গে ডেটিং এপত বন্ধুত্ব, ঘৰলৈ গৈ খুৱালে নিচাযুক্ত চকলেট আৰু পাছত যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড
আৰক্ষীয়ে যেতিয়া ঘটনা তদন্ত কৰে তেতিয়া সকলো পোহৰলৈ আহে। ভুক্তভোগীয়ে পাছলৈ আৰক্ষীক জনাই যে তেওঁ ছানীক এটা গে ডেটিং এপত লগ পাইছিল। তেওঁলোকে বহু অশ্লীল কথাও পাতিছিল।
 
                                দেশত প্ৰতিদিনে বৃদ্ধি পাইছে হত্যা, অপহৰণ, ধৰ্ষণ, লুট পাত আদিৰ ঘটনা। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে। য’ত এজন এল আই চি মেনেজাৰৰ পৰা ১৩ লাখকৈ টকা লুটি নিয়াৰ এক ঘটনা পোহৰলৈ আহিছিল। এই ঘটনাৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ মতে এই লুট পাত কাণ্ড সংঘটিত কৰিছিল এল আই চি মেনেজাৰজন গে পাৰ্টনাৰে। এই লুট পাতৰ ঘটনা সংঘটিত হৈছিল উত্তৰ প্ৰদেশৰ কানপুৰত। মহাৰাষ্ট্ৰৰ বাসিন্দা ছানী নামৰ যুৱকজনৰ সৈতে এল আই চিৰ মেনেজাৰজনৰ বন্ধুত্ব এটা গে এপৰ দ্বাৰা হৈছিল।
অভিযুক্তই নিজকে এজন সেনা জোৱান বুলি চিনাকী দিছিল। ইয়াৰ মাজতে এদিন এল আই চি মেনেজাৰজনে পত্নী আৰু সন্তানক মাকৰ ঘৰলৈ পঠিয়াই ছানীক ঘৰলৈ মাতে। যেতিয়া ছানীয়ে গম পাই তেওঁ অকলে থকা বুলি লগে লগে ঘটনাৰ পৰিকল্পনা আৰম্ভ কৰে। এল আই চি মেনেজাৰজনৰ ঘৰলৈ যোৱাৰ পাছত ছানীয়ে তেওঁক এটি নিচাযুক্ত চকলেট খুৱাই আৰু তাৰ ফলত এল আই চি মেনেজাৰজন অচেতন হৈ পৰে। লগে লগে ছানীয়ে তেওঁলোকৰ ঘৰৰ পৰা সোণৰ আ- অলংকাৰ, টকা- পইচা আদি সকলো লুটি লৈ যায়।
এই ঘটনা সন্দৰ্ভত যেতিয়া ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেতিয়া আৰক্ষীক এক মিছা কাহিনী কয়। তেওঁ কয় যে, ছানী তেওঁলোকৰ দূৰ সম্পৰ্কীয়। এদিন ছানী তেওঁলোকৰ ঘৰলৈ এনেয়ে থাকিবলৈ আহিছিল। কিন্তু পিছদিনা সকলো লুটি উধাও হয় ছানী।কানপুৰ উপায়ুক্ত আৰক্ষীৰ ডিচিপি দক্ষিণ ৰবীন্দ্ৰ কুমাৰৰ মতে, জেৰাৰ সময়ত আৰক্ষীয়ে উপলব্ধি কৰে যে ভুক্তভোগীৰ কাহিনী মিছা। তাৰ মাজতে অন্য দিশৰ পৰাও তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে যেতিয়া ঘটনা তদন্ত কৰে তেতিয়া সকলো পোহৰলৈ আহে। ভুক্তভোগীয়ে পাছলৈ আৰক্ষীক জনাই যে তেওঁ ছানীক এটা গে ডেটিং এপত লগ পাইছিল। তেওঁলোকে বহু অশ্লীল কথাও পাতিছিল। তাৰ মাজতে এদিন এল আই চি মেনেজাৰজনে ছানীক ঘৰলৈ মাতি আনিছিল আৰু তেতিয়াই এই ঘটনা সংঘটিত হয়।
ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছানী ছিণ্ডে নামৰ যুৱকজনে অপৰাধ মানি লৈছে। তেওঁ কৈছে যে, তেওঁলোকৰ মাজত বিশেষ মুহুৰ্ত চলি থকাৰ মাজতে তেওঁ এল আই চি মেনেজাৰজনক নিচাযুক্ত দ্ৰব্য দি অচেতন কৰে আৰু পাছত সকলো লুটি নিয়ে। তেওঁ ভৱা নাছিল ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিব বুলি। কিয়নো এই ঘটনাই তেওঁৰ পৰিয়ালটো প্ৰভাৱ পেলালেহেতেন। যাৰ বাবে ছানীয়ে তেওঁক ঘৰৰ ঠিকনা বা আন সকলো সঁচা কৈছিল। ছানীয়ে তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় ১৩ লাখ টকা লুটি নিছিল।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      