শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰায় ৯ গুণ বেছি ! পাকিস্তানৰ তুলনাত ভাৰতৰ সামৰিক ব্যয় কিমান ?

২৮ এপ্ৰিল সোমবাৰে ছুইডেনৰ এটা আগশাৰীৰ থিংক টেংকে প্ৰকাশ কৰা এক অধ্যয়নত দেখা গৈছে যে, ২০২৪ চনত ভাৰতৰ সামৰিক ব্যয় পাকিস্তানৰ তুলনাত প্ৰায় ৯ গুণ বেছি আছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণকলৈ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই অধ্যয়ন কৰা হৈছে ।

প্ৰায় ৯ গুণ বেছি ! পাকিস্তানৰ তুলনাত ভাৰতৰ সামৰিক ব্যয় কিমান ?
ভাৰতীয় যুদ্ধ বিমানImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 30 Apr 2025 16:01 PM

ভাৰতে পাকিস্তানৰ তুলনাত কিমান বেছি সামৰিক ব্যয় কৰে জানেনে ? যোৱা ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পহলগামত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণত ২৬ জনকৈ সাধাৰণ নাগৰিক নিহত নহয় । ইয়াৰে ভিতৰত বেছি সংখ্যক আছিল পৰ্যটক । এই আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰিছে । পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতে । একে সময়তে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক ব্যৱস্থাও গ্ৰহণ কৰিছে ভাৰতে ।

এই উত্তেজনাৰ মাজতে দুয়োখন দেশৰ সামৰিক শক্তিক লৈয়ো চৰ্চা আৰম্ভ হৈছে । ২৮ এপ্ৰিল সোমবাৰে ছুইডেনৰ এটা আগশাৰীৰ থিংক টেংকে প্ৰকাশ কৰা এক অধ্যয়নত দেখা গৈছে যে, ২০২৪ চনত ভাৰতৰ সামৰিক ব্যয় পাকিস্তানৰ তুলনাত প্ৰায় ৯ গুণ বেছি আছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণকলৈ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই অধ্যয়ন কৰা হৈছে ।

ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠান (SIPRI)ৰ তথ্য অনুসৰি, ভাৰতৰ সামৰিক ব্যয় ১.৬ শতাংশ বৃদ্ধি পাই ৮৬.১ বিলিয়ন ডলাৰ হৈছে । ইয়াৰ তুলনাত পাকিস্তানে সামৰিক ব্যয় কৰিছে মাত্ৰ ১০.২ বিলিয়ন ডলাৰ। কোৱা হৈছে যে, বিশ্বৰ শীৰ্ষ পাঁচখন সামৰিক ব্যয় কৰা দেশ হৈছে -আমেৰিকা, চীন, ৰাছিয়া, জাৰ্মানী আৰু ভাৰত । এই দেশ কেইখনে বিশ্বৰ মুঠ ব্যয়ৰ ৬০ শতাংশ সামৰিক ব্যয় কৰে । আটাইকেইখন দেশ একেলগে ধৰিলে মুঠ সামৰিক ব্যয় হয় ১,৬৩৫ বিলিয়ন ডলাৰ।

অধ্যয়নটোত উল্লেখ কৰা হৈছে যে, চীনৰ সামৰিক ব্যয় ৭ শতাংশ বৃদ্ধি পাই আনুমানিক ৩১৪ বিলিয়ন ডলাৰ হৈছে । ‘Trends in World Military Expenditure 2024’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে, এছিয়া আৰু ওচেনিয়াত হোৱা সকলো সামৰিক ব্যয়ৰ ৫০ শতাংশ কমিউনিষ্ট ৰাষ্ট্ৰখনে নিজৰ সামৰিক বাহিনীৰ আধুনিকীকৰণ আৰু চাইবাৰ যুদ্ধৰ ক্ষমতা আৰু পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰৰ সম্প্ৰসাৰণত বিনিয়োগ কৰিছে ।

একেদৰে ৰাছিয়াকে ধৰি ইউৰোপত সামৰিক ব্যয় ১৭ শতাংশ বৃদ্ধি পাই ৬৯৩ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে । ২০২৪ চনত ৰাছিয়াৰ সামৰিক ব্যয় হৈছে আনুমানিক ১৪৯ বিলিয়ন ডলাৰ ।