অৰ্থনীতি চলাব নাজানে তেওঁলোকে…. পাকিস্তানক ‘স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী’ আখ্যা আছাদুদ্দিন ওৱাইছিৰ
আছাদুদ্দিন ওৱাইছিয়ে কয়, “তেওঁলোক (পাকিস্তান) স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী। তেওঁলোকে আইএমএফৰ পৰা ১ বিলিয়ন ডলাৰৰ ঋণ লৈছিল। আইএমএফ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি নহয়; তেওঁলোকে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী পুঁজি দিছে।"
অত্যাধিক বেয়াৰ দিশে গতি কৰিছে পাকিস্তানৰ অৰ্থনীতি। দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ বাবে আন দেশৰ ওচৰত হাত পাতিবলৈ বাধ্য হৈছে পাকিস্তান। ইফালে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ১ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য লাভ কৰিছে পাকিস্তানে। ইয়াৰ পাছতে AIMIM ( All India Majlis-e-Ittehadul Muslimeen)ৰ সাংসদ আছাদুদ্দিন ওৱাইছিয়ে পাকিস্তানক কটাক্ষ কৰি “ স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী” বুলি উল্লেখ কৰে।
সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হায়দৰাবাদৰ সাংসদগৰাকীয়ে কয়, “বিশ্বৰ শক্তিশালী দেশসমূহে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ নিষ্ক্ৰিয় কৰাটো নিশ্চিত কৰিব লাগে।” ওৱাইচিয়ে কয়, “ওছামা বিন লাডেনে পাকিস্তানত আশ্ৰয় লৈছিল। পশ্চিমীয়া দেশসমূহে বুজিব লাগে যে পাকিস্তান এখন ব্যৰ্থ ৰাষ্ট্ৰ। প্ৰতিখন দেশেই পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ নিষ্ক্ৰিয় কৰাটো নিশ্চিত কৰিব লাগে। কাৰণ সমগ্ৰ মানৱ সভ্যতাৰ প্ৰতি ই এক ভাবুকি।”