিধা অনুযায়ী কেতিয়াবা আপুনি নিজৰ গাড়ীখন পথত বা আন ৰাজহুৱা স্থানতে ধুৱাইছে নেকি? সাৱধান, যদি এনে কাম কৰিছে আপুনি এই কামৰ বাবে শাস্তিৰো সন্মুখীন হ’ব পাৰে। কিয়নো বহু নগৰসভা বা স্থানীয় নিয়ম অনুসৰি পথ বা ৰাজহুৱা স্থানত গাড়ী ধোৱা কাৰ্য বেআইনী হ’ব পাৰে।
পথ বা ৰাজহুৱা স্থানত গাড়ী ধোৱা কাৰ্যক সাৰ্বজনীন সম্পত্তিৰ অপব্যৱহাৰ, পানীৰ অপচয়, আৰু বহু ক্ষেত্ৰত সামাজিক ব্যাঘাত হিচাপেও গণ্য কৰা হয়। ভাৰতত এই ক্ষেত্ৰত বহু বিধি-বিধান প্ৰযোজ্য। কিন্তু এই বিষয়ে জ্ঞাত নোহোৱাৰ ফলত আপুনি কেতিয়াবা শাস্তিৰো সন্মুখীন হ’ব পাৰে। গতিকে জানো আহক আমাৰ দেশত এই ক্ষেত্ৰত প্ৰযোজ্য কিছু বিধানৰ বিষয়ে।
১/ নগৰসভা/মিউনিচিপাল নিয়ম
দিল্লী, মুম্বাই, বাংগালৰু, হায়দৰাবাদ আদি দেশৰ বৃহৎ চহৰসমূহত পথত গাড়ী ধোৱা নিষিদ্ধ। এই কাৰ্যক নিম্নলিখিত অপৰাধ হিচাপে ধৰা হয়ঃ
সাৰ্বজনীন স্থান অৱৰোধ কৰা।
পানীৰ অপচয় কৰা
ডিটাৰ্জেণ্ট মিহলি পানী নলীত পেলাই পৰিবেশ প্ৰদূষণ কৰা।
দিল্লী জল ব’ৰ্ডে গৰমৰ সময়ত বা পানীৰ নাটনি চলি থকা সময়ত হ’জ পাইপৰে গাড়ী ধোৱাৰ বাবে ৫০০ টকা পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰে।
২/ ট্ৰেফিক নিয়ম আৰু মটৰ যান আইন
যদি আপুনিৰ গাড়ী ধোৱা কাৰ্যই যান-জঁটৰ সৃষ্টি কৰে বা সুৰক্ষাৰ সমস্যা সৃষ্টি কৰে, তেতিয়া Motor Vehicles Act, 1988 ৰ ধাৰা ২০১ বা ধাৰা ১২২ অনুসৰি জৰিমনাৰ সন্মুখীন হ’ব পাৰে।
৩/ পৰিবেশ আৰু সামাজিক সমস্যা সম্পৰ্কীয় আইন
চাবোন, ডিটাৰ্জেণ্ট বা লেতেৰা পানী নলীত পেলালে বা প্ৰাকৃতিক উৎসত পেলালে, The Water (Prevention and Control of Pollution) Act, 1974 আৰু স্থানীয় পৰিবেশ সংৰক্ষণ আইনৰ অধীনত শাস্তিৰ সন্মুখী হ’ব পাৰে। বিশেষকৈ পৰিবেশ-সংবেদনশীল এলেকাত এই নিয়ম অধিক কঠোৰ হয়।