India Pakistan Tension: ‘সঠিক সময়ত গম পাব…’ এক্সত বায়ুসেনাৰ পৰামৰ্শমূলক পোষ্ট
India Pakistan Tension: কথা দিও কথা ৰখা নাই পাকিস্তানে। যুদ্ধবিৰতি চুক্তি ঘোষণা হোৱাৰ ৩ ঘণ্টাৰ ভিতৰতে পাকিস্তানী সেনাই ৰাতিৰ আন্ধাৰত ভাৰতৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণ চলায়। ভাৰতীয় বায়ুসেনাই এই পোষ্টটো সেই কথাৰ বাবেই দিছে।
কথা দিও কথা ৰখা নাই পাকিস্তানে। যুদ্ধবিৰতি চুক্তি ঘোষণা হোৱাৰ ৩ ঘণ্টাৰ ভিতৰতে কৰে আক্ৰমণ। নিশাৰ আন্ধাৰৰ সুযোগ লৈ পাকিস্তানী সেনাই ভাৰতৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণ চলায়। শুনা যায় তীব্ৰ বন্দুকৰ শব্দ। কিন্তু সেই প্ৰচেষ্টাও ভাৰতীয় সেনাই বিফল কৰি পেলালে। ইয়াৰ মাজতে ভাৰতীয় বায়ুসেনাৰ পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
ভাৰতীয় বায়ুসেনাই দেওবাৰে এক্সৰ জৰিয়তে এটা পোষ্ট দিয়ে। সেই পোষ্টটোত লিখিছে, “ভাৰতীয় বায়ুসেনাই অপাৰেচন সেন্দুৰত নিযুক্তি দিয়া সকলো কাম সফলতাৰে, সঠিক আৰু পেছাদাৰীভাৱে সম্পূৰ্ণ কৰিছে। ৰাষ্ট্ৰৰ উদ্দ্যেশ্য়ৰ সৈতে সংগতি ৰাখি সুনিশ্চিত আৰু বিচক্ষণতাৰে অভিযানটো চলোৱা হৈছে।”
লগতে বায়ুসেনাই লিখিছে, “এয়াই শেষ নহয়, অভিযান এতিয়াও চলি আছে, সেয়েহে সময়মতে বিতং তথ্য দিয়া হ’ব। IAF এ সকলোকে জল্পনা-কল্পনা আৰু ভুৱা তথ্য প্রচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।”
অৰ্থাৎ ভাৰত-পাক উত্তেজনাৰ বিষয়ে বিয়পি পৰা ভুৱা তথ্য নুশুনিবলৈ বাৰে বাৰে সকীয়াই দিছে সামৰিক বাহিনী আৰু প্ৰশাসনে। এইবাৰ বায়ুসেনাৰ পোষ্টতো একেই ইংগিত পোৱা গ’ল।