শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জম্মুত সেনাৰ গুলীত নিহত পাকিস্তানী সন্ত্ৰাসবাদী উছমান, মাভি-আখতাৰক বিচাৰি অভিযান সেনাৰ

গণৰাজ্য দিৱসৰ পূৰ্বে জম্মু-কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। কাঠুৱা আৰু উধামপুৰ অঞ্চলত জইছ-ই-মহম্মদৰ তিনিটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছিল। আজি উছমানৰ সেনাৰ গুলীত মৃত্যু হয়।

জম্মুত সেনাৰ গুলীত নিহত পাকিস্তানী সন্ত্ৰাসবাদী উছমান, মাভি-আখতাৰক বিচাৰি অভিযান সেনাৰ
ভাৰতীয় সেনা (ফাইল ফটো)Image Credit source: Firdous Nazir/NurPhoto via Getty Images
Raj Saikia
Raj Saikia | Published: 23 Jan 2026 19:27 PM

জম্মু অঞ্চলৰ কাঠুৱাত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী এক বৃহৎ সফলতা লাভ কৰিছে। কাঠুৱাৰ বিলাৱাৰত উছমান নামৰ এটা পাকিস্তানী সন্ত্ৰাসবাদী নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে। উছমান জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীটোৰ পৰা উদ্ধাৰ হৈছে গোলাবাৰুদ আৰু লজিষ্টিক সামগ্ৰী। বৰ্তমান অঞ্চলটোত অব্যাহত আছে ব্যাপক তালাচী অভিযান।

এই অভিযান সন্দৰ্ভত সেনাই কয় যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ২৩ জানুৱাৰীত কাঠুৱাৰ পাৰ্হেটাৰ অঞ্চলত সেনা আৰু আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে। ঘেৰাওৰ সময়ত এটা সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। ইয়াৰ পিছত জোৱানসকলে প্ৰত্যুত্তৰ দি কম সময়ৰ ভিতৰতে সন্ত্ৰাসবাদীটোক হত্যা কৰে।

উছমানৰ পিছত এতিয়া মাভি আৰু আখতাৰৰ পাল

গণৰাজ্য দিৱসৰ পূৰ্বে জম্মু-কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। কাঠুৱা আৰু উধামপুৰ অঞ্চলত জইছ-ই-মহম্মদৰ তিনিটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছিল। আজি উছমানৰ সেনাৰ গুলীত মৃত্যু হয়। এতিয়া পাকিস্তানী সন্ত্ৰাসবাদী মাভি আৰু আখতাৰ আলীৰ সন্ধান অব্যাহত আছে।

কেইবাবছৰ পূৰ্বে আখতাৰে পাকিস্তান ভ্ৰমণ কৰিছিল

স্থানীয় সন্ত্ৰাসবাদী আখতাৰ কেইবাবছৰ পূৰ্বে পাকিস্তানলৈ গৈছিল। তাত সন্ত্ৰাসবাদী প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত তেওঁ উভতি আহি কাঠুৱা অঞ্চলত সক্ৰিয় হৈ পৰে। তেওঁৰ ক’ড নাম নিক্কু। শেহতীয়াকৈ নিৰাপত্তা বাহিনী আৰু এই সন্ত্ৰাসবাদীৰ দুবাৰকৈ সংঘৰ্ষ হৈছে যদিও দুয়োটা সময়তে সন্ত্ৰাসবাদীটোৱে পলায়ন কৰিবলৈ সক্ষম হয়।

সন্ত্ৰাসবাদীয়ে বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে

যোৱা ৭ জানুৱাৰীত কাঠুৱাৰ খৌগ অঞ্চলত প্ৰথমবাৰ সংঘৰ্ষ হৈছিল হৈছিল। প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত ১৩ জানুৱাৰীত সংঘটিত হৈছিল দ্বিতীয়টো এনকাউণ্টাৰ। উধামপুৰ আৰু কাঠুৱাত নিৰাপত্তা বাহিনীয়ে অতি ক্ষীপ্ৰতাৰে সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আছে। চোৰাংচোৱা সংস্থাসমূহে সন্দেহ কৰিছে যে এই সন্ত্ৰাসবাদীসকলে গণৰাজ্য দিৱসৰ দিনা বা তাৰ আশে-পাশে বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে।