শ্ৰীনগৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান, ভাঙি গ’ল সন্মুখৰ অংশ, যাত্ৰীৰ মাজত হাহাকাৰ
বেয়া বতৰৰ বাবে শ্ৰীনগৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় এখন ইণ্ডিগ’ বিমানে । অৱশ্যে সকলো যাত্ৰী আৰু ক্ৰু সুৰক্ষিত বুলি জানিব পৰা গৈছে । ভাঙি গ’ল ইণ্ডিগ’ বিমানখনৰ সন্মুখৰ অংশ ।

ইণ্ডিগ’ৰ 6E 2142 নং বিমানখনৰ বেয়া বতৰৰ ফলত সন্মুখৰ অংশৰ যথেষ্ট ক্ষতিসাধন হয় । ইয়াৰ পাছতে শ্ৰীনগৰ বিমানবন্দৰত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। অৱশ্যে সকলো যাত্ৰী আৰু ক্ৰু সুৰক্ষিত বুলি জানিব পৰা গৈছে । বিমানখন জৰুৰীকালীন অৱতৰণ কৰাৰ পাছতে যাত্ৰীসকলৰ মাজত আতংকই বিৰাজ কৰে । ক্ৰুৱে পৰিস্থিতিটো পৰিচালনা কৰিলে যদিও বিমান থকা সকলোৰে বাবে এক ভয়ংকৰ অভিজ্ঞতাৰ সাক্ষী হয় । এজন প্ৰত্যক্ষদৰ্শীয়ে স্থানীয় সংবাদ মাধ্যমক জনাইছে, মই বিমানত আছিলো। মৃত্যুৰ ওচৰৰ অভিজ্ঞতা আছিল। বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হৈছে।
ইণ্ডিগ’ৰ 6E 2142 বিমানখন বেয়া বতৰ (শিলাবৃষ্টি)ৰ সন্মুখীন হয়। ইয়াৰ পিছত জৰুৰীকালীন অৱস্থাত পাইলটে এটিচি এছএক্সআৰ (শ্ৰীনগৰ)লৈ ৰিপ’ৰ্ট কৰে। আৰু বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি, বিমানখনত ২২৭ জন যাত্ৰী আছিল ।
ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ এজন বিষয়াই কয় যে, ‘দিল্লীৰ পৰা শ্ৰীনগৰলৈ যোৱা ইণ্ডিগ’ৰ 6E 2142 বিমানখনে বেয়া বতৰ (শিলাবৃষ্টি) সন্মুখীন হয়, পাইলটে এটিচি এছএক্সআৰ (শ্ৰীনগৰ)ক জৰুৰীকালীন অৱস্থাৰ খবৰ দিয়ে।
বিষয়গৰাকীয়ে জানিবলৈ দিছে যে, সন্ধিয়া ৬.৩০ বজাত বিমানখন নিৰাপদে শ্ৰীনগৰত অৱতৰণ কৰে। তেওঁ কয় যে, সকলো এয়াৰ ক্ৰু আৰু ২২৭ জন যাত্ৰী নিৰাপদ আৰু বিমান সংস্থাটোৱে বিমানখনক এ অ’ জি ঘোষণা কৰিছে। ‘এয়াৰক্ৰাফ্ট অন গ্ৰাউণ্ড’ (AOG) ৰ অৰ্থ হ’ল কাৰিকৰী সমস্যাৰ বাবে মাটিত থকা আৰু উৰণ কৰিব নোৱাৰা বিমান।
ইফালে দিল্লী, কলকাতা আৰু চণ্ডীগড়ত বৰষুণ সন্দৰ্ভত ইণ্ডিগ’য়ে এক পৰামৰ্শ জাৰি কৰিছে। ইণ্ডিগ’য়ে জাৰি কৰা পৰামৰ্শত উল্লেখ কৰা হৈছে যে, দিল্লী, চণ্ডীগড় আৰু কলকাতাত হোৱা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ বাবে বিমান সেৱা প্ৰভাৱিত হৈছে। বিমানবন্দৰলৈ যোৱাৰ আগতে বিমানৰ অৱস্থা নিশ্চয়কৈ পৰীক্ষা কৰক।