স্বাধীনতা দিৱসৰ পূৰ্বে অশান্ত জম্মু-কাশ্মীৰ, উগ্ৰপন্থীৰে সংঘৰ্ষত শ্বহীদ সেনা বিষয়া
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ । প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডাত ভাৰতীয় সেনা আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হয় । এই সংঘৰ্ষত এগৰাকী সেনা বিষয়া শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ নাগৰিক আৰু এজন উগ্ৰপন্থী আহত হৈছে ।
![স্বাধীনতা দিৱসৰ পূৰ্বে অশান্ত জম্মু-কাশ্মীৰ, উগ্ৰপন্থীৰে সংঘৰ্ষত শ্বহীদ সেনা বিষয়া স্বাধীনতা দিৱসৰ পূৰ্বে অশান্ত জম্মু-কাশ্মীৰ, উগ্ৰপন্থীৰে সংঘৰ্ষত শ্বহীদ সেনা বিষয়া](https://images.assamtv9.com/uploads/2024/08/jk-1.jpg?w=1280)
১৫ আগষ্ট বৃহস্পতিবাৰে সমগ্ৰৰ দেশবাসীয়ে পালন কৰিব স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ । প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডাত ভাৰতীয় সেনা আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হয় । এই সংঘৰ্ষত এগৰাকী সেনা বিষয়া শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ নাগৰিক আৰু এজন উগ্ৰপন্থী আহত হৈছে ।
সেনাৰ সূত্ৰ অনুসৰি, জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ আছাৰ অঞ্চলত উগ্ৰপন্থীৰ বিৰুদ্ধে এক অভিযান চলোৱা হৈছিল । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শিৱগড়-আছাৰ বেল্টৰ অৰণ্যত চাৰিটা উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল । ইয়াৰ পাছতে সেই অঞ্চলত বুধবাৰে অভিযান চলাইছিল ভাৰতীয় সেনাই ।
মঙলবাৰে বিয়লি গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰে সেনাই । আজি পুৱাৰে পৰা আৰম্ভ হোৱা অভিযানত নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে এটা এম-৪ এছাল্ট ৰাইফল। এই ৰাইফলটো আমেৰিকাত নিৰ্মিত বুলি সেনাৰ সূত্ৰই সদৰী কৰিছে । ইয়াৰ উপৰিও সেনাই বহু নথি-পত্ৰ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত দুই জোৱান শ্বহীদঃ শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰীৰ
স্বাধীনতা দিৱসৰ পূৰ্বে উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে উদ্বেগ বৃদ্ধি কৰিছে। এই সংঘৰ্ষ সংঘটিত হোৱাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যোৱা ১১ আগষ্টত দক্ষিণ কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত দুগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে চাৰিজন জোৱান আহত হয়। অনন্তনাগৰ এক বনাঞ্চলত অভিযানৰ সময়ত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ এটা দলে গুলীচালনা কৰাৰ ফলতে প্ৰাণ হেৰুৱায় জোৱান কেইজনে।
লগতে পঢ়ক: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই সন্ত্ৰাসবাদী নিহত
![8th pay commision: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে কপাল ফুলিব নেকি অসম চৰকাৰৰ কৰ্মচাৰীৰো ? 8th pay commision: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে কপাল ফুলিব নেকি অসম চৰকাৰৰ কৰ্মচাৰীৰো ?...](https://images.assamtv9.com/uploads/2025/01/Untitled-design-14.jpg?w=400)
![মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে? মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে?...](https://images.assamtv9.com/uploads/2025/01/Kisan-Credit-Card-2-1.jpg?w=400)
![কেৱল গৰম দিনতে নহয়, শীতকালতো এলোভেৰাৰ ৰস পান কৰি সুস্থ হৈ থাকিব পাৰে আপুনি ! জানি লওক গুণাগুণ কেৱল গৰম দিনতে নহয়, শীতকালতো এলোভেৰাৰ ৰস পান কৰি সুস্থ হৈ থাকিব পাৰে আপুনি ! জানি লওক গুণাগুণ...](https://images.assamtv9.com/uploads/2024/07/aloe-vera-gel-2.webp?w=400)
![বাৰ শতাধিক পদৰ বাবে আবেদনৰ আজিয়েই অন্তিম দিনঃ এতিয়াই কৰক আবেদন…. বাৰ শতাধিক পদৰ বাবে আবেদনৰ আজিয়েই অন্তিম দিনঃ এতিয়াই কৰক আবেদন…....](https://images.assamtv9.com/uploads/2025/01/Job-1.jpg?w=400)