শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘তাৰ পৰা যদি গুলী চলে…’, অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল এনে স্পষ্ট নিৰ্দেশনা

ভাৰতীয় সেনাৰ ‘অপাৰেচন সেন্দূৰ’ অভিযান সন্দৰ্ভত এতিয়া পোহৰলৈ আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য। সূত্ৰ অনুসৰি অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছিল এক স্পষ্ট নিৰ্দেশনা। মোদীয়ে সেনাক স্পষ্ট বাৰ্তা দিছিল যে যদি পাকিস্তানৰ পৰা গুলী নিক্ষেপ কৰা হয়, তেতিয়া ভাৰতৰ পৰা গোলা নিক্ষেপ কৰা হ’ব।

‘তাৰ পৰা যদি গুলী চলে…’, অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল এনে স্পষ্ট নিৰ্দেশনা
অপাৰেচন সেন্দূৰ সন্দৰ্ভত মোদীয়ে দিছিল এনে স্পষ্ট বাৰ্তাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 11 May 2025 19:26 PM

পহলগাম আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদীৰ বিপক্ষে আৰম্ভ কৰিছিল অপাৰেচন সেন্দূৰে। এই অভিযানৰ জৰিয়তে ভাৰতে পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীৰ ঘাটিত সফল আক্ৰমণ চলায়। ভাৰতীয় সেনাৰ এই অভিযান সন্দৰ্ভত এতিয়া পোহৰলৈ আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য। সূত্ৰ অনুসৰি অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছিল এক স্পষ্ট নিৰ্দেশনা। মোদীয়ে সেনাক স্পষ্ট বাৰ্তা দিছিল যে যদি পাকিস্তানৰ পৰা গুলী নিক্ষেপ কৰা হয়, তেতিয়া ভাৰতৰ পৰা গোলা নিক্ষেপ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ এনে নিৰ্দেশনা পাক বিমান ঘাটিত আক্ৰমণৰ টাৰ্নিং পইণ্ট আছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে স্পষ্ট কৰি দিছিল যে যদি পাকিস্তানে আক্ৰমণ কৰে, তেতিয়া ভাৰতে তীব্ৰ প্ৰতিশোধ ল’ব। আৰু ইয়াৰ পিছতে অপাৰেচন সেন্দূৰৰ অধীনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যাপক প্রতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ৬-৭ মে’ৰ মাজনিশা পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰি ধ্বংস কৰিছিল। ভাৰতে একেলগে ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিল।

এই আক্ৰমণত প্ৰায় ১০০ সন্ত্ৰাসবাদী নিহত হয় বুলি খবৰ প্ৰকাশ পাইছিল। ইয়াৰ পিছত ৭-৮ মে’ৰ নিশা পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰতে পাকিস্তানৰ আক্ৰমণ বিফল কৰে। ইয়াৰ পিছতো পাকিস্তানে এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে ভাৰতীয় সেনাই এই আক্ৰমণক ব্যৰ্থ কৰি তোলাৰ সমান্তৰালকৈ পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ে।

এইদৰে বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো ৮-৯ মে’ৰ নিশা পাকিস্তানে পুনৰ এবাৰ ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। পাকিস্তানে জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান, গুজৰাটৰ দৰে ৰাজ্যক কেইবাখনো ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে পাকিস্তানৰ সকলো ড্ৰোন আৰু মিছাইল ধ্বংস কৰে।

ভাৰত আৰু পাকিস্তানৰ মাজত এই যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্বৱ হৈছিল ৭ মে’ৰ পৰা। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদী অত্যন্ত সক্ৰিয় হৈ উঠিছিল। সংঘাতৰ পৰিপ্ৰেক্ষিতত তিনিজন সেনা প্ৰধান তথা চীফ অৱ ডিফেঞ্চ ষ্টাফৰ সৈতে ধাৰাবাহিকভাৱে বৈঠকত মিলিত হৈ আছিল প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই এই অপাৰেচনৰ নাম ‘অপাৰেচন সেন্দূৰ’ ৰাখিছিল বুলিও কোৱা হৈছে।