অগপৰ প্ৰাৰ্থী ঘোষণাৰ পৰা ট্ৰাম্পৰ সকীয়নিলৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…
ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি। এতিয়াও বানৰ কবলত ৰাজ্যৰ ১২ খন জিলা । লগতে ৩ লাখতকৈ অধিক লোক প্ৰভাৱিত।
- আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপই । চৰ্ত সাপেক্ষে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নাম ঘোষণা অসম গণ পৰিষদৰ।
- ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি। এতিয়াও বানৰ কবলত ৰাজ্যৰ ১২ খন জিলা । লগতে ৩ লাখতকৈ অধিক লোক প্ৰভাৱিত।
- কাইলৈ অনুষ্ঠিত হব অসম বিধানসভাৰ বিশেষ অধিবেশন। ড০ ভূপেন হাজৰিকাক স্মৰণ কৰিব সদনে।
- অসমত অবৈধভাবে গো হত্যা সন্দৰ্ভত সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।শৰ্মাই কয় যে, ঈদ-উজ-জোহাত সমগ্ৰ অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে গো বধ আৰু গৰুৰ অংশ উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৬ জনক আটক কৰা হৈছে।
Latest Videos