শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতৰ বিৰুদ্ধে ‘ফিদায়ীন স্কোৱাড’ গঠন জইছ-ই-মহম্মদৰ, অনলাইনযোগে সংগ্ৰহ কৰিছে দান-বৰঙণি

লালকিল্লা বিস্ফোৰণৰ তদন্তকাৰী সংস্থাসমূহে আৱিষ্কাৰ কৰিছে যে এই বছৰ পাকিস্তানত আত্মঘাতী আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল। সূত্ৰ অনুসৰি এই সন্দৰ্ভত সংস্থাসমূহে চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছে। ভাৰতৰ বিৰুদ্ধে আত্মঘাতী বোমাৰুৰ গোট গঠনৰ বাবে ধন সংগ্ৰহ অব্যাহত ৰাখিছে জইছ-ই-মহম্মদে।

ভাৰতৰ বিৰুদ্ধে ‘ফিদায়ীন স্কোৱাড’ গঠন জইছ-ই-মহম্মদৰ, অনলাইনযোগে সংগ্ৰহ কৰিছে দান-বৰঙণি
মাছুদ আজহাৰ
raj-saikia
Raj Saikia | Published: 19 Nov 2025 12:16 PM

দিল্লী বিস্ফোৰণৰ পাছত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ তথা পৰিকল্পনাৰ বিভিন্ন তথ্য পোহৰলৈ আহিছে। এই বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খাইছিল অপাৰেচন সেন্দূৰৰ সময়ত ভাৰতীয় সেনাই মোক্ষম আঘাত হনা জইছ-ই-মহম্মদৰ। ভাৰতৰ বিৰুদ্ধে আত্মঘাতী বোমাৰুৰ গোট গঠনৰ বাবে ধন সংগ্ৰহ অব্যাহত ৰাখিছে সংগঠনটোৱে।

সূত্ৰ অনুসৰি জইছ-ই-মহম্মদে ডিজিটেল হাৱালাৰ সুবিধাৰ বাবে পাকিস্তানী ডিজিটেল এপ সাদাপেৰ দৰে ৱালেটৰ জৰিয়তে অনুদান গ্ৰহণ কৰাৰ লগতে নিজৰ কাম-কাজৰ বাবে ধন সংগ্ৰহ কৰাৰ কথা ঘোষণা কৰিছে। জইছ-ই-মহম্মদে মহিলা গোটৰ বাবে তুহফাত উল মমিনাত নামৰ অনলাইন পাঠ্যক্ৰমো আৰম্ভ কৰিছে।

লালকিল্লা বিস্ফোৰণৰ তদন্তকাৰী সংস্থাসমূহে আৱিষ্কাৰ কৰিছে যে এই বছৰ পাকিস্তানত আত্মঘাতী আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল। সূত্ৰ অনুসৰি এই সন্দৰ্ভত সংস্থাসমূহে চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছে। লালকিল্লা বিস্ফোৰণৰ ১৫ দিন পূৰ্বে অক্টোবৰ মাহৰ শেষ সপ্তাহত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে তুহফাত উল মমিনাত নামৰ অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰে।

মহিলাৰ বাবে প্ৰস্তুত কৰা এটা পাঠ্যক্ৰম

এই পাঠ্যক্ৰমটো বিশেষভাৱে মহিলাসকলৰ বাবে ডিজাইন কৰা হৈছিল। তদন্তকাৰী সংস্থাটোৰ ভিতৰৰ সূত্ৰই জনোৱা মতে, এই অনলাইন পাঠ্যক্ৰমৰ উদ্দেশ্য আছিল ধৰ্মীয় আৰু জেহাদী প্ৰশিক্ষণ প্ৰদানৰ লগতে সংস্থাটোৰ কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰা। সূত্ৰ অনুসৰি দিল্লী বিস্ফোৰণৰ গোচৰত ওমৰৰ ভিডিঅ’ই উন্মেষ ঘটাইছে আন এক গুৰুত্বপূৰ্ণ তথ্যৰ। আক্ৰমণৰ ঠিক আগতেই ডাঃ ওমৰ পুলৱামা ঘৰলৈ গৈছিল।

আত্মঘাতী আক্ৰমণৰ ন্যায্যতা প্ৰদান কৰা ভিডিঅ’

ডাঃ ওমৰৰ হাতত দুটা ফোন আছিল। ভায়েকক এটা দি দিলে, তেওঁৰ বিষয়ে কিবা খবৰ আহিলে পেলাই দিবলৈ ক’লে। এই ফোনটো ডাঃ ওমৰে ​​২৬ অক্টোবৰৰ পৰা ২৯ অক্টোবৰৰ ভিতৰত ভাতৃ জাহুৰ ইলাহীক দিছিল। ওমৰৰ সহযোগীক গ্ৰেপ্তাৰৰ খবৰ পাই জাহুৰে ফোনটো তেওঁলোকৰ ঘৰৰ ওচৰৰ পুখুৰী এটাত পেলাই দিলে।

এই ফোনটো পিছত নিৰাপত্তা সংস্থাই উদ্ধাৰ কৰে। এই ফোনটোৰ পৰাই উমৰৰ আত্মঘাতী আক্ৰমণৰ ভিডিঅ’ উদ্ধাৰ কৰে নিৰাপত্তা সংস্থাই। এই ভিডিঅ’টোত ওমৰ নবীয়ে আত্মঘাতী আক্ৰমণৰ কথা প্ৰকাশ কৰিছে। দিল্লীৰ লালকিল্লাৰ সমীপত তেওঁ i20 গাড়ীৰে আত্মঘাতী আক্ৰমণ সংঘটিত কৰে।