শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
India-Pakistan Tension: পানী নাপালে নিগমে মৰিব পাকিস্তান, ভাৰতলৈ প্ৰেৰণ ৪খনকৈ চিঠি

India-Pakistan Tension: পানী নাপালে নিগমে মৰিব পাকিস্তান, ভাৰতলৈ প্ৰেৰণ ৪খনকৈ চিঠি

Barasha Misra
Barasha Misra | Published: 08 Jun 2025 15:49 PM

অপাৰেচন সেন্দূৰৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আৰম্ভ হয়। পাকিস্তানে জম্মু-কাশ্মীৰ, ৰাজস্থান, পঞ্জাৱৰ সীমান্তৰে আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল যদিও ভাৰতে প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰিছিল। পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা হয় যদিও সিন্ধু জল সন্ধি স্থগিত আছে।

সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে পাকিস্তানে জল সংকটৰ ভুগিছে। মাজে মাজে চন্দ্ৰভাগা বান্ধৰ পৰা পানী এৰি দিয়া হয় যদিও পাকিস্তানৰ সমস্যা সমাধান হোৱা নাই। ইয়াৰ বিপৰীতে পাকিস্তানত জল সংকট ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰিছে। জানিব পৰা মতে, পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ৰ সম্পাদক চৈয়দ আলী মুৰ্তাজাই ভাৰতৰ জল শক্তি মন্ত্ৰালয়লৈ চাৰিখন পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে ভাৰত নিজৰ স্থিতিত দৃঢ়। স্পষ্টকৈ জনাইছে যে, সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে হ’ব নোৱাৰে। তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে। যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদক উচটনি দিয়া বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল সন্ধিও স্থগিত হৈ থাকিব।

অপাৰেচন সেন্দূৰৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আৰম্ভ হয়। পাকিস্তানে জম্মু-কাশ্মীৰ, ৰাজস্থান, পঞ্জাৱৰ সীমান্তৰে আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল যদিও ভাৰতে প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰিছিল। পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা হয় যদিও সিন্ধু জল সন্ধি স্থগিত আছে।

অপাৰেচন সেন্দূৰৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বাৰে বাৰে ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। তেওঁ বিশ্ব মঞ্চত বাৰে বাৰে কৈ আহিছে যে ভাৰতৰ সৈতে সংঘাত সমাধানৰ বাবে আলোচনা কৰিব বিচাৰে।