শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাৰ ২.৫৯ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ২০লৈ বৃদ্ধি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DRIMS ) ৮ জুন দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি  বিগত ২৪ ঘণ্টাত আৰু তিনিজন লোকৰ প্ৰাণ হেৰুৱাইছে। যাৰ ফলত এই বছৰৰ বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ২০লৈ বৃদ্ধি পাইছে।

ৰাজ্যৰ অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাৰ ২.৫৯ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ২০লৈ বৃদ্ধি
অসমৰ বানImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 09 Jun 2025 07:17 AM

এতিয়াও স্বাভাৱিক হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি।  কেৱল মানুহকেই নহয়, বানে প্ৰভাৱিত কৰিছে জীৱ-জন্তু, পশুধন আদিকো। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DRIMS ) ৮ জুন দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি  বিগত ২৪ ঘণ্টাত আৰু তিনিজন লোকৰ প্ৰাণ হেৰুৱাইছে। যাৰ ফলত এই বছৰৰ বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ২০লৈ বৃদ্ধি পাইছে।

অৱশ্যে বৰ্তমান কোনো নদী বিপদসীমাৰ ওপৰেৰে বৈ থকা নাই, তথাপিও সমগ্ৰ ৰাজ্যতে সামগ্ৰিকভাৱে মানৱীয় সংকট অধিক ভয়াৱহ হৈয়েই আছে। শনিবাৰৰ দিনটোত ৰাজ্যৰ ১১ খন জিলাৰ ৩.৩৭ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈ আছিল । কিন্তু দেওবাৰৰ দিনটোত বান পৰিস্থিতি উন্নত হোৱাত ক্ষতিগ্ৰস্তৰ সংখ্যা ২.৫৯ লাখলৈ হ্ৰাস পায় ।  এ এছ ডি এম এৰ প্ৰতিবেদন অনুসৰি হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কামৰূপ, গোৱালপাৰা, কাছাৰ, নগাঁও, কামৰূপ (মেট্ৰ’), দৰং, লখিমপুৰ, আৰু গোলাঘাট আদিকে ধৰি ১১খন জিলা বানত প্ৰভাৱিত হৈ আছে। ডুব গৈছে মুঠ ৩২টা ৰাজহ চক্ৰ আৰু ৭৪১খন গাঁও। যিয়ে এই দুৰ্যোগৰ ব্যাপক স্বৰূপ প্ৰতিফলিত কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, ৰাজ্যৰ ১২খন জিলাৰ ৩২টা চক্ৰ আৰু ৭৪১ খন গাঁৱৰ ২,৫৯,০৯৩ জন লোক বানৰ ফলত বৰ্তমানেও ক্ষতিগ্ৰস্ত হৈ আছে।  ইয়াৰে পুৰুষৰ সংখ্যা ১১০৪৫৮ গৰাকী, মহিলা ৮০,৬০২ গৰাকী আৰু শিশু ৬৮, ০৩৩ গৰাকী। সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাখন হৈছে শ্ৰীভূমি। জিলাখনৰ ১.৬২ লাখ লোক বৰ্তমানেও বানৰ কবলত । ইয়াৰ পাছতে আছে হাইলাকান্দি জিলা । জিলাখনৰ ৫১,৬৬৩ জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈ আছে । একেদৰে কাছাৰত ৩৬,১৭১ জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ইফালে বানে ৬,৩১১.১৬ হেক্টৰ শস্য ভূমি  প্লাৱিত কৰি ৰাজ্যখনৰ কৃষি অৰ্থনীতিত যথেষ্ট ক্ষতি কৰিছে। ইয়াৰ উপৰিও বানৰ কবলত আছে ১.৪৪ লাখৰো অধিক জীৱ-জন্তু।  ১০০ টা সাহায্য শিবিৰ আৰু ৩০টা বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে চৰকাৰে। স্থানচ্যুত লোকসকলক সহায় কৰিবলৈ ব্যাপক সাহায্য অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। বৰ্তমান ২৪,৯০৮ জন লোকে আশ্ৰয় লৈছে এই শিবিৰসমূহত। য’ত খাদ্য, পানী, চিকিৎসাৰ সহায় প্ৰদান কৰা  হৈছে।