মৰ্মান্তিক! জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে পিতৃ-মাতৃৰ লগতে ৩ কন্যাই
দেওবাৰে নিশা চাৰি মহলীয়া অট্টালিকাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৫ জন সদস্যই। জোতাৰ কাৰখানাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ড ইমানে ভয়াৱহ আছিল যে ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ৭ ঘণ্টাৰ কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইফালে অগ্নিকাণ্ডৰ কাৰণ বিচাৰি অব্যাহত আছে তদন্ত।

উত্তৰ প্ৰদেশৰ কানপুৰৰ চামনগঞ্জ থানা এলেকাৰ প্ৰেম নগৰৰ চাৰি মহলীয়া অট্টালিকাত দেওবাৰে নিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত এটা পৰিয়ালৰ পাঁচজন সদস্যৰ কৰুণ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে পিতৃ-মাতৃ আৰু তেওঁলোকৰ তিনিগৰাকী কন্যা। অট্টালিকাৰ প্ৰথম আৰু দ্বিতীয় মহলাত থকা জোতাৰ কাৰখানাত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ড প্ৰথমে তৃতীয় আৰু তাৰ পিছত চতুৰ্থ মহলালৈ বিয়পি পৰে। খবৰ পোৱাৰ লগে লগে মুঠ ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ৭ ঘণ্টা সময় লাগিছিল। নিশা ১.৩০ বজাত ঘটনাস্থলীত উপস্থিত হয় লক্ষ্ণৌৰ পৰা এছ ডি আৰ এফৰ দল । এই অভিযানত ৭০ জনতকৈ অধিক অগ্নিনিৰ্বাপক বাহিনীয়ে সহযোগ কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাৰ তৃতীয় মহলাত আবদ্ধ হৈ থকা একাংশ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চতুৰ্থ মহলাত আবদ্ধ হৈ থকা মহম্মদ ডেনিছ (৪৫), তেওঁৰ পত্নী নাজমি ছাবা (৪২) আৰু কন্যা চাৰা (১৫), ছিমৰা (১২) আৰু ইনায়া (৭)ক প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। পুৱা প্ৰায় ৫:৩০ বজাত আটাইকেইজনৰ মৃতদেহ বাৰ্ন ইউনিটলৈ প্ৰেৰণ কৰা হয়।
স্থানীয় ৰাইজৰ মতে, প্ৰথমে বেছমেণ্টৰ পৰা সূত্ৰপাত হোৱা অগ্নিকাণ্ড মাত্ৰ ২০ মিনিটতে চতুৰ্থ মহলালৈ বিয়পি পৰে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে অট্টালিকাটোত তিনিটাকৈ ডাঙৰ বিস্ফোৰণ সংঘটিত হয়। এই শব্দ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে। পিছত এই কথা অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। মু জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈছিল অগ্নিনিৰ্বাপক বাহিনীৰ ১০খন বাহন। নিশা ৮.৩০-৮.৪৫ বজাৰ ভিতৰত অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয় বুলি মৃত ব্যক্তিজনৰ এজন আত্মীয়ই জানিবলৈ দিয়ে।
জোতাৰ তলুৱা আঠা লগাবলৈ ব্যৱহাৰ কৰা ডেণ্ড্ৰাইট ৰাসায়নিক আৰু পেট্ৰ’ল কাৰখানাটোত থকা বাবে জুই নিৰ্বাপনৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হয়। চৌদিশে ছানি ধৰা ধোঁৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাটোত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইফালে আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ওচৰত থকা ৬টা অট্টালিকা খালী কৰি তাত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে। অৱশ্য়ে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। ইয়াৰ বাবে অব্যাহত আছে তদন্ত। বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ মতে, প্ৰথম অৱস্থাত সন্মুখৰ পৰা পোনপটীয়াকৈ পানী ছটিয়াই জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছিল যদিও উচ্চতা আৰু সংকীৰ্ণ চিৰিৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত হাইড্ৰলিক প্লেটফৰ্ম মাতি অনা হয়, যাৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীয়ে ওপৰৰ মহলালৈ পানী পাম্প কৰি তাত আবদ্ধ লোকসকলক উদ্ধাৰ কৰে।
#WATCH | Kanpur, UP | Rescue operations continue at the building where a fire broke out in the Chaman Ganj area of the city. SDRF and police officials are at the spot. pic.twitter.com/IAj4atSyQ4
— ANI (@ANI) May 4, 2025
তথ্য অনুসৰি এই বহুমহলীয়া ভৱনটোৰ তলৰ মহলাত এটা গুদাম আছিল য’ত কেঁচামাল, উৎপাদিত সামগ্ৰী আৰু বৃহৎ পৰিমাণৰ ৰাসায়নিক পদাৰ্থ মজুত আছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত প্ৰায় দুঘণ্টা ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত তলৰ মহলাৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে। কিন্তু তাৰ পিছত জুইয়ে জ্বলি তৃতীয়, চতুৰ্থ আৰু তাৰ পিছত পঞ্চম মহলাটো আগুৰি ধৰিলে। উল্লেখ্য যে, শেহতীয়াকৈ স্বৰূপ নগৰৰ এটা অট্টালিকাৰ তলৰ অংশত অৱস্থিত এখন ৰেষ্টুৰেণ্টত অগ্নিকাণ্ডৰ ফলত ওপৰৰ মহলাত ধোঁৱাই ছানি ধৰিছিল, যাৰ ফলত অচেতন হৈ পৰিছিল এগৰাকী মহিলা।