5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

“আৰম্ভ কৰিম এক নতুন অধ্যায়”- চম্পাই ছোৰেনে গঠন কৰিব নতুন দল

দলত হৈ থকা অপমান সহ্য কৰিব নোৱাৰি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে। বিভিন্ন জল্পনা- কল্পনাৰ অন্তত তেওঁ ঘোষণা কৰে যে তেওঁ নতুন দল গঠন কৰিব। এসপ্তাহ পাছত ইয়াৰ বিষয়ে সকলোকে জনাব তেওঁ।

“আৰম্ভ কৰিম এক নতুন অধ্যায়”- চম্পাই ছোৰেনে গঠন কৰিব নতুন দল
চম্পাই ছোৰেন
barasha-sarma
Barasha Sarma | Published: 21 Aug 2024 19:15 PM

দিল্লীৰ পৰা উভতাৰ পাছতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ। বিগত কেইটামান দিন ধৰি বিশেষ চৰ্চাত আছিল চম্পাই ছোৰেন। বিভিন্নজনে দাবী কৰিছিল যে চম্পাই ছোৰেনে বিজেপিত যোগদান কৰিব আৰু বিজেপি নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’বলৈ তেওঁ দিল্লীলৈ গৈছে। অৱশ্যে এই কথা অস্বীকাৰ কৰি তেওঁ কৈছিল যে দিল্লীত থকা কন্যাক লগ কৰিবলৈহে তেওঁ তালৈ গৈছিল।  চম্পাই ছোৰেন দিল্লীলৈ যোৱাৰ খবৰ বিয়পি পৰাৰ পাছতেই ঝাৰখণ্ডৰ ৰাজনীতি উত্তপ্ত হৈ পৰে।

মঙলবাৰে দিল্লীৰ পৰা উভতি আহে চম্পাই ছোৰেনে। সকলোৱে অপেক্ষা কৰি আছিল চম্পাই ছোৰেনৰ সিদ্ধান্তক লৈ। কিন্তু ইয়াৰ মাজতে চম্পাই ছোৰেনে মুখ খুলিলে।  বুধবাৰে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে কয় যে, মোৰ ওচৰত ৩০ৰ পৰা ৪০ হাজাৰ কৰ্মকৰ্তা আছে। গতিকে এনে পৰিস্থিতিত নতুন সংগঠন গঠনত কৰিব কিয় নোৱাৰি ? এসপ্তাহৰ পিছত সকলোৱে গম পাব। তাত (দিল্লী) মোৰ ছোৱালী আৰু মোৰ নাতি আছে। জনসাধাৰণৰ আহ্বান স্বীকাৰ কৰি মই এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিম।

তেওঁ কয় যে, ৰাজনীতি তেওঁ ত্যাগ নকৰে। নতুন দল গঠনৰ বিকল্প তেওঁৰ বাবে সদায় মুকলি আছে বুলি কয়। লগতে কয়, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাৰ হাতত অপমানৰ সন্মুখীন হৈ তেওঁ নিজৰ পৰিকল্পনাত দৃঢ় প্ৰতিজ্ঞ হৈছে। তেওঁ কয় , এয়া মোৰ জীৱনৰ এক নতুন অধ্যায়। মই ৰাজনীতি ত্যাগ নকৰো। মই মোৰ সমৰ্থকসকলৰ পৰা বহুত মৰম আৰু সমৰ্থন পাইছো। গতিকে এই সমৰ্থন লগত লৈ নতুন দল গঠন কৰিব পাৰিম। জে এম এমৰ পৰা কোনেও মোৰ লগত যোগাযোগ কৰা নাই। ছাত্ৰ জীৱনৰ পৰা সংগ্ৰাম কৰি আহিছো, এতিয়াও কৰিম।

উল্লেখ্য যে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন জেললৈ যোৱাৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰিছিল চম্পাই ছোৰেনে। কিন্তু জেলৰ পৰা উভতি আহি পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে চম্পাই ছোৰেনে। তেতিয়াৰ পৰাই এক প্ৰকাৰ ক্ষোভিত আছিল চম্পাই ছোৰেন। শেহতীয়াকৈ জে এম এমৰ কাৰ্যকৰ্তাই তেওঁৰ লগত কৰা বেয়া ব্যৱহাৰৰ কথাও উল্লেখ কৰিছিল।

চম্পাই ছোৰেনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁৰ ক্ষোভ ব্যক্ত কৰাৰ লগতে তেওঁক কৰা অপমানৰ কথা উল্লেখ কৰিছিল। তেওঁ লিখিছিল- যোৱা তিনিদিনত যি অপমানৰ সন্মুখীন হৈছো তাৰ পাছত মই চকুলো নিয়ন্ত্ৰণ কৰিব পৰা নাই।  তেওঁলোকৰ মূল লক্ষ্য আছিল কেৱল চকীখন। মোৰ এনে লাগিছিল সেই দলটোত মোৰ কোনো অস্তিত্ব নাই। কিন্তু সেই দলটোৰ প্ৰতি মই মোৰ সকলো সমৰ্পন কৰিছিলো। আৰু বহু অপমানজনক ঘটনা সংঘটিত হৈছে কিন্তু সেয়া মই উল্লেখ কৰিব বিচৰা নাই। ইমান অপমানৰ পাছত বিকল্প  পথ বিচাৰিবলৈ বাধ্য হ’লোঁ৷ চম্পাই ছোৰেন ঝাৰখণ্ডৰ এগৰাকী জনপ্ৰিয় নেতা। ঝাৰখণ্ডক পৃথক ৰাজ্য কৰাৰ দাবীত আৰম্ভ হোৱা আন্দোলনত ১৯৯০ চনৰ তেওঁ এগৰাকী সক্ৰিয় কৰ্মী আছিল। যাৰ বাবে তেওঁৰ ঝাৰখণ্ডৰ বাঘ বুলি কোৱা হয়।

Latest News