5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

J-K Assembly Election: জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ২৭৯জন প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন, ভোটাৰৰ সংখ্যা কিমান?

তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন ২০২৪ । ১৮ ছেপ্টেম্বৰত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । প্ৰথম পৰ্যায়ত সাতখন জিলাৰ ২৪টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। যাৰ বাবে ২৭৯জন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে।

J-K Assembly Election:  জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ২৭৯জন প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন, ভোটাৰৰ সংখ্যা কিমান?
জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 28 Aug 2024 10:27 AM

১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ । যাৰ বাবে ৭খন জিলাৰ ২৪টা বিধানসভা সমষ্টিত প্ৰায় ২৭৯ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ২৭ আগষ্টত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ বিষয়ে তথ্য দিয়া হৈছে।

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত মুঠ ৭২জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তদুপৰি পুলৱামা জিলাত ৫৫জন, ডোডা জিলাৰ ৪১জন, কিষ্টৱাৰ জিলাৰ ৩২জন, শ্বপিয়ান জিলাৰ ২৮জন, কুলগাম জিলাৰ ২৮জন আৰু ৰামবান
জিলাত ২৩ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। জম্মুৰ অন্তৰ্গত কিষ্টৱাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে মুঠ ১৩জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে, ৪৮ ইন্দৰৱাল বিধানসভা সমষ্টিৰ ১১জন আৰু কিষ্টৱাৰ বিধানসভা সমষ্টিৰ ৪৯জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। আনহাতে ৮ জন প্ৰাৰ্থীয়ে ৫০ পদদাৰ-নাগচেনী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে।

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১১.৭৬ লাখ পুৰুষ, ১১.৫১ লাখ মহিলা আৰু তৃতীয় লিংগৰ ৬০জন ভোটাৰকে ধৰি মুঠ ২৩.২৭ লাখতকৈও অধিক ভোটাৰ আছে। ইয়াৰ ভিতৰত ৫.৬৬ লাখ যুৱ ভোটাৰ আছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২০ আগষ্টত জাননী জাৰী কৰা হৈছিল। য’ত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ২৭ আগষ্ট আবেলি ৩ বজাত।

মনোনয়ন পত্ৰসমূহ ২৮ আগষ্টত সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াসকলৰ দ্বাৰা পৰীক্ষা কৰা হ’ব। প্ৰাৰ্থীসকলে ৩০ আগষ্টৰ আবেলি৩ বজাৰ ভিতৰত ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰে। এতিয়া এইবাৰ জম্মু-কাশ্মীৰত কাৰ ৰণনীতি অধিক ফলপ্ৰসূ হ’ব এয়া এক লক্ষণীয় বিষয় হ’ব। কিয়নো এইবাৰ বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ গৈ থকাৰ সময়তে কংগ্ৰেছেও নেচনেল কনফাৰেন্সৰ সৈতে হাত মিলাইছে।

Latest News