যুদ্ধবিৰতিৰ পিছত বিশেষ তিনিটা বিষয়ত ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তান! খোৱাজা আছিফে ক’লে…
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয়, “যদি যুদ্ধবিৰতিই শান্তিৰ পথ মুকলি কৰে তেন্তে ই আদৰণীয় কথা হ’ব।” তেওঁ লগতে কয়, "এতিয়া নিশ্চিতভাৱে কোনো কথা কোৱাটো উচিত নহ'ব"। পাকিস্তানে কয়, "তেওঁলোকে ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে, লগতে নতুন দিল্লীয়েও ইয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছে।"

ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ পিছত পাকিস্তানে দুয়োখন দেশৰ মাজত কিছু জটিল বিষয়ৰ ওপৰত আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে কাশ্মীৰ, সিন্ধু জল চুক্তি আৰু সন্ত্ৰাসবাদ ভাৰতৰ সৈতে মূল বিষয় হৈয়ে আছে আৰু চুবুৰীয়া দেশখনৰ সৈতে ভৱিষ্যতে যিকোনো আলোচনা কৰিব পৰা যাব।
স্থল, বায়ু আৰু সাগৰত সকলো ধৰণৰ সামৰিক কাৰ্যকলাপ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে শনিবাৰে ভাৰতৰ সৈতে হোৱা চুক্তিৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰীৰ এই বক্তব্য প্ৰকাশ পাইছে। এই বক্তব্যৰ পৰা অনুমান কৰা হৈছে যে পাকিস্তানে নতুন দিল্লীৰ সৈতে বাকী থকা সমস্যাসমূহৰ সমাধান বিচাৰিছে। অৱশ্যে এই জটিল বিষয়সমূহৰ সৈতে জড়িত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে আছিফে । আছিফে কয়, “সিন্ধু জল সন্ধি (আই ডব্লিউ টি), সন্ত্ৰাসবাদ আৰু কাশ্মীৰৰ সৈতে জড়িত মূল বিষয়সমূহ ভৱিষ্যতে ভাৰতৰ সৈতে আলোচনা কৰিব পৰা যাব।” এটা টেলিভিছন চেনেলে আছিফৰ উদ্ধৃতি দি কয়, ‘এই তিনিটা ডাঙৰ বিষয়ৰ ওপৰত দুয়োখন দেশৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে।”
আছিফে কয়, “যদি যুদ্ধবিৰতিই শান্তিৰ পথ মুকলি কৰে তেন্তে ই আদৰণীয় কথা হ’ব।” তেওঁ লগতে কয়, “এতিয়া নিশ্চিতভাৱে কোনো কথা কোৱাটো উচিত নহ’ব”। পাকিস্তানে কয়, “তেওঁলোকে ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে, লগতে নতুন দিল্লীয়েও ইয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছে।” আছিফে কয়, ‘সময়ৰ লগে লগে শান্তিৰ সুযোগ আহিব পাৰে।” তেওঁ আৰু কয়, “আমি আশা কৰিছো যে ভাৰত আৰু বিশেষকৈ ইয়াৰ নেতৃত্বই কেতিয়াবা দলীয় স্বাৰ্থতকৈ অঞ্চলটোৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিব।”
আছিফে শান্তিৰ বাবে দুয়োপক্ষৰ পৰা সমান পদক্ষেপৰ আশা কৰে আৰু ইয়াক এছিয়াৰ প্ৰগতিৰ চাবিকাঠি বুলি অভিহিত কৰে। লগতে তেওঁ চীন, তুৰ্কী, আজাৰবাইজান আৰু উপসাগৰীয় অংশীদাৰ দেশকে ধৰি মূল মিত্ৰ আৰু বন্ধুত্বপূৰ্ণ দেশসমূহৰ পৰা লাভ কৰা কূটনৈতিক সমৰ্থনৰ শলাগ লয়।
লগতে পঢ়ক: তেওঁলোক ‘স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী’…. পাকিস্তানক নতুন নাম দিলে আছাদুদ্দিন ওৱাইছিয়ে