শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেন্দ্ৰীয় চৰকাৰৰ পৰা আপুনিও পাব পাৰে ২৫ লাখ টকাৰ পুৰস্কাৰ! এতিয়াই কৰক পঞ্জীয়ন

যোগাসনৰ সৈতে জড়িত লোকসকলৰ বাবে এক সুখবৰ। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ৰ সন্মানীয় প্ৰধানমন্ত্ৰী যোগ বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই বঁটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু সংস্থাক প্ৰদান কৰা হয়।

কেন্দ্ৰীয় চৰকাৰৰ পৰা আপুনিও পাব পাৰে ২৫ লাখ টকাৰ পুৰস্কাৰ! এতিয়াই কৰক পঞ্জীয়ন
প্ৰধানমন্ত্ৰী যোগ বঁটা
Monjit Dutta
Monjit Dutta | Published: 17 Feb 2025 10:05 AM

যোগাসনৰ সৈতে জড়িত লোকসকলৰ বাবে এক সুখবৰ। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ৰ সন্মানীয় প্ৰধানমন্ত্ৰী যোগ বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই বঁটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু সংস্থাক প্ৰদান কৰা হয়। এই বঁটাসমূহ ৪টা শাখাত প্ৰদান কৰা হ’ব, ভাৰতীয় নাগৰিক আৰু প্ৰতিষ্ঠানসমূহৰ বাহিৰেও বিদেশী ব্যক্তি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাসমূহকো এই বঁটা প্ৰদান কৰা হ’ব।

বঁটা বিজয়ীসকলে ভাৰত চৰকাৰৰ পৰা ট্ৰফী, প্ৰমাণ পত্ৰ আৰু ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰিব। প্ৰতিবছৰে ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এইবাৰ ১১ সংখ্যক যোগ দিৱস পালন কৰা হ’ব আৰু এই দিনটোতে এইবাৰৰ প্ৰধানমন্ত্ৰী যোগ বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হ’ব। যিকোনো শিতানত যৌথ বিজয়ী থাকিলে বিজয়ীসকলৰ মাজত বঁটা বাটোৱাৰা কৰা হ’ব।

প্ৰধানমন্ত্ৰী যোগ বঁটাৰ উদ্দেশ্য হৈছে যোগৰ ক্ষেত্ৰত অত্যলনীয় অৱদানক সন্মান জনোৱাৰ লগতে ৰোগ প্ৰতিৰোধ, স্বাস্থ্যৰ বিকাশ আৰু জীৱনশৈলীৰ পৰিচালনাৰ ক্ষেত্ৰত যোগৰ ভূমিকা শক্তিশালী কৰা। এই বঁটাসমূহৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰে। যোগৰ বিকাশ আৰু প্ৰসাৰত অমূল্য অৱদানক স্বীকৃতিৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ হিচাপে বিবেচিত হয় এই বঁটা।

এই বঁটাৰ বাবে আবেদন কৰা ব্যক্তিজনৰ বয়স ৪০ বছৰ বা তাতকৈ অধিক হ’ব লাগিব আৰু যোগাসনৰ প্ৰচাৰৰ ক্ষেত্ৰত কমেও ২০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। MyGov প্লেটফৰ্ম (https://innovateindia.mygov.in/pm-yoga-awards-2025/)ৰ জৰিয়তে ৩১ মাৰ্চ তাৰ পূৰ্বে আবেদন আৰু পঞ্জীয়ন পূৰণ কৰিব পাৰিব। এই লিংক আয়ুষ মন্ত্ৰালয়ৰ ৱেবছাইট আৰু ইয়াৰ অন্যান্য অধীনস্থ সংস্থাসমূহৰ ৱেবছাইটতো উপলব্ধ।

সংস্থাসমূহে পোনপটীয়াকৈ বঁটাৰ বাবে আবেদন কৰিব পাৰে বা কোনো আগশাৰীৰ যোগ সংস্থাৰ দ্বাৰা মনোনীত হ’ব পাৰে। প্ৰতিজন আবেদনকাৰী বা মনোনীত ব্যক্তিয়ে প্ৰতি বছৰে মাত্ৰ এটা শিতানত (ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয়) আবেদন কৰিব পাৰিব। আয়ুষ মন্ত্ৰালয়ে গঠন কৰা এখন স্ক্ৰীনিং কমিটীয়ে সকলো আবেদন পৰ্যালোচনা কৰিব আৰু প্ৰতিটো বঁটা শাখাৰ সৰ্বাধিক ৫০টা নামৰ মূল্যায়ন জুৰীক পৰামৰ্শ দিব।

জুৰীত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰা হ’ব। আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, য়ুনানী, সিদ্ধ, সোৱা-ৰিগপা আৰু হোমিঅ’পেথীকে ধৰি চিকিৎসা আৰু স্বাস্থ্যৰ পৰম্পৰাগত ব্যৱস্থাসমূহৰ বিকাশ আৰু প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলোৱাৰ সমান্তৰালকৈ এই ব্যৱস্থাসমূহক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সংযোজিত কৰাৰ বাবেও চেষ্টা চলায়।