শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Published: 09 Jun 2025 07:50 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • এতিয়াও স্বাভাৱিক হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি।  কেৱল মানুহকেই নহয়, বানে প্ৰভাৱিত কৰিছে জীৱ-জন্তু, পশুধন আদিকো। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DRIMS ) ৮ জুন দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি  বিগত ২৪ ঘণ্টাত আৰু তিনিজন লোকৰ প্ৰাণ হেৰুৱাইছে। যাৰ ফলত এই বছৰৰ বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ২০লৈ বৃদ্ধি পাইছে। ৰাজ্যৰ ১২খন জিলাৰ ৩২টা চক্ৰ আৰু ৭৪১ খন গাঁৱৰ ২,৫৯,০৯৩ জন লোক বানৰ ফলত বৰ্তমানেও ক্ষতিগ্ৰস্ত হৈ আছে।
  • বিজেপিত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই?  তথ্য অনুসৰি, ৰঙানদী বিধানসভা সমষ্টিৰ হোৱাটছএপ গ্ৰুপৰ পৰা হঠাতে আঁতৰিছে ভূপেন বৰা। দলৰ হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰাৰ কাৰণ বৰাই এতিয়ালৈকে কোৱা নাই যদিও এই কথাই এতিয়া একাংশ কংগ্ৰেছীৰ মনত বহু প্ৰশ্নৰ অৱকাশ আনিছে। ইয়াকে লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে ধুমুহা।
  • কলগাছিয়াৰ বাংকাভাংগা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণ মৃত্যু। বাসগৃহত জুই লাগি মৃত্যু আব্দুল ৰছিদৰ।  শাৰীৰিকভাৱে অক্ষম আব্দুল ঘৰৰ পৰা ওলাব পৰা নাছিল। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে আব্দুলৰ ঘৰত লাগিছিল জুই।
  • এদিনীয়া কাৰ্যসূচীৰে আজি অনুষ্ঠিত হ’ব অসম বিধান সভাৰ অধিৱেশন। পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব অধিৱেশনৰ কাম-কাজ। ডিব্ৰুগড় বিমানবন্দৰৰ নাম ড° ভূপেন হাজৰিকা নামেৰে নামাকৰণ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰস্তাৱ।
  • ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছে। ১০ জুনত তেওঁ এক্সিয়াম-৪ অভিযানৰ অধীনত মহাকাশ যানেৰে যাত্ৰা কৰিব আৰু প্ৰায় ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ১১ জুনৰ নিশা প্ৰায় ১০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব। এয়া হ’ব এক্সিয়াম স্পেচৰ চতুৰ্থটো মানৱ মহাকাশ উৰণ। ইয়াক আমেৰিকাৰ ফ্ল’ৰিডাত থকা নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব। শুভাংশুসহ এই অভিযানত চাৰিজন মহাকাশচাৰী জড়িত হ’ব।
  • আমেৰিকাত অনুপ্ৰৱেশ বলবৎকৰণক লৈ ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আজি কাৰ্যকৰী হৈছে ড’নাল্ড ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞা নীতি। বিগত বুধবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে এক নিৰ্দেশত স্বাক্ষৰ কৰি ১২খন দেশৰ লোকক আমেৰিকাত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। তেওঁ প্ৰথম কাৰ্যকালৰ পৰাই এক বিশেষ নীতি পুনৰুজ্জীৱিত আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে মূলতঃ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ লোকসকলক প্ৰভাৱিত কৰিব।

লগতে পঢ়ক: কেনে যাব আপোনাৰ সোমবাৰৰ দিনটো,  চাওক আজিৰ ৰাশিফল…