শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বন্ধ হ’ব পাক-চীনৰ ‘মৌন’ চোৰাংচোৱাগিৰি ! সীমান্তত নিৰীক্ষণ শক্তিশালী কৰিবলৈ আহি আছে ‘অশ্বিনী’

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ সৈতে কেইবা কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে। জানিব পৰা মতে, দেশৰ আগশাৰীৰ প্ৰতিৰক্ষা গৱেষণা সংস্থা DRDO ৰ সহযোগী প্ৰতিষ্ঠান BELৰ পৰা মুঠ ১৮ টা LLTR (Low Level Transportable Radar) ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

বন্ধ হ’ব পাক-চীনৰ ‘মৌন’ চোৰাংচোৱাগিৰি ! সীমান্তত নিৰীক্ষণ শক্তিশালী কৰিবলৈ আহি আছে ‘অশ্বিনী’
অশ্বিনী ৰাডাৰ
Manas Borah
Manas Borah | Published: 19 Mar 2025 13:55 PM

ভাৰতৰ চাৰিওফালে যেন শত্ৰুৰ অৱস্থান ! এই শত্ৰুৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ ‘অশ্বিনী ৰাডাৰ’ ক্ৰয় কৰিব ভাৰতে।শেহতীয়াকৈ কোৱা হৈছে যে, ৰাজনৈতিক অস্থিৰতাই সলনি বাংলাদেশো এক প্ৰকাৰে ভাৰতৰ শত্ৰু হিচাপে পৰিগণিত হৈছে । একেদৰে ভাৰতৰ সৈতে মতানৈক্য থকা চীনেও সামৰিক আবণ্টন বৃদ্ধি কৰি বায়ুসেনা আৰু নৌসেনাক শক্তিশালী কৰি তুলিছে। এই সকলোবোৰ শত্ৰুৰ মাজত কাৰ্যতঃ ‘চিৰন্তন শত্ৰু’অৱস্থানত আছে পাকিস্তান।

সময়ৰ লগে লগে প্ৰতিখন দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অতি আধুনিক হৈ গৈ আছে। সকলো দেশেই প্ৰতিৰক্ষা বিভাগত ড্ৰ’ন প্ৰযুক্তি অন্তৰ্ভু্ক্ত কৰিছে । আন্তঃৰাষ্ট্ৰীয় সীমা উলংঘা কৰাৰ বাবে এই ড্ৰ’ন এক উত্তম আহিলা হৈ পৰিছে চীন, পাকিস্তান আৰু বাংলাদেশৰ সেনাবাহিনীৰ। দৰাচলতে বাংলাদেশৰ নেতৃত্ব সলনি হোৱাৰ পিছৰে পৰা ‘চিকেনছ নেক’ৰ আশে-পাশে শত্ৰুৰ বহু ড্ৰ’নৰ অৱস্থান ধৰা পেলাইছে ভাৰতীয় সেনাই । সৰু আকাৰৰ বাবে এই ড্ৰ’নবোৰ প্ৰায়ে সৈনিকৰ দৃষ্টিৰ পৰা সাৰি যায়। আৰু সেই সমস্যা সমাধানৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ সৈতে কেইবা কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে। জানিব পৰা মতে, দেশৰ আগশাৰীৰ প্ৰতিৰক্ষা গৱেষণা সংস্থা DRDO ৰ সহযোগী প্ৰতিষ্ঠান BELৰ পৰা মুঠ ১৮ টা LLTR (Low Level Transportable Radar) ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে । ইয়াৰ বাবে মুঠ ২ হাজাৰ ৯০৬ কোটি টকা খৰচ কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ে

এই LLTR কি?

ই এক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। যিয়ে কম উচ্চতাত যিকোনো বিমান, ড্ৰ’ন, মিছাইল ধৰা পেলাব পাৰে। শত্ৰু ৰাষ্ট্ৰসমূহে সীমান্ত অঞ্চলত সেনাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ ড্ৰ’ন ব্যৱহাৰ কৰে। সেই সমস্যাটো অতিক্ৰম কৰিবলৈ এই নতুন এল এল টি আৰ অনা সিদ্ধান্ত লৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, এই এল এল টি আৰৰ নাম ‘অশ্বিনী’। যিয়ে সাতৰ পৰা আঠ কিলোমিটাৰ দূৰত্বৰ পৰা অনায়াসে ড্ৰ’ন, বিমান, ক্ষেপণাস্ত্ৰ চিনাক্ত কৰিব পাৰে। এই ব্যৱস্থাই সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।