শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জম্মু-কাশ্মীৰত পাকিস্তানৰ গুলীত শ্বহীদ ২ গৰাকী সেনা জোৱান, ৫ জন সাধাৰণ নাগৰিক নিহত

১০ মে’ৰ সন্ধিয়া ৫ বজাত ভাৰত আৰু পাকিস্তানৰ মাজত ঘোষণা কৰা হয় যুদ্ধবিৰতি । কিন্তু যুদ্ধবিৰতিৰ পাছতো জম্মু-কাশ্মীৰৰ বহু অঞ্চলত গুলীচালনা অব্যাহত থাকে।পাকিস্তানৰ আক্ৰমণত দুজন নিৰাপত্তাৰক্ষী বিষয়াকে ধৰি ৭জন লোকে প্ৰাণ হেৰুৱাইছে। পাকিস্তানে ড্ৰোন ব্যৱহাৰ কৰি আক্ৰমণ চলাইছিল। বৰ্তমানো উত্তেজনা অব্যাহত আছে আৰু বহু ক্ষেত্ৰত বজাৰ বন্ধ হৈ আছে।

জম্মু-কাশ্মীৰত পাকিস্তানৰ গুলীত শ্বহীদ ২ গৰাকী সেনা জোৱান, ৫ জন সাধাৰণ নাগৰিক নিহত
ভাৰতীয় সেনা
trishna-kalita
Trishna Kalita | Updated On: 11 May 2025 09:25 AM

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বাবে শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰা হয়। এই যুদ্ধবিৰতি সন্দৰ্ভত দুয়োখন দেশৰ মাজত চুক্তি হৈছিল, যিটো পিছত ঘোষণা কৰা হৈছিল। কিন্তু ইয়াৰ পাছতো জম্মু-কাশ্মীৰৰ বহু অঞ্চলত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে। যাৰ বাবে এতিয়াও সীমান্তত অব্যাহত আছে উত্তেজনা । যুদ্ধবিৰতিৰ পূৰ্বে পাকিস্তানৰ আক্ৰমণত দুজন নিৰাপত্তাৰক্ষীৰ লগতে আন ৫জন লোক নিহত হয়। এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে । পাকিস্তানৰ এই আক্ৰমণত দুডজনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে।

১০ মে’ৰ পুৱা প্ৰায় ৫ বজাত জম্মু চহৰ আৰু অন্যান্য অঞ্চলত কেইবাটাও আক্ৰমণ সংঘটিত কৰে পাকিস্তানে। ইয়াৰ লগতে LoC ত প্ৰচণ্ড গুলীচালনা হয়। পাকিস্তানৰ আক্ৰমণৰ পিছত এলাৰ্ট মোডলৈ আহে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰশাসনে। পাকিস্তানে ড্ৰ’নৰ জৰিয়তে আৱাসিক অঞ্চলসমূহক লক্ষ্য কৰি লৈছিল।

জম্মু-কাশ্মীৰৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, ৰাজৌৰী চহৰৰ চৰকাৰী বাসগৃহত গোলা আক্ৰমণত অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজ কুমাৰ থাপা আৰু তেওঁৰ দুজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। আক্ৰমণৰ পিছতে থাপাক চিকিৎসালয়লৈ লৈ যোৱা হয়, তাতেই তেওঁৰ মৃত্যু হয়। ইয়াৰ উপৰিও সেনা জোৱান মহম্মদ ইমটিয়াজ,  ৰাজৌৰী চহৰৰ এটা ঔদ্যোগিক এলেকাৰ সমীপত গোলাবৰ্ষণত দুজন লোক – দুবছৰীয়া আয়েছা নূৰ আৰু মহম্মদ শ্বোহিব (৩৫) নিহত হয়। পুঞ্চ জিলাৰ মেন্ধৰ ছেক্টৰৰ কাংঘৰা-গালহুট্টা গাঁৱত মৰ্টনৰ গোলা পৰি ঘৰত পৰি মৃত্যু হয় ৫৫ বছৰীয়া ৰছিদা বি। জম্মুৰ উপকণ্ঠ অঞ্চলৰ বন্তালবৰ খেৰী কেৰাণ গাঁৱত গোলাবৰ্ষণত জাকিৰ হুছেইন (৪৫) নিহত হোৱাৰ লগতে এগৰাকী কন্যাসহ দুজন যুৱক আহত হয়।

যুদ্ধবিৰতিৰ পিছতো গুলীচালনা

যুদ্ধবিৰতিৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে ভাৰত আৰু পাকিস্তান। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ঘোষণা কৰে যে শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে স্থল, আকাশ আৰু সাগৰত সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ১০ মে’ৰ সন্ধিয়া ৫ বজাত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। ইয়াৰ পিছতো বহু অঞ্চলত গুলীচালনা দেখা গৈছিল। আনহাতে, সেনায়ো ইয়াৰ উপযুক্ত উত্তৰ দিছে। যুদ্ধবিৰতিৰ পিছত জম্মু-কাশ্মীৰৰ বহু অঞ্চলত বজাৰ বন্ধ হৈ থকাৰ লগতে সেনা বাহিনী মোতায়েন কৰা হয়।