বিপদত কংগনা ৰাণাৱট! বিজেপিয়ে কৰিলে একাষৰীয়া, কাৰণ…
কংগনা ৰানাৱটক দলৰ হৈ দলীয় নীতিৰ বিষয়ত কথা ক’বলৈ অনুমতিও নাই, কৰ্তৃত্বও নাই। কংগনা ৰানাৱটক ভৱিষ্যতে এনে কোনো বক্তব্য নিদিবলৈ নিৰ্দেশ দিয়া হৈছে। বিজেপিয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ আৰু সামাজিক সম্প্ৰীতিৰ নীতি মানি চলিবলৈ বদ্ধপৰিকৰ।
বিজেপিয়ে একাষৰীয়া কৰিলে বিজেপিৰ নৱ- নিযুক্ত সাংসদ কংগনা ৰাণাৱটক। মাণ্ডি আসনৰ পৰা লোকসভা নিৰ্বাচনত জয়লাভ কৰা সাংসদগৰাকীয়ে কৃষকক লৈ যি মন্তব্য প্ৰদান কৰিছিল সেয়া দলৰ নহয়, তেওঁৰ ব্যক্তিগত বুলি কয় বিজেপিয়ে। কংগনা ৰাণাৱটৰ এই মন্তব্যৰ লগত দলৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি বিজেপিয়ে ভৱিষ্য়তে সাংসদগৰাকীক এনে মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত বিজেপিয়ে এখন প্ৰেছ বিবৃতি জাৰি কৰিছে, য’ত কৈছে- কৃষক আন্দোলনৰ প্ৰেক্ষাপটত সাংসদ কংগনা ৰানাৱটে দিয়া বক্তব্য দলৰ মতামত নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁৰ বক্তব্যৰ সৈতে মতানৈক্য প্ৰকাশ কৰে।
লগতে দলটোৱে কয় যে,কংগনা ৰানাৱটক দলৰ হৈ দলীয় নীতিৰ বিষয়ত কথা ক’বলৈ অনুমতিও নাই, কৰ্তৃত্বও নাই। কংগনা ৰানাৱটক ভৱিষ্যতে এনে কোনো বক্তব্য নিদিবলৈ নিৰ্দেশ দিয়া হৈছে। বিজেপিয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ আৰু সামাজিক সম্প্ৰীতিৰ নীতি মানি চলিবলৈ বদ্ধপৰিকৰ।
কংগনাই কি কৈছিল
এক সাক্ষাৎকাৰৰ সময়ত কংগনাই কৈছিল যে,দলৰ শীৰ্ষ নেতৃত্ব দুৰ্বল হ’লে দেশৰ অৱস্থা বাংলাদেশৰ দৰে হ’ব পাৰে। কৃষক আন্দোলনত কি কি হৈছে সেয়া সকলোৱে দেখিছে। প্ৰতিবাদৰ নামত হিংসা, ধৰ্ষণ আদি হৈছিল। কিছুমান হত্যা কৰি ওলমাই থোৱা হৈছিল। কৃষকৰ সৈতে জড়িত সেই ৩ আইন পৰৱৰ্তী সময়ত চৰকাৰে উঠাই লয়। নহ’লে এই উগ্ৰবাদীসকলৰ পৰিকল্পনা বহুত দীঘলীয়া আছিল। এই সকলে দেশত যিকোনো কামেই কৰিব পাৰে। যদি বিজেপিৰ শীৰ্ষ নেতা শক্তিশালী নহয় তেন্তে আন্দোলনৰ সময়ত পঞ্জাৱকো বা্ংলাদেশ বনাই পেলোৱা হ’ব।
BJP सांसद कंगना रनौत ने देश के किसानों को हत्यारा-बलात्कारी कहा।
यह भी कहा: अमेरिका-चीन देश में अस्थिरता फैला रहे हैं।
यानी मोदी सरकार इतनी कमजोर है कि विदेशी ताकतें साजिश रच रहीं।
इस बारे में BJP अपनी चुप्पी तोड़े, वर्ना ये उनका आधिकारिक स्टैंड होगा। pic.twitter.com/G4EiECjKrR
— Congress (@INCIndia) August 26, 2024
কংগনাৰ এই মন্তব্যৰ পাছতেই কংগ্ৰেছকে ধৰি বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ইয়াৰ মাজতে বিজেপিৰ মন্তব্য পোহৰলৈ আহে। বিজেপিয়ে কংগনাৰ মন্তব্য দলৰ মন্তব্য নহয় বুলি কোৱাৰ লগতে তেওঁক এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কয়।