শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Tobacco Ban: ২১ বছৰৰ তলৰ লোকে বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী! হ’ব পাৰে ৩ বছৰ পৰ্যন্ত জে’ল

এতিয়াৰ পৰা আপুনি ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ধূমপান আৰু গুটকাও অন্তৰ্ভুক্ত। এই আইনৰ ৪ এ ধাৰাৰ অধীনত হুকা বাৰ খোলা আৰু চলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Tobacco Ban: ২১ বছৰৰ তলৰ লোকে বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী! হ’ব পাৰে ৩ বছৰ পৰ্যন্ত জে’ল
প্ৰতীকি ফটোImage Credit source: Meta AI
trishna-kalita
Trishna Kalita | Updated On: 01 Jun 2025 12:51 PM

শেহতীয়াকৈ দেশৰ এখন ৰাজ্যত ধূমপানৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যখনত হুকা বাৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধঁপাতজাতীয় সামগ্ৰী ক্ৰয় কৰাৰ বয়সো ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হৈছে। নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তি আৰু জৰিমনা বিহা হ’ব। পিছে কোনখন ৰাজ্যত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা ?

কৰ্ণাটক চৰকাৰে ৩০ মে’ত জাৰি কৰিছিল এই নিৰ্দেশনা।ৰাষ্ট্ৰপতিয়ে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী (কৰ্ণাটক সংশোধনী) বিধেয়কখন গৃহীত কৰাৰ পিছত এই নিয়ম প্ৰৱৰ্তন কৰা হয়।যাৰ ফলত এতিয়াৰ পৰা আপুনি ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ধূমপান আৰু গুটকাও অন্তৰ্ভুক্ত।

এই আইনৰ ৪ এ ধাৰাত হুকা বাৰ খোলা আৰু চলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যদি কোনো লোকে এই নিয়ম উলংঘা কৰে তেন্তে ১ বছৰৰ পৰা ৩ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈকে জৰিমনা বিহা হ’ব পাৰে।অৱশ্যে ৩০টাতকৈ অধিক কোঠা থকা হোটেল বা ৰেষ্টুৰেণ্টত আৰু বিমানবন্দৰৰ ধূমপান কৰা ঠাইত ইয়াৰ অনুমতি দিয়া হৈছে।

আনহাতে এই আইনৰ অধীনত ২১ বছৰৰ তলৰ লোকে চিগাৰেট বা আন কোনো ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ উপৰিও শিক্ষানুষ্ঠানৰ পৰা ১০০ মিটাৰ দূৰত্বত কোনো ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। লগতে ৰাজহুৱা স্থানত ধূমপান বা ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰি ধৰা পৰিলে ২০০ৰ পৰা ১০০০ টকীয়া জৰিমনা বিহা হ’ব।