5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিযুক্তি পৰীক্ষা হৈ পৰিছে মৃত্যুৰ বাহক! পৰীক্ষাৰ বাবে গৈ প্ৰাণ হেৰুৱালে ১৪ জনে

ঝাৰখণ্ড আবকাৰী কনিষ্টবলৰ ৫৮৩টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা শাৰীৰিক পৰীক্ষাত এইপৰ্যন্ত প্ৰাণ হেৰুৱাইছে ১৪ জন প্ৰাৰ্থীয়ে। ১২ জনকৈ প্ৰাৰ্থীৰ মৃত্যুৰ বাবে ইতিপূৰ্বে ২২ আগষ্টৰ পৰা অনুষ্ঠিত হোৱা নিযুক্তি প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছিল। ১০ ছেপ্টেম্বৰৰ পৰা পুনৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে যদিও পুনৰ দুগৰাকী প্ৰাৰ্থীৰ মৃত্যুৱে জোকাৰি তুলিছে ৰাজ্যখন।

নিযুক্তি পৰীক্ষা হৈ পৰিছে মৃত্যুৰ বাহক! পৰীক্ষাৰ বাবে গৈ প্ৰাণ হেৰুৱালে ১৪ জনে
চিকিৎসাধীন অৱস্থাতে এজন প্ৰাৰ্থীৰ মৃত্যু
monjit-dutta
Monjit Dutta | Published: 14 Sep 2024 23:30 PM

ঝাৰখণ্ড ৰাজ্যিক কৰ্মচাৰী আয়োগে ঝাৰখণ্ড আবকাৰী কনিষ্টবলৰ ৫৮৩টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰিছে নিযুক্তি প্ৰক্ৰিয়া। কিন্তু এই নিযুক্তি পৰীক্ষা এতিয়া হৈ পৰিছে চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ বাবে মৃত্যুৰ বাহক। নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে হোৱা শাৰীৰিক পৰীক্ষাত ইজনৰ পিছত সিজনকৈ প্ৰাৰ্থীৰ মৃত্যুৰ ঘটনাই জোকাৰি তুলিছে ৰাজ্যখন। যোৱা ২২ আগষ্টত আৰম্ভ হৈছিল নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এই শাৰীৰিক পৰীক্ষা। কিন্তু সেই সময়ত ১২ জন প্ৰাৰ্থীৰ মৃত্যুৰ পিছত পৰীক্ষা পিছুৱাই দিয়া হৈছিল। ইয়াৰ পিছত যোৱা ১০ ছেপ্টেম্বৰৰ পৰা নতুন নিয়মেৰে পুনৰ এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

কিন্তু এইবাৰো শাৰীৰিক পৰীক্ষাৰ সময়ত মৃত্যু ঘটিছে দুগৰাকী প্ৰাৰ্থীৰ। ৰাজধানী ৰাঁচীত অৱস্থিত ৰাজ্যখনৰ সৰ্ববৃহৎ চিকিৎসালয় ৰিমছত চিকিৎসাৰ সময়ত মৃত্যু হৈছে মুৰামুল্লা সূৰ্য নামৰ এজন প্ৰাৰ্থীৰ। মৃত মুৰামুল্লা সূৰ্য নামৰ এই যুৱকজন ঝাৰখণ্ডৰ জামছেদপুৰ জিলাৰ বাসিন্দা। যোৱা ১২ ছেপ্টেম্বৰত তেওঁ শাৰীৰিক পৰীক্ষাৰ বাবে ৰাঁচী স্মাৰ্ট চিটি ধুৰ্ৱাত অৱস্থিত কেন্দ্ৰটোত উপস্থিত হৈছিল।

দৌৰৰ সময়ত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৰাঁচীৰ ৰিমছ হাস্পতালত ভৰ্তি কৰোৱা হয়। শনিবাৰে চিকিৎসাৰ সময়তে মৃত্যু হয় মুৰামুল্লা সূৰ্যৰ। মুৰামুল্লাকে ধৰি নিযুক্তি পৰীক্ষাৰ শাৰীৰিক পৰীক্ষাৰ অন্তত এতিয়ালৈকে মৃত্যু হৈছে ১৪জন পৰীক্ষাৰ্থীৰ। আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে এইপৰ্যন্ত মৃতকৰ সংখ্যা ১৬ জন বুলি দাবী কৰিছে। দলটোৱে নিজাকৈ প্ৰতিগৰাকী নিহত প্ৰাৰ্থীৰ পৰিয়াললৈ এক লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে।

বিজেপিয়ে লগতে ৰাজ্য চৰকাৰক প্ৰতিগৰাকী মৃতকৰ পৰিয়ালক ৫০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালকেইটাৰ কোনো সদস্যক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈ দাবী জনাইছে। লক্ষণীয়ভাৱে শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিছত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বন্ন গুপ্তাই সকলো কেবিনেট মন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক দৰমহাৰ পৰা এক লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি সদৰী কৰিছিল।

স্বাস্থ্যমন্ত্ৰী বন্ন গুপ্তাই লগতে ৰাজ্য চৰকাৰে সকলো মৃত প্ৰাৰ্থীৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়াব বুলিও ঘোষণা কৰিছিল। ইফালে কেইবাগৰাকীও প্ৰাৰ্থীৰ মৃত্যুৰ পিছতে ঝাৰখণ্ড আৰক্ষী মুখ্য কাৰ্যালয়ে ৰাজ্যজুৰি শাৰীৰিক পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা ৭টা কেন্দ্ৰৰ ভিতৰত অন্যতম পালামুৰ চিয়াংকি বিমানবন্দৰৰ খেলপথাৰত নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে।

অৱশ্যে আন ৬টা স্থানত পূর্বৰ দৰেই নিযুক্তি প্রক্রিয়া অব্যাহত আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে৷ উল্লেখ্য যে পূৰ্বৰ সূচী অনুসাৰে অনুষ্ঠিত হোৱা শাৰীৰিক পৰীক্ষাত কেইবাজনো প্ৰাৰ্থীৰ মৃত্যুৰ পিছত এই পৰীক্ষা পিছুৱাই দিয়া হৈছিল। এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত কৰা হৈছিল নিযুক্তি পৰীক্ষা। সময় সলনি কৰি ৰাতিপুৱা ৯ বজাৰ আগতে দৌৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা দিয়া হৈছিল।

সমান্তৰালকৈ দৌৰৰ পূৰ্বে প্ৰাৰ্থীসকলক অ’ আৰ এছ আৰু ফল-মূল দিয়াৰ সুবিধাও আৰম্ভ কৰা হয়। তদুপৰি সকলো কেন্দ্ৰতে পৰ্যাপ্ত ঔষধসহ এম্বুলেন্সৰ লগতে চিকিৎসা দলো উপস্থিত থকাৰ ব্যৱস্থা নিশ্চিত কৰা হৈছিল। কিন্তু এনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ পিছতো এই নিযুক্তি পৰীক্ষাৰ সময়ত প্ৰাৰ্থীৰ মৃত্যুৰ ঘটনা বন্ধ হোৱা নাই।

Latest News