IPL স্থগিত হোৱাৰ বাবে লোকচানৰ পৰা ৰক্ষা পৰিল আৰ চি বি!

11 MAY 2025

TV9 ASSAM

ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত ৯ মে’ত BCCI- এ এসপ্তাহৰ বাবে IPL স্থগিত ৰাখিছিল। এই সিদ্ধান্তৰ দ্বাৰা লাভৱান হৈছে আৰচিবি।

লাভৱান RCB

RCBৰ অধিনায়ক ৰজত পাটিদাৰ বৰ্তমান আঙুলিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে। কিন্তু প্ৰতিযোগিতা স্থগিত নোহোৱা হ’লে তেওঁ কেইখনমান মেচ খেলিব নোৱাৰিলেহেঁতেন।

অধিনায়কৰ আঘাত

খবৰ অনুসৰি IPL 2025 স্থগিত নোহোৱা হ’লে পাটিদাৰে কমেও দুখন মেচ খেলিব নোৱাৰিলেহেঁতেন৷ কিন্তু প্ৰতিযোগিতাৰ স্থগিৰ ৰখাৰ বাবে তেওঁ কমেও এসপ্তাহৰ সময় পাইছে।

আৰোগ্যৰ সম্ভাৱনা

৩ মে’ত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনত এই আঘাতৰ সন্মুখীন হৈছিল ৰজত পাটিদাৰ। ফিল্ডিং কৰি থাকোঁতে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।

আঘাত

পূৰ্বৰ সূচী অনুসৰি ৯ মে’ত লক্ষ্ণৌৰ বিপক্ষে আৰচিবিৰ মেচ আছিল। এই মেচখনত প্ৰায় অনিশ্চিত হৈ আছিল অধিনায়ক ৰজত পাটিদাৰ।

৯ মে’ত মেচ

এই ছিজনত ৰজত পাটিদাৰে এইপৰ্যন্ত ১১খন মেচত ২৩.৯০ গড়ে ২৩৯ ৰান সংগ্ৰহ কৰিছে। একে সময়তে তেওঁ অধিনায়ক হিচাপেও যথেষ্ট সফল হৈছে।

পাটিদাৰৰ প্ৰদৰ্শন

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে এই ছিজনত এতিয়ালৈকে ১১খন মেচ খেলি ৮খনতে জয়লাভ কৰিছে। বৰ্তমান দলটো পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে।

RCBৰ প্ৰদৰ্শন

পঢ়িবলৈ ক্লিক কৰক 

ফেটি লিভাৰত কেনেধৰণৰ খাদ্য খাব?