শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী তপন কুমাৰ ডেকাৰ কাৰ্যকাল বৃদ্ধি কেন্দ্ৰৰ

পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে চোৰাংচোৱা ব্যুৰো (আই বি)ৰ মুৰব্বীৰ হিচাপে তপন কুমাৰ ডেকাৰ কাৰ্যকাল। ২০২৬ চনৰ জুন মাহলৈকে অতিৰিক্ত এবছৰৰ কাৰ্যকাল প্ৰদান কৰা হৈছে সন্ত্ৰাসবাদ বিৰোধী বিশেষজ্ঞ তপন কুমাৰ ডেকাক ।

পুনৰ চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী তপন কুমাৰ ডেকাৰ কাৰ্যকাল বৃদ্ধি কেন্দ্ৰৰ
তপন কুমাৰ ডেকাImage Credit source: PTI
manas-borah
Manas Borah | Published: 20 May 2025 18:05 PM

চোৰাংচোৱা ব্যুৰো (আই বি)ৰ মুৰব্বীৰ হিচাপে তপন কুমাৰ ডেকাৰ কাৰ্যকাল পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে । ২০২৬ চনৰ জুন মাহলৈকে অতিৰিক্ত এবছৰৰ কাৰ্যকাল প্ৰদান কৰা হৈছে সন্ত্ৰাসবাদ বিৰোধী বিশেষজ্ঞ তপন কুমাৰ ডেকাক । দ্বিতীয়বাৰৰ বাবে বৃদ্ধি কৰা তেওঁ কাৰ্যকালৰ ম্যাদ । হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বেটচৰ ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া ডেকা ২০২২ চনৰ জুন মাহত দুবছৰৰ বাবে আই বি মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিছিল। যোৱা বছৰৰ জুন মাহত তেওঁৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হৈছিল।

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত গঠিত কেবিনেটৰ নিযুক্তি কমিটীয়ে ২০২৫ চনৰ ৩০ জুনৰ পাছত এবছৰৰ বাবে ডেকাক চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক পদৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধিৰ বাবে অনুমোদন জনায় বুলি পাৰ্চ’নেল মন্ত্র্যালয়ৰ নির্দেশনা প্রকাশ কৰা হৈছে ৷ তেওঁৰ বৰ্ধিত কাৰ্যকাল শেষ হোৱাৰ এমাহ পূৰ্বে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, ‘অল ইণ্ডিয়া চাৰ্ভিচেছ (Death cum Retirement Benefits) নিয়মৰ ১৯৫৮ ৰ এফ আৰ 56 (d) আৰু নিয়ম 16(1A)ৰ বিধান শিথিল কৰি তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে।

এই নিয়ম অনুসৰি, কেন্দ্ৰীয় চৰকাৰে “জনস্বাৰ্থ”ত আই বি আৰু গৱেষণা আৰু বিশ্লেষণ শাখা (RAW), কেবিনেট সচিব, গৃহ সচিব আৰু অন্যান্যৰ সেৱাৰ ৬০ বছৰৰ বাহিৰত অৱসৰ ম্যাদ বৃদ্ধি কৰিব পাৰে। তপন কুমাৰ ডেকাক বিশেষকৈ জম্মু-কাশ্মীৰৰ লগতে উত্তৰ-পূব অঞ্চলতো ‘অপাৰেচন’ৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়।

তেওঁ দুটা দশকৰো অধিক সময় আই বিৰ অপাৰেচন উইংৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সন্ত্ৰাসবাদ আৰু ইছলামিক উগ্ৰবাদ সম্পৰ্কীয় গোচৰসমূহ চম্ভালিবলৈ পাকৈত ডেকাই ২০০০ চনত সমগ্ৰ দেশতে ধাৰাবাহিকভাৱে বিধ্বংসী কাৰ্যকলাপৰ আঁৰত থকা সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ বিৰুদ্ধেও অভিযানৰ নেতৃত্ব দিছিল। ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছত ব্যাপক হিংসাৰ পিছত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈও তেওঁক নিজৰ গৃহ ৰাজ্য অসমত নিয়োগ কৰা হৈছিল।