দেহৰ বাবে উপকাৰী গাখীৰ কেঁচাকৈ খোৱা উচিত নে?

11 MAY 2025

TV9 ASSAM

গাখীৰত বহুতো পুষ্টিকৰ উপাদান থাকে, সেয়া আমি সকলোৱে জানো। পিছে এই পুষ্টিকৰ খাদ্য গাখীৰ আমি কেঁচাকৈ খোৱা উচিত হয়নে?

গাখীৰ

গাখীৰ কেঁচাকৈ খালে সকলো পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াত ভিটামিন ডি, বি ১২, প্ৰটিন, কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম থাকে।

পুষ্টিকৰ উপাদান

গাখীৰ খালে দাঁত, হাড়, নখ, চুলি মজবুত হোৱাৰ লগতে পেশীবোৰো সুস্থ কৰি ৰাখে আৰু শৰীৰত শক্তি বজাই ৰাখে। শিশুৰ বাবে গাখীৰ অতি প্ৰয়োজনীয়।

বহু উপকাৰ

আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে পেষ্টুৰাইজ কৰা বাবে পেকেটত ভৰোৱা গাখীৰ কেঁচাকৈ খাব পাৰি, কিন্তু গৰু, ম’হ আৰু ছাগলীৰ গাখীৰ কেঁচাকৈ খাব নালাগে।

কেঁচা গাখীৰ

গৰু, ম’হ আৰু ছাগলীৰ গাখীৰত Salmonella, E. coli, Listeria আদি ক্ষতিকাৰক বেক্টেৰিয়া থাকে, যিসমূহে ব্যক্তিৰ দেহত ৰোগ সৃষ্টি কৰিব পাৰে।

কিয় নাখাব?

যদিও কেঁচা গাখীৰ সকলোৱে পৰিহাৰ কৰিব লাগে, তথাপি শিশু, বৃদ্ধ আৰু গৰ্ভৱতী মহিলাই বিশেষকৈ কেঁচা গাখীৰ কেতিয়াও খাব নালাগে।

মনত ৰাখিব

কেঁচা গাখীৰ ছালৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ছাল পৰিষ্কাৰ কৰাত, কোমল তথা উজ্জল কৰাত ই অতি ফলপ্ৰসূ, সেয়েহে কেঁচা গাখীৰ মুখত বিভিন্ন ধৰণে প্ৰয়োগ কৰিব পাৰি।

ছালৰ যত্ন

পঢ়িবলৈ ক্লিক কৰক 

IPL স্থগিত হোৱাৰ বাবে ৰক্ষা পৰিল আৰ চি বি!