ইণ্ডিগোৰ বিমানত বোমাৰ ভাবুকি! যাত্ৰাপথ সলনি কৰি নাগপুৰত জৰুৰী অৱতৰণ
মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগোৰ এখন বিমানত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। পিছে বিমানখনে কিদৰে আৰু কাৰ পৰা এই ভাবুকি লাভ কৰিলে এই সন্দৰ্ভত কোনো তথ্য এই পৰ্যন্ত প্ৰকাশ পোৱা নাই। ইফালে ভাবুকি পোৱাৰ পিছতে বিমানখনৰ যাত্ৰাপথ সলনি কৰা হয় আৰু জৰুৰীভাৱে নাগপুৰত অৱতৰণ কৰা হয়।
পুনৰ বোমাৰ ভাবুকিয়ে দখল কৰিছে সংবাদ শিৰোনাম। এইবাৰ বোমাৰ ভাবুকি লাভ কৰিছে ইণ্ডিগোৰ এখন বিমানে। মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগোৰ এখন বিমানত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। পিছে বিমানখনে কিদৰে আৰু কাৰ পৰা এই ভাবুকি লাভ কৰিলে এই সন্দৰ্ভত কোনো তথ্য এই পৰ্যন্ত প্ৰকাশ পোৱা নাই। ইফালে ভাবুকি পোৱাৰ পিছতে বিমানখনৰ যাত্ৰাপথ সলনি কৰা হয় আৰু জৰুৰীভাৱে নাগপুৰত অৱতৰণ কৰা হয়।
নাগপুৰত অৱতৰণ কৰাৰ পিছতে বিমানত থকা সকলো যাত্ৰীকে বিমানৰ পৰা নমাই দিয়া হয় আৰু ইয়াৰ পিছতে তাৎক্ষণিকভাৱে সকলো প্ৰয়োজনীয় নিৰাপত্তা পৰীক্ষা কৰা হয়। অৱশ্যে বিমানখনত যাত্ৰা কৰা সকলো যাত্ৰী সুৰক্ষিত হৈ আছে বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে বিগত কিছুদিনমানৰ পৰা বিমানবন্দৰ আৰু চিকিৎসালয়ত বোমা বিস্ফোৰণৰ ভুৱা ভাবুকি পোৱাৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে।
ইয়াৰ পূৰ্বে ১৮ জুনত জয়পুৰ, চেন্নাই, বাৰাণসীকে ধৰি ৪১টা বিমানবন্দৰে ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰিছিল। ইয়াৰ পিছত কেইবা ঘণ্টা ধৰি তদন্ত কৰা হয়। কিন্তু তদন্তত এনে সকলো ভাবুকি মিছা বুলি প্ৰমাণিত হৈছিল। ভুৱা বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে সকলো যাত্ৰীৰ লগতে তেওঁলোকৰ লাগেজ আৰু বিমানসমূহ পৰীক্ষা কৰাটো প্ৰয়োজনীয় হৈ পৰে আৰু ইয়াৰ ফলত বিমানৰ সময়সূচীত ব্যাঘাত জন্মে।
শেহতীয়াকৈ যোৱা ২২ আগষ্টতো মুম্বাইৰ পৰা যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে তিৰুৱনন্তপুৰম বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰা হৈছিল। সেই সময়ত বিমানখনত ১৩৫ জন যাত্ৰী আছিল। তাৰ পূৰ্বেও যোৱা ১৭ জুনত ডুবাই অভিমুখী বিমানত বোমা স্থাপন কৰা বুলি ভুৱা ইমেইল প্ৰেৰণ কৰাৰ অভিযোগত ১৩ বছৰীয়া এটি কিশোৰক দিল্লী বিমানবন্দৰত আটক কৰিছিল কৰ্তৃপক্ষই।
এই ইমেইল পোৱাৰ পিছতে বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ইয়াৰ সমান্তৰালকৈ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ্তো হাই এলাৰ্ট জাৰি কৰা হৈছিল। কেৱল বিমানবন্দৰ বা বিমানেই নহয়, ভুৱা ইমেইলৰ জৰিয়তে মুম্বাইৰ প্ৰায় ৬০খন চিকিৎসালয়লৈও বোমাৰ ভাবুকি প্ৰেৰণ কৰা হৈছিল। মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে ব্যক্তিগত চিকিৎসালয়ৰ লগতে চৰকাৰী চিকিৎসালয়েও এনে ভাবুকি লাভ কৰিছিল।